ETV Bharat / bharat

Adhir Ranjan Chowdhury suspension : লোকসভাৰ পৰা অধীৰ ৰঞ্জন চৌধুৰীৰ নিলম্বন প্ৰত্যাহাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 10:51 PM IST

বুধবাৰে লোকসভাৰ পৰা কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ নিলম্বন বাতিল কৰা হয় ৷ সংসদীয় পেনেলৰ পৰামৰ্শৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

Adhir Ranjan Chowdhurys Suspension From Lok Sabha
লোকসভাৰ পৰা কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ নিলম্বন বাতিল

নিউজ ডেস্ক, 30 আগষ্ট : সংসদীয় পেনেলৰ পৰামৰ্শৰ পিছত বুধবাৰে লোকসভাৰ পৰা কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ নিলম্বন বাতিল কৰা হয় ৷ লোকসভা সচিবালয়ে এক অধিসূচনা জাৰি কৰি কয় যে, "বিশেষাধিকাৰ সমিতিয়ে প্ৰতিবেদন দাখিল নকৰালৈকে 10.8.2023 তাৰিখে কাৰ্যকৰী হোৱা সদনৰ সেৱাৰ পৰা সাংসদ শ্ৰী অধীৰ ৰঞ্জন চৌধুৰীক নিলম্বন কৰাটো 30.8.2023 তাৰিখৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে ৷"

চৌধুৰীয়ে লোকসভাৰ বিশেষাধিকাৰ সমিতিৰ সন্মুখত হাজিৰ হৈ দিনটোৰ পূৰ্বে সদনত কৰা আচৰণৰ বাবে দুখ প্ৰকাশ কৰিছিল ৷ কমিটীয়ে সৰ্বসন্মতিক্ৰমে তেওঁৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে, যিটো প্ৰস্তাৱ ততাতৈয়াকৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাক প্ৰদান কৰা হয় ৷ তেওঁৰ উপস্থিত থকাৰ সময়ত চৌধুৰীয়ে কিছুমান বিশেষ মন্তব্যৰ বাবে অনুশোচনা প্ৰকাশ কৰে যাৰ ফলত 10 আগষ্টত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত তেওঁক লোকসভাৰ পৰা নিলম্বন কৰা হয় ৷"

চৌধুৰীয়ে বিজেপি সদস্য সুনীল কুমাৰ সিঙৰ অধ্যক্ষতাত গঠিত সমিতিখনক অৱগত কৰে যে তেওঁৰ কেতিয়াও কাৰো অনুভৱত আঘাত দিয়াৰ উদ্দেশ্য নাছিল আৰু নিজৰ মন্তব্যৰ বাবে অনুশোচনা কৰে ৷ কমিটীৰ এগৰাকী সদস্যই কয়, "অধীৰ ৰঞ্জন চৌধুৰীক লোকসভাৰ পৰা নিলম্বন বাতিল কৰাৰ বাবে সমিতিখনে প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ এই প্ৰস্তাৱ অতি সোনকালে অধ্যক্ষলৈ প্ৰেৰণ কৰা হ'ব ৷"

ওম বিৰলাই 10 আগষ্টত চৌধুৰীক উচ্ছৃংখল আচৰণৰ বাবে লোকসভাৰ পৰা নিলম্বিত কৰা হৈছিল ৷ বিশেষাধিকাৰ সমিতিয়ে প্ৰতিবেদন দাখিল নকৰালৈকে এই নিলম্বন জাৰি আছিল ৷ 18 আগষ্টৰ কমিটীৰ বৈঠকৰ সময়ত একাংশ সদস্যই বিশ্বাস কৰিছিল যে, লোকসভাৰ শাস্তি যথেষ্ট আৰু সংসদীয় পেনেলৰ অধিক মূল্যায়ন অপ্ৰয়োজনীয় আছিল ৷ ইয়াৰ পিছতো বুধবাৰে চৌধুৰীৰ উপস্থিতিৰ প্ৰয়োজনীয়তাৰ দ্বাৰা যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰিছিল সমিতিখনে ৷

লগতে পঢ়ক : Karnataka: কংগ্ৰেছ শাসিত কৰ্ণাটকত গৃহ লক্ষ্মী আঁচনি মুকলি; 1 কোটি মহিলালৈ মাহিলি 2 হেজাৰ টকাৰ সাহায্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.