Adhir ranjan chowdhury apologises : জিভা পিছল খোৱাৰ বাবেহে হেনো ৰাষ্ট্ৰপতিক "ৰাষ্ট্ৰপত্নী" বুলিছিল অধীৰ চৌধুৰীয়ে

author img

By

Published : Jul 29, 2022, 9:22 PM IST

Adhir ranjan chowdhury apologises

অৱশেষত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা খুজিলে । জিভা পিছল খোৱাৰ বাবে দুদিন পূৰ্বে তেওঁ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিক ‘ৰাষ্ট্ৰপত্নী’ বুলি অভিহিত কৰিছিল (Adhir ranjan chowdhury apologises) ৷ উল্লেখ্য যে, ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপত্নী বুলি অভিহিত কৰা প্ৰসংগক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

নেশ্যনেল ডেস্ক, 29 জুলাই : ৰাষ্ট্ৰপত্নী ! সৰ্বত্ৰে চৰ্চা ৰাষ্ট্ৰপত্নীৰ প্ৰসংগ ৷ কিছুদিন পূৰ্বে লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি অভিহিত কৰিছিল ৷ তাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছিল ভিন্ন প্ৰতিক্ৰিয়াৰ ৷

Adhir ranjan chowdhury apologises
জিভা পিছল খোৱাৰ বাবেই ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপত্নী বুলি অভিহিত কৰিছিল

আনকি এই সন্দৰ্ভত বিৰোধী দল-সংগঠনৰ মাজতো সৃষ্টি হৈছিল বাক-বিতণ্ডাৰ ৷ এই সন্দৰ্ভত ভিন্ন মহলত বাক-বিতণ্ডা চলি থকাৰ মাজতে অৱশেষত শুকুৰবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত ক্ষমা বিচাৰে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ৷ শুকুৰবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৰাষ্ট্ৰপতিলৈ এখনি পত্ৰৰ যোগেদি তেওঁ ৰাষ্ট্ৰপতিগৰাকীক ভুল শব্দ ব্যৱহাৰ কৰি সম্বোধন কৰাৰ বাবে ক্ষমা খোজে (Adhir ranjan chowdhury apologises) ৷

কংগ্ৰেছ নেতা চৌধুৰীয়ে পত্ৰখনত উল্লেখ কৰে, ‘‘জিভা পিছলি যোৱাৰ বাবে মোৰ দ্বাৰা এনে ভুল হৈছিল । যাৰ বাবে মই ক্ষমা প্ৰাৰ্থী’’ ৷ আনকি একেটা বিষয়তে শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিবলৈ সময় বিচাৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰেও চৌধুৰীয়ে ৰাষ্ট্ৰপতিগৰাকীক ‘ৰাষ্ট্ৰপত্নী’ হিচাপে সম্বোধন কৰাক লৈ সদনত (Monsoon Session Parliament) সৃষ্টি হৈছিল এক বিতৰ্কৰ । বিজেপি আৰু কংগ্ৰেছৰ ইজনে সিজনৰ ওপৰত তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিছিল ৷ যাৰ ফলত ব্যাহত হৈছিল সদনৰ কাৰ্যক্ৰমণিকা ৷

ইফালে শুকুৰবাৰে এই সন্দৰ্ভত নিজৰ মন্তব্য ব্যক্ত কৰে জ্যেষ্ঠ বিজেপি নেতা কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে (Adhir has not issued unconditional apology rashtrapatni remark) ৷ তেওঁ কয়, ‘‘কেৱল কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ৰাষ্ট্ৰপতিগৰাকীক ক্ষমা খুজিলেই নহ’ব ৷ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়েও ৰাষ্ট্ৰপতিগৰাকীক ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে’’ (Sonia should apologise Union Minister Pralhad Joshi)৷

আনহাতে, আন একাংশ কংগ্ৰেছ নেতাই দাবী কৰে, ‘‘কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ লগতে লোকসভাৰ কেইবাজনো বিজেপি নেতাই ছোনিয়া গান্ধীক অসন্মান কৰিছে ৷ যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক্ষমা বিচাৰিব লাগে’’ । ভিন্ন সময়ত কৰা ভিন্ন মন্তব্যক কেন্দ্ৰ কৰি শুকুৰবাৰেও উত্তাল হৈ পৰে সদনৰ চৌহদ ৷ ফলত বৃহস্পতিবাৰৰ দৰে শুকুৰবাৰেও ব্যাহত হৈ পৰে সদনৰ কাৰ্যক্ৰমণিকা ৷

লগতে পঢ়ক : Naga Peace Talks : এন এছ চি এন-আৰ এছ এছৰ সংঘাত নগা সমস্যা সমাধানত হেঙাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.