ETV Bharat / bharat

Adani is a symbol of corruption: আদানিক দুৰ্নীতিৰ প্ৰতীক আখ্যা ৰাহুল গান্ধীৰ

author img

By

Published : Apr 16, 2023, 11:01 PM IST

২৯ মাৰ্চত বিধানসভা নিৰ্বাচন ঘোষণা হোৱাৰ পিছত কৰ্ণাটকত প্ৰথম ভ্ৰমণত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি লোৱাৰ বাবে আদানিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । কৰ্ণাটকত কংগ্ৰেছ শাসনলৈ আহিব বুলি মন্তব্য় কৰি তেওঁ কয় যে দলটোৱে চৰকাৰ গঠন কৰাৰ পিছত প্ৰথমখন কেবিনেট বৈঠকতেই ইয়াৰ মুখ্য নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পালনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব (Rahul Gandhi addresses rally in Karnataka )।

Rahul Gandhi addresses rally in Karnataka
বেংগালুৰুত আৰম্ভ জয় ভাৰত ৰেলী

নেশ্য়নেল ডেস্ক, ১৬ এপ্ৰিল: মোদী উপাধি সন্দৰ্ভত মন্তব্য আগবঢ়াই ৰাহুল গান্ধী অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হ’বলগীয়া হৈছিল ৷ ইয়াৰ পিচতে খাৰিজ কৰা হৈছিল তেওঁৰ সাংসদ পদ (Rahul Gandhi disqualification as Lok Sabha MP ) ৷ সাংসদ পদ খাৰিজ হোৱাৰ পিচত তেওঁ প্ৰথমবাৰৰ বাবে কৰ্ণাটকত উপস্থিত হয় । দেওবাৰে পুৱা ১১ বজাৰ পৰা বেংগালুৰুত আৰম্ভ হোৱা 'জয় ভাৰত ৰেলী'ত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । যোৱা ২৯ মাৰ্চত বিধানসভা নিৰ্বাচন ঘোষণা হোৱাৰ পিচত কৰ্ণাটকত তেওঁৰ প্ৰথম ভ্ৰমণতেই প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি লৈ গৌতম আদানিৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ আদানিক দুৰ্নীতিৰ প্ৰতীক বুলি মন্তব্য় কৰে (Rahul Gandhi to address rally in Kolar)।

ইপিনে, কৰ্ণাটকত কংগ্ৰেছ ক্ষমতালৈ আহিব বুলি মন্তব্য় কৰি ৰাহুল গান্ধীয়ে কয় যে, দলটোৱে চৰকাৰ গঠন কৰাৰ পিচত প্ৰথমখন কেবিনেট বৈঠকত ইয়াৰ মুখ্য নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ অনুমোদিত হ'ব । ইয়াৰ ফলত তেওঁলোকৰ কাৰ্যকৰীকৰণৰ পথ প্ৰশস্ত হ'ব বুলিও মন্তব্য় কৰি কয়, "মই অত্যন্ত আনন্দিত যে কংগ্ৰেছ দলে একত্ৰিতভাৱে কৰ্ণাটক বিধানসভা নিৰ্বাচনত যুঁজ দিছে ।" ৰাহুল গান্ধীয়ে পুনৰ কয় যে, তেওঁৰ দলে নিশ্চিত কৰিব যে কৰ্ণাটকক ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) ৪০ শতাংশ কমিছন চৰকাৰৰ কবলৰ পৰা মুক্ত কৰা হ'ব ।

তেওঁ দিনটোৰ আৰম্ভণিতে নিৰ্বাচনমুখী কৰ্ণাটকৰ কোলাৰত উপস্থিত হয় । তেওঁৰ সৈতে এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰিয়ংকা গান্ধী, বিৰোধী দলৰ নেতা সিদ্ধাৰামাইয়াৰ লগতে কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰকে ধৰি কেইবাগৰাকী কংগ্ৰেছ নেতাই 'জয় ভাৰত' শীৰ্ষক ৰেলীত অংশগ্ৰহণ কৰে ।

সমদলটোৰ পূৰ্বে ৰাহুল গান্ধীয়ে এটা ফেচবুক পোষ্টত কয়, "বাসৱন্নাজীৰ প্ৰেম, নম্ৰতা আৰু সহানুভূতিৰ শিক্ষা প্ৰতিটো কান্নাদিগাৰ ডিএনএত গভীৰভাৱে সোমাই আছে । ভাৰত জোড়ো যাত্ৰাৰ সময়ত ভাৰতৰ উন্নত ভৱিষ্যতৰ বাবে খোজ কাঢ়ি অহা আমাৰ সকলোৰে ওপৰত এক স্থায়ী প্ৰভাৱ পেলাইছে ।" বিজেপিয়ে নিজৰ লাভৰ বাবে ৰাজ্যখনৰ জনসাধাৰণৰ বিশাল সম্ভাৱনাক ব্যৱহাৰ কৰি আছে বুলি মন্তব্য় কৰি তেওঁ কয়, "আমি নিশ্চিত কৰিম যে কৰ্ণাটকক বিজেপি চৰকাৰৰ ৪০ শতাংশ কমিছনৰ কবলৰ পৰা মুক্ত কৰা হ'ব ।"

ইপিনে, কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে এমাহৰো কম সময় বাকীত কংগ্ৰেছে শনিবাৰে দলৰ 43 গৰাকী প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰে (Third list of Congress in Katnataka poll)। প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ নাম কোলাৰ সমষ্টিত অন্তৰ্ভুক্ত কৰা হোৱা নাই । ইয়াৰ পৰিৱৰ্তে দলটোৱে কোথুৰ জি মঞ্জুনাথক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । কংগ্ৰেছে ইয়াৰ প্ৰথমখন তালিকাত ১২৪গৰাকী আৰু ১০ মে'ৰ নিৰ্বাচনৰ দ্বিতীয় তালিকাত আন ৪২ গৰাকীপ্ৰাৰ্থী ঘোষণা কৰিছিল । উল্লেখ্য়ে কৰ্ণাটক বিধানসভাৰ ভোটগণনা ১৩ মে'ত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: Jai Bharat rally in Kolar: সাংসদ পদ খাৰিজৰ পিচত প্ৰথমবাৰলৈ নিজ সমষ্টিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.