Naga Peace Talks : এন এছ চি এন-আৰ এছ এছৰ সংঘাত নগা সমস্যা সমাধানত হেঙাৰ

author img

By

Published : Jul 29, 2022, 8:55 PM IST

NSCN

বিদ্ৰোহী সংগঠনটোৱে এক বিবৃতিৰে কয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হস্তক্ষেপৰ বাবেই নগা শান্তি আলোচনাই কোনো সিদ্ধান্তৰ দিশে আগবঢ়া নাই (NSCN alleged to RSS intervention in Naga peace talks)।‌‌‌‌‌ বিদ্ৰোহী সংগঠটোৰ মতে, কেন্দ্ৰীয় চৰকাৰৰ সৈতে যি ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট (Naga Framework agreement) হৈছে তাত নগা আৰু প্ৰস্তাৱিত নাগালিমৰ বাবে পৃথক সংবিধান আৰু পতাকা থাকিব বুলি উত্থাপিত প্ৰস্তাৱ ইতিমধ্যে গৃহীত হৈছে (proposed Nagalim with separate Constitution and Flag) ।

গুৱাহাটী, ২৯ জুলাই : কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিগত দুটা দশকৰো অধিককাল শান্তি আলোচনা প্ৰক্ৰিয়াত (Naga peace talks of Centre with NSCN) জড়িত হৈ থকা নগা বিদ্ৰোহী সংগঠন এন এছ চি এন-আই এম আৰু হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাজত সৃষ্টি হোৱা সংঘাতে নগা সমস্যাৰ স্থায়ী সমাধানৰ বিষয়টোক আকৌ পিছুৱাই নিছে বুলি চৰ্চিত হৈছে ।

উল্লেখ্যনীয় যে শেহতীয়াকৈ বিদ্ৰোহী সংগঠনটোৱে এক বিবৃতিৰে কয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হস্তক্ষেপৰ বাবেই নগা শান্তি আলোচনাই কোনো সিদ্ধান্তৰ দিশে আগবঢ়া নাই (NSCN alleged to RSS intervention in Naga peace talks)।‌‌‌‌‌ বিদ্ৰোহী সংগঠটোৰ মতে, কেন্দ্ৰীয় চৰকাৰৰ সৈতে যি ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট (Naga Framework agreement) হৈছে তাত নগা আৰু প্ৰস্তাৱিত নাগালিমৰ বাবে পৃথক সংবিধান আৰু পতাকা থাকিব বুলি উত্থাপিত প্ৰস্তাৱ ইতিমধ্যে গৃহীত হৈছে (proposed Nagalim with separate Constitution and Flag) ।

কিন্তু অতি আশ্চৰ্যজনকভাবে এনে এক সিদ্ধান্ত হৈ থকাৰ পিছত বিজেপিৰ পৰামৰ্শদাতা সংস্থা হিচাবে পৰিচিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিষয়টোত অহেতুক হস্তক্ষেপ কৰে আৰু পৃথক সংবিধান আৰু পতাকা নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত থাকিব নোৱাৰিব বুলি মতপোষণ কৰাৰ পিছৰে পৰা সমগ্ৰ বিষয়টোতে কেনা লাগে । বিবৃতিটোত কোৱা হয় যে নগা শান্তি আলোচনাৰ ইতিমধ্যে সমাপ্ত হ'ব লাগিছিল যদিও আৰ এছ এছৰ হস্তক্ষেপে যিহেতু বিষয়টো পিছুৱাই নিছে সেয়ে নগা সমস্যাৰ সমাধানৰ বাবে নগা জনতাই আৰু কিমান দিন অপেক্ষা কৰিবলগীয়া হয় তাৰ নিশ্চয়তা নাই ।

মন কৰিবলগীয়া যে কেন্দ্ৰীয় চৰকাৰে এন এছ চি এনৰ সৈতে চলাই থকা শান্তি আলোচনাৰ লগত পৰোক্ষভাৱে হ'লেও সম্পৰ্কিত হৈ আছে উত্তৰ-পূবৰ আন আন বিদ্ৰোহী সংগঠনৰ সৈতে চলি থকা বা প্ৰস্তাৱিত শান্তি আলোচনাৰ ভৱিষ্যৎ (Centre NSCN peace talks related with North East) । কিন্তু তেনে একে সময়তে আৰ এছ এছৰ বিষয়টোত হস্তক্ষেপে সমস্ত প্ৰক্ৰিয়াটোকে প্ৰভাৱিত কৰিছে ।‌‌

এন এছ চি এনৰ বিবৃতিটোত এই কথাও আঙুলিয়াই দিয়া হৈছে যে আৰ এছ এছে তেওঁ লোকৰ 'হিন্দুত্ব মেনিফেষ্ট'ৰ মতাদৰ্শগত দিশটোক আগস্থান দিহে নগা সমস্যাৰ সমাধানৰ পথত হেঙাৰ হৈ থিয় দিছে (RSS intervention in Naga peace talks) । উল্লেখ্য যে অতি শেহতীয়াকৈ প্ৰচাৰিত বিদ্ৰোহী সংগঠনটোৰ বিবৃতিয়ে ইতিমধ্যে নাগালেণ্ডৰ সচেতন নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ৰাজ্যখনৰ সাধাৰণ নাগৰিকৰ মতে, নগা শান্তি আলোচনাৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে গোটেই ৰাজ্যৰ আৰু নগা সমাজৰ উন্নয়ন আৰু আশা-আকাংক্ষাৰ কথা । এই আলোচনাই যে কেৱল এনে এছ চি এন-আই এমকহে উপকৃত কৰিব সেয়া নহয় । কিন্তু এই সামগ্ৰিক কথাক বিজেপি চৰকাৰে এৰাই চলি পৰিস্থিতি অধিক জটিল কৰি তুলিছে (BJP Government delayed Naga Peace Agreement) ।

নাম প্ৰকাশত অনিচ্ছূক এগৰাকী স্থানীয় নেতাই জনোৱা মতে, আৰ এছ এছৰ পৰামৰ্শ মানি বিজেপি চৰকাৰে লোৱা ভূমিকাৰ‌ বিপৰীতে নাগালেণ্ডৰ বিভিন্ন প্ৰান্তত এতিয়া নাগৰিক সংগঠনসমূহে প্ৰতিবাদ আৰম্ভ কৰিছে । এই কথাই খ্ৰীষ্টান আৰু হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত ব্যৱধান‌ বঢ়োৱাই নহয় সংঘাতৰ সৃষ্টি কৰাৰো এক আশংকাৰ সৃষ্টি হৈছে । আৰু সঁচাকৈয়ে যদি এই পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে ইয়াৰ প্ৰভাৱ পৰিব পৰৱৰ্তী লোকসভাৰ নিৰ্বাচনত । ইয়াকে লৈ ৰাজ্যখনৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক চৰ্চা ।

লগতে পঢ়ক :G20 summit 2022 : গুৱাহাটী মহানগৰী হ'ব পাৰে জি-২০ সন্মিলনৰ এটা স্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.