ETV Bharat / bharat

পোলাচী যৌন নিৰ্যাতনৰ ৩ অভিযুক্তক গ্ৰেপ্তাৰ চিবিআইৰ

author img

By

Published : Jan 6, 2021, 4:54 PM IST

পোলাচী যৌন নিৰ্যাতনৰ ৩ অভিযুক্তক গ্ৰেপ্তাৰ চি বি আইৰ
পোলাচী যৌন নিৰ্যাতনৰ ৩ অভিযুক্তক গ্ৰেপ্তাৰ চি বি আইৰ

২০১৯ চনত ৮ জনীয়া এটা দলে ১৯ বছৰীয়া এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলাইছিল । বুধবাৰে AIADMKৰ অৰুণান্দাম আৰু তেওঁৰ দুই সতীৰ্থক চিবিআইয়ে গ্ৰেপ্তাৰ কৰে । ২০১৯ চনৰ মে' মাহত পাঁচ অভিযুক্তক চিবি-চিআইডিয়ে গ্ৰেপ্তাৰ কৰে ।

নেশ্যনেল ডেস্ক, ৬ জানুৱাৰী: অৱশেষত ন্যায় পোৱাৰ দিশে এগৰাকী যুৱতী । সুদীৰ্ঘ এবছৰ উকলি যোৱাৰ পাচত ন্যায়ৰ দিশে যুৱতীগৰাকী । তামিলনাডুৰ পোলাচীত ২০১৯ চনত এগৰাকী ১৯ বছৰীয়া যুৱতীক ৰাজ্যখনৰ আঞ্চলিক দল AIADMKৰ এগৰাকী কাৰ্যকৰ্তাসহ ৮ জনীয়া এটা দলে যৌন নিৰ্যাতন চলাইছিল । বুধবাৰে AIADMKৰ অৰুণান্দাম আৰু তেওঁৰ দুই সতীৰ্থক চিবিআইয়ে গ্ৰেপ্তাৰ কৰে । প্ৰথমে অভিযুক্ত কেইজনক মহিলা আদালতত নিয়া হয় আৰু পৰৱৰ্তী সময়ত আদালতে আটাইকেইজনকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । এই ঘটনাৰে জৰিত পাঁচ অভিযুক্তক পূৰ্বেই চিবি-চিআইডিয়ে গ্ৰেপ্তাৰ কৰে । ২০১৯ চনৰ মে' মাহত এই পাঁচ অভিযুক্তৰ বিৰুদ্ধে অভিযোগ পত্ৰও দাখিল কৰা হয় ।

মন কৰিবলগীয়া যে, পূৰ্বে চিবি-চিআইডিয়ে এই ঘটনাৰ অনুসন্ধান প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল । পৰৱৰ্তী সময়ত চিবিআইয়ে অনুসন্ধান চলায় ।

উল্লেখ্য যে, ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ১৯ বছৰীয়া এগৰাকী যুৱতীয়ে আৰক্ষীক জনোৱা অভিযোগ অনুসৰি, যুৱতীগৰাকীক ৮ জনীয়া এটা দলে গাড়ীৰ ওচৰলৈ টানি নি কাপোৰ-কানি আদি ফালি যৌন নিৰ্যাতন চলায় আৰু এই সমগ্ৰ দৃশ্য় অভিযুক্ত কেইজনৰ মোবাইলত বন্দী কৰি ৰাখি যুৱতীগৰাকীক ব্লেকমেইল কৰি আহিছিল । পূৰ্বেও পোলাচীৰ বহু যুৱতী-মহিলাক এনেধৰণৰ অসৎ তথা দুস্কাৰ্য্য সংঘটিত কৰি আহিছিল এই অভিযুক্ত কেইজনে । পাচত ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত তামিলনাডু চৰকাৰে এই সমগ্ৰ ঘটনাৰ তদন্ত চিবি-চিআইডিৰ হাতত প্ৰেৰণ কৰি পৰৱৰ্তী সময়ত চিবিআইৰ হাতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: ডি আৰ ডি অ’ৰ সৈতে MoU চুক্তি স্বাক্ষৰ মহাৰাষ্ট্ৰ মেট্ৰ’ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.