ETV Bharat / bharat

Jai Bharat rally in Kolar: সাংসদ পদ খাৰিজৰ পিচত প্ৰথমবাৰলৈ নিজ সমষ্টিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

author img

By

Published : Apr 16, 2023, 10:49 AM IST

মোডী উপাধি বিতৰ্ক অব্যাহত থকাৰ সময়তে ৰাহুল গান্ধীয়ে আজি কেৰেলাৰ কোলাৰত এক সমাৱেশত অংশগ্ৰহণ কৰিব ৷ উক্ত ৰেলীত প্ৰাক্তন সাংসদগৰাকী পুনৰ সোচ্চাৰ হোৱাৰ সম্ভাৱনা আছে মোডী বাহিনীৰ বিৰুদ্ধে (Congress leader Rahul Gandhi in Kolar)৷

Jai Bharat rally in Kolar
Jai Bharat rally in Kolar

নেশ্যনেল ডেস্ক, 16 এপ্ৰিল : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি কেৰেলাৰ কোলাৰত অনুষ্ঠিত হ’বলগীয়া এক সমাৱেশত অংশগ্ৰহণ কৰিব ৷ সমষ্টিটোৰ প্ৰাক্তন সাংসদগৰাকীয়ে আজি কোলাৰৰ এখন সভাত ভাষণ দিয়াৰ কথা ৷ উক্ত সমাৱেশত মোদী উপাধি সন্দৰ্ভত পুনৰ মন্তব্য আগবঢ়োৱাৰ সম্ভাৱনা আছে সাংসদগৰাকীয়ে ৷ উল্লেখ্য যে, মোদী উপাধি সন্দৰ্ভত মন্তব্য আগবঢ়ায় সাংসদগৰাকী দোষী সাব্যস্ত হ’বলগীয়া হৈছিল অপৰাধমূলক মানহানিৰ গোচৰত ৷ ইয়াৰ পিচতে খাৰিজ কৰা হৈছিল সাংসদগৰাকীৰ পৰা সাংসদ পদ ৷ উক্ত বিষয়টো সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আজি পুনৰ সোচ্চাৰ হোৱাৰ সম্ভাৱনা আছে (Rahul Gandhi disqualification as Lok Sabha MP ) ৷

16 এপ্ৰিলৰ পুৱা ১১ বজাৰ পৰা উক্ত 'জয় ভাৰত ৰেলী' আৰম্ভ হ'ব বুলি জানিবলৈ পোৱা গৈছে ৷ কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰথমে বেংগালুৰুত উপস্থিত হৈ চুবুৰীয়া কোলাৰলৈ গৈ ‘জয় ভাৰত’ ৰেলীত ভাষণ দিব বুলি জানিবলৈ পৰা গৈছে । আজিৰ এই কাৰ্যসূচীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰিয়ংকা গান্ধী, বিৰোধী দলৰ নেত্ৰী সিদ্দাৰমৈয়া, কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডি কে শিৱকুমাৰকে ধৰি বহু নেতাই অংশগ্ৰহণ কৰিব । জয় ভাৰত ৰেলীত এক লাখৰো অধিক লোকে যোগদান কৰিব বুলি আশা কৰিছে দলীয় নেতাসকলে (All india congress committee president)।

কালি কংগ্ৰেছ নেতাসকলে কোলাৰ ভ্ৰমণ কৰি ৰেলীৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । প্ৰথমে ৫ আৰু ৯ এপ্ৰিলত সমাৱেশৰ বাবে দিন নিৰ্ধাৰণ কৰা হৈছিল ৷ অৱশেষত সমিতিয়ে ১৬ এপ্ৰিলৰ দিনটো ধাৰ্য কৰে সমাৱেশৰ বাবে । এই কাৰ্যসূচীৰ পিচতে বেংগালুৰু কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ সমীপত ‘ইন্দিৰা গান্ধী ভৱন’ উদ্বোধন কৰe হ’ব বুলি জানিবলৈ পৰা গৈছে । উদ্বোধন কাৰ্যসূচীত এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে (Rahul Gandhi’s Jai Bharat rally in Kolar) ।

উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থী কে এইচ মুনিয়াপ্পাৰ সমৰ্থনত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ দি ৰাহুল গান্ধীয়ে "সকলো চোৰৰে মোদী উপাধি কিয় " বুলি উত্থাপন কৰিছিল এক অভিযোগ ৷ সেই মন্তব্যৰ বাবেই শেহতীয়াভাৱে কংগ্ৰেছ সাংসদগৰাকীৰ সাংসদ পদ খাৰিজ কৰা হয় (Modi surname news) ৷

লগতে পঢ়ক : Atique Ahmed killed : আতিক-আশ্ৰফৰ 3 হত্যাকাৰীক গ্ৰেপ্তাৰ; 17 আৰক্ষীক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.