ছোনিয়াৰ কঠোৰ স্থিতিত নেগুৰ পেলালে গেহলট শিবিৰে !

author img

By

Published : Sep 27, 2022, 5:02 PM IST

Updated : Sep 27, 2022, 6:04 PM IST

sonia

"কংগ্ৰেছ সভাপতিৰ কঠোৰ স্থিতিয়ে ফলাফল দেখুৱাইছে । বিদ্ৰোহী বিধায়কসকলে সেও মানিছে । তেওঁলোকৰ বহুতে এআইচিচিৰ নিৰ্দেশ মানিবলৈ ইচ্ছুক । যি কি নহওক, তেওঁলোক দলৰ বিধায়ক ।" নাম প্ৰকাশ নকৰাৰ চৰ্তত ৰাজস্থান সংকট নিয়ন্ত্ৰণৰ সৈতে জড়িত এআইচিচিৰ এজন জ্যেষ্ঠ কৰ্মীয়ে এনেদৰে কয় (AICC functionary managing Rajasthan crisis) ।

নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : কংগ্রেছৰ সভাপতি নির্বাচনক (Congress President Election 2022) লৈ ৰাজস্থানৰ দলীয় সমর্থকসকলৰ বিদ্রোহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে দলৰ অন্তৰ্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে (Sonia Gandhi)৷ তাৰ ফলতে বিবুধিত পৰিবলগা হৈছে ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলট (Ashok Gehlot)৷

কাৰণ ৰাজ্যখনত তেওঁৰ ঘনিষ্ঠ দলীয় বিধায়কসকলে বৰ্তমান এআইচিচিৰ পথ অনুসৰণ কৰাৰ ইংগিত দিছে ৷ মঙলবাৰে দলীয় এক সূত্রই এই দাবী কৰিছে এই কথা । ৰাজস্থানত দলৰ সংকট মোকাবিলাৰ দায়িত্বত থকা নাম প্রকাশত অনিচ্ছুক এআইচিচিৰ শীর্ষ এক বিষয়াই জনাইছে, "কংগ্রেছ সভানেত্রীৰ কঠোৰ অৱস্থানৰ ফল লাভ কৰা হৈছে ৷ বিদ্রোহী বিধায়কসকলৰ বহুতেই এআইচিচিয়ে দেখুওৱা পথতেই আগবাঢ়িব বিচাৰিছে ৷ যিয়েই নহওক তেওঁলোকতো দলৰেই বিধায়ক ৷"

দলৰ পৰৱর্তী সভাপতি পদৰ প্রার্থী আৰু ৰাজস্থানৰ মুখ্যমন্ত্রী হোৱাৰ বাবে গেহলটৰ বিকল্প সন্ধানত ছোনিয়া গান্ধীৰ পৰিকল্পনা বি লৈ যিসকলে কাম কৰিছে, তেওঁলোকে এই মূহুর্তত যথেষ্ট কষ্ট কৰিবলগা হৈছে ৷ আনহাতে, গেহলটৰ ঘনিষ্ঠ আৰু শীর্ষ মন্ত্রী শান্তি ধাৰিৱালে (Shanti Dhariwal) 24 ঘণ্টা পাৰ নৌহওঁতেই সম্পূর্ণ ওলোটা সুৰ গাইছে ৷

গেহলটক মুখ্যমন্ত্রীৰ পদৰ পৰা আঁতৰাবলৈ এআইচিচিৰ যি প্রচেষ্টা, দেওবাৰে তাৰ বিপক্ষত প্ৰশ্ন কৰিছে ধাৰিৱালে ৷ কিন্তু আজি তেওঁ কৈছে, এই সংকট আঁতৰাবলৈ ছোনিয়া গান্ধীয়ে দেখুওৱা পথ অৱলম্বন কৰাৰ বাহিৰে আৰু কোনো উপায় নাই ৷

ৰাজস্থানত কংগ্রেছৰ এই সংকট মোকাবিলাৰ দায়িত্বত থকা চিডব্লিউচিৰ এজন সদস্যই জনাইছে, "বিদ্রোহী নেতাই যদি ইমান সোনকালে তেওঁৰ অৱস্থান সলনি কৰে, তেনেহ'লে অন্যসকলেও তেওঁ দেখুওৱা পথতেই অগ্ৰসৰ হ'ব ৷ যিহেতু তেওঁলোক দলৰ নেতা আৰু কংগ্রেছৰ টিকটতেই নির্বাচিত হৈছে ৷ তেওঁলোকে এইটোও মনত ৰখা উচিত যে যেতিয়া সকলোৱেই শচীন পাইলটৰ কথা কৈছিল, তেতিয়া গেহলটকেই ৰাজস্থানৰ মুখ্যমন্ত্রী পাতিছিল ছোনিয়া গান্ধীয়ে ৷"

কংগ্রেছৰ পৰৱর্তী সভাপতি হোৱাৰ দৌৰত আগবাঢ়ি আছে ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলট ৷ সেয়ে তেওঁৰ পৰিৱর্তে ৰাজস্থান চৰকাৰৰ মুখ্যমন্ত্ৰী কোন হ'ব, তাক লৈ আলোচনা আৰম্ভ হৈছে কংগ্রেছৰ ভিতৰ মহলত ৷ এই পৰিস্থিতিতই ৰাজস্থানৰ পৰৱর্তী মুখ্যমন্ত্রী পদত শচীন পাইলটক দায়িত্ব নিদিয়াৰ দাবীত সৰৱ হৈছে গেহলট শিবিৰ ৷ সোমবাৰে এই কথা জনাইছিল কংগ্রেছ নেতা অজয় মাকেনে ৷

লগতে পঢ়ক :Operation against PFI : দেশজুৰি দ্বিতীয় পৰ্যায়ৰ অভিযান, অসমত গ্ৰেপ্তাৰ ২৫

Last Updated :Sep 27, 2022, 6:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.