ETV Bharat / bharat

Covaxineৰ চূড়ান্ত পৰ্যায়ৰ মানৱ পৰীক্ষণৰ বাবে স্বেচ্ছাসেৱী লাভত ব্যৰ্থ AIIMS

author img

By

Published : Dec 20, 2020, 2:15 PM IST

Covaxine ক লৈ দেশজুৰি চলি থকা উৎসুকতাৰ মাজতে কোনো ব্যক্তিয়ে স্বেচ্ছাই এই ভেকচিন গ্ৰহণৰ বাবে আগবাঢ়ি অহা নাই ৷ কাৰণ তেওঁলোকে ভাৱে যে, অতিশীঘ্ৰে পৰীক্ষণমূলক ভেকচিন ৰাইজৰ মাজত উপলব্ধ হ’ব ৷

as_ntl_aiims-not-getting-volunteers-for-the-final-stage-human-trial-of-covaxine_img
Covaxineৰ চূড়ান্ত পৰ্যায়ৰ মানৱ পৰীক্ষণৰ বাবে স্বেচ্ছাসেৱী লাভত ব্যৰ্থ AIIMS

নশ্যনেল ডেস্ক,20 ডিচেম্বৰ: Covaxineৰ তৃতীয় পৰ্যায়ৰ মানৱ পৰীক্ষণৰ বাবে স্বেচ্ছাসেৱী লাভ কৰাত ব্যৰ্থ হৈছে ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান ৷ ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ আৰু ভাৰত বায়’টেকৰ সৈতে মিলিত হৈ ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানে দেশীয়ভাৱে প্ৰস্তুত কৰি উলিয়াইছিল কৰ’ণাৰ ভেকচিন ‘Covaxine’ ৷

Covaxine ক লৈ দেশজুৰি চলি থকা উৎসুকতাৰ মাজতে কোনো লোকেই স্বেচ্ছাই এই ভেকচিন গ্ৰহণৰ বাবে আগবাঢ়ি অহা নাই ৷ কাৰণ তেওঁলোকে ভাৱে যে, অতিশীঘ্ৰে পৰীক্ষণমূলক ভেকচিন ৰাইজৰ মাজত উপলব্ধ হ’ব ৷

ইতিমধ্যে এই ভেকচিনৰ মানৱ পৰীক্ষণ দেশৰ 12খনকৈ ঠাইত চলোৱা হৈছে ৷ ইয়াৰ ভিতৰত দিল্লীৰ ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত চলোৱা মান পৰীক্ষণ Covaxinৰ চূড়ান্ত পৰীক্ষণ বুলি ব্যক্তি কৰিছে ৷ এই কাৰ্যৰ বাবে অতি কমেও 1500 স্বেচ্ছাসেৱীৰ প্ৰয়োজন কিন্তু এই কাৰ্যৰ বাবে কেৱল 200 গৰাকী স্বেচ্ছাসেৱীহে আগবাঢ়ি আহিছে ৷ এই প্ৰতিক্ৰিয়াক লৈ সন্তুষ্ট নহয় প্ৰতিষ্ঠানটোৰ Human Trial Coordinator Community Medicine বিভাগৰ অধ্যাপক ডাঃ সঞ্জয় ৰায় ৷

যেতিয়ালৈকে এই ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পূৰ্ণ নহয় তেতিয়ালৈকে ইয়াৰ সুৰক্ষা আৰু কাৰ্যক্ষমতাৰ ডাটা সম্পূৰ্ণ হৈ নঠিব ৷ এনে পৰিস্থিতিত কৰ্তৃপক্ষই সাধাৰণ লোকৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান নকৰিব ৷ ফলত এই ভেকচিন ৰাইজৰ মাজলৈ অহাত আৰু পলম হ’ব ৷

লগতে পঢ়ক-গোৱাৰ মুক্তি দিৱসৰ উপলক্ষ্যে শ্বহীদ স্মাৰকত ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.