ETV Bharat / bharat

মধ্য প্ৰদেশত ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছত আক্ৰান্ত দুজন লোক

author img

By

Published : May 23, 2021, 6:02 PM IST

মধ্য প্ৰদেশত ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছত আক্ৰান্ত দুগৰাকী ৰোগী । গোৱালিয়ৰ আৰু ভূপালত আক্ৰান্ত হয় দুগৰাকী ৰোগী ।

blank fungus
মধ্য প্ৰদেশত ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছত আক্ৰান্ত দুজন লোক

নেশ্যনেল ডেস্ক, ২৩ মে': কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ মাজতে মধ্য প্ৰদেশত ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছৰ ঘটনা । এইবাৰ মধ্য প্ৰদেশত ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছত আক্ৰান্ত দুগৰাকী ৰোগী ধৰা পৰিছে ।

ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছত আক্ৰান্ত এজনৰ গোৱালিয়ৰত চিকিৎসকসকলে সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰে । শেহতীয়াকৈ কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰিছিল লোকজনে ।

ৰাজ্যখনৰ ৰাজধানী ভূপালতো একেধৰণ ঘটনা পোহৰলৈ আহিছে । এজন ৪২ বছৰীয়া লোকৰ শ্বাসনলীত ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছৰ দুয়োটা ধৰা পৰে । ইফালে, মধ্য প্ৰদেশ চৰকাৰে ৰাজ্যখনত ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছ ৰোগ নিৰ্মূল কৰিবলৈ এক অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক: দিল্লীত এসপ্তাহলৈ বৃদ্ধি লকডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.