ETV Bharat / bharat

Diseases in males: ৩০ বছৰ বয়সৰ পিছত পুৰুষৰ দেহত এই ৪টা ৰোগ হোৱাৰ আশংকা অধিক, লক্ষণ জানি লওক

author img

By

Published : Jun 23, 2023, 5:45 PM IST

বৰ্তমান সময়ত পুৰুষৰ মাজত ডাঙৰ আশংকাবিধ হৈছে হৃদৰোগ । কাৰণ অতি কম বয়সতে বহু পুৰুষ হৃদৰোগৰ বলি হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে । এতিয়া উচ্চ বি পিৰ সমস্যাটো অতি সাধাৰণ হৈ পৰিছে ।

After the age of 30, men are more at risk of these 4 diseases, if you see these symptoms then get treated
৩০ বছৰ বয়সৰ পিছত পুৰুষৰ দেহত এই ৪টা ৰোগ হোৱাৰ আশংকা অধিক, লক্ষণ জানি লওক

এসময়ত ৬০ বছৰ বয়সৰ পিছত মানুহে বিভিন্ন ৰোগত ভুগিবলগীয়া হৈছিল যদিও এতিয়া অতি কম বয়সতে শৰীৰত বহু বেমাৰে শৰীৰত ঘৰ পাতেহি । বিশেষকৈ পুৰুষসকল সহজেই বহু ৰোগৰ কবলত পৰে । এনে হয় কাৰণ ঘৰৰ বাঘজৰী চম্ভালি আনৰ যত্ন লওঁতে মানুহজনে নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈ পাহৰি যায় । এনে পৰিস্থিতিত বহু ৰোগে পুৰুষক আগুৰি ধৰে ।

বিশেষজ্ঞসকলৰ পৰা জানক যে ৩০ বছৰ বয়সৰ পিছত পুৰুষৰ ৰোগৰ আশংকা থাকে আৰু আৰু ইয়াৰ লক্ষণসমূহ জানি লওক ।

চিকিৎসকৰে কয় যে, বৰ্তমান সময়ত পুৰুষৰ মাজত আটাইতকৈ ডাঙৰ বিপদটোৱেই হৈছে হৃদৰোগ । এতিয়া অতি কম বয়সতে বহু পুৰুষ হৃদৰোগৰ বলি হ'বলৈ আৰম্ভ কৰিছে । এতিয়া উচ্চ ৰক্তচাপৰ সমস্যাটো অতি সাধাৰণ হৈ পৰিছে । যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে । এনে পৰিস্থিতিত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী । ইয়াৰ বাবে খাদ্যৰ যত্ন লোৱা আৰু দৈনিক ব্যায়াম কৰাটো প্ৰয়োজনীয় । যদি আপুনি হৃদৰোগৰ সৈতে জড়িত কিছুমান লক্ষণ দেখা পাইছে, তেন্তে লগে লগে চিকিৎসা গ্ৰহণ কৰক ।

ডায়েবিটিছ

আজিকালি ডায়েবেটিছ হৈছে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰোগ । ভাৰততো ইয়াৰ ৰোগীৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰিছে । দুৰ্বল জীৱনশৈলী আৰু জিনীয় কাৰণতো ডায়েবেটিছ হয় । আজিকালি ৩০ বছৰ বয়সৰ পিছত পুৰুষৰ ক্ষেত্ৰত ইয়াৰ ৰোগী বাঢ়িছে । চহৰ অঞ্চলত পৰিস্থিতি ভয়াৱহ হৈ পৰিছে । এনে পৰিস্থিতিত পুৰুষৰ বাবে বৃদ্ধ বয়সত ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো অতি জৰুৰী । ইয়াৰ বাবে ভাল খাদ্য গ্ৰহণ কৰক । মানসিক চাপ গ্ৰহণ নকৰিব আৰু দৈনিক ব্যায়াম কৰক ।

উদ্বেগ আৰু হতাশা

আন ৰোগৰ দৰে উদ্বেগ, হতাশাৰ দৰে মানসিক ৰোগো বৃদ্ধি পাইছে । কৰ্মৰ মানসিক চাপেই হওক বা ব্যক্তিগত জীৱনৰ যিকোনো সমস্যাই হওক, এই সকলোবোৰে মানসিক স্বাস্থ্য নষ্ট কৰে । যাৰ বাবে পুৰুষসকল উদ্বেগ আৰু হতাশাৰ বলি হ’বলৈ আৰম্ভ কৰে । এই ৰোগবোৰ শৰীৰৰ বাবেও অতি বিপজ্জনক । এনে পৰিস্থিতিত পুৰুষে নিজৰ মানসিক স্বাস্থ্যৰো যত্ন লোৱাটো জৰুৰী । যদি আপুনি কোনো মানসিক সমস্যাৰ সন্মুখীন হৈছে, তেন্তে মনোৰোগ বিশেষজ্ঞৰ পৰা চিকিৎসা লওক ।

লগতে পঢ়ক: Disadvantage of White Bread: আপুনিও ব্ৰেকফাষ্টত বগা পাউ ৰুটি খায় নেকি ? তেন্তে এই ৩টা অপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.