ETV Bharat / bharat

Adani Group suspends petrochemical project : আদানী গ্ৰুপে বন্ধ কৰিছে 34500 কোটি টকাৰ পেট্ৰ’কেমিকেল প্ৰকল্পৰ কাম

author img

By

Published : Mar 19, 2023, 9:31 PM IST

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন অহাৰ পাচতে বহু সমস্যাৰ সন্মুখীন হৈছে আদানী গ্ৰুপ (Adani Group suspends petrochemical project) ৷ পূৰ্বৰ দৰে বিনিয়োগকাৰীৰ আস্থা ঘূৰাই পাবলৈ গোটটোৱে কেইবাটাও ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই তথ্য প্ৰকাশ পাইছে PTI ৰিপ’ৰ্টত ৷

Adani Group suspends petrochemical project
বহু সমস্যাৰ সন্মুখীন হৈছে আদানী গ্ৰুপ

নেশ্যনেল ডেস্ক, 19 মাৰ্চ : হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ বাবেই আদানী গ্ৰুপৰ বহু ক্ষতি হৈছে । হিণ্ডেনবাৰ্গৰ এই প্ৰতিবেদন অহাৰ পিচতেই আদানী এণ্টাৰপ্ৰাইজৰ ওপৰত বিনিয়োগকাৰীৰ আস্থা হ্ৰাস পাবলৈ ধৰে । ফলত ইয়াৰ শ্বেয়াৰ ক্ৰমে হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে । এই সমস্যাসমূহ দূৰ কৰিবলৈ আদানী গ্ৰুপে ইতিমধ্যে কেবাটাও বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Adani Group suspends petrochemical project)। যাৰ জৰিয়তে আদানী গ্ৰুপে বিনিয়োগকাৰীৰ আস্থা পুনৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে ৷

জানিব পৰা মতে, আদানী গ্ৰুপে 34,500 কোটি টকাৰ পেট্ৰ’কেমিকেল প্ৰকল্পৰ কাম বন্ধ কৰি দিছে (Adani group suspends work on rs 34900 crore)। বৰঞ্চ আদানী গ্ৰুপে নিজৰ কাৰ্যকলাপ একত্ৰিত কৰাৰ লগতে বিনিয়োগকাৰীৰ মনত থকা শংকাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে । সংবাদ সংস্থা PTI ৰ পৰা লাভ কৰা হৈছে এই তথ্য ।

মুন্দ্ৰা পেট্ৰ’কেম প্ৰকল্প (Mundra Petrochem): আদানী গ্ৰুপৰ ফ্লেগশ্বিপ কোম্পানী আদানী এণ্টাৰপ্ৰাইজে 2021 চনত আদানী প’ৰ্টছ এণ্ড এচ ই জেড (Adani Ports and SEZ )ৰ মাটিত Coal to PVC প্লাণ্ট স্থাপনৰ এই উদ্যোগটো গুজৰাটৰ কচ্ছত স্থাপন কৰিবলৈ লৈছিল ৷ কিন্তু হিণ্ডেনবাৰ্গ ৰিপৰ্টৰ বাবেই বৰ্তমান আদানী গ্ৰুপে এই প্ৰকল্পটোৰ কাম সাময়িকভাৱে বাতিল কৰিব লগাত পৰিছে ৷

প্ৰকল্পসমূহৰ মূল্যায়ন কৰা গোট : আদানী গ্ৰুপে হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ নাকচ কৰিছে । আদানী গ্ৰুপে বৰ্তমান বিনিয়োগকাৰীৰ ধন ঘূৰাই দিয়াৰ বাবে চেষ্টা চলাই আছে ৷ ইতিমধ্যে আদানী গ্ৰুপে এক মেইলযোগে মুন্দ্ৰা পেট্ৰ’কেম লিমিটেডে গ্ৰীণ পিভিচি প্ৰকল্পৰ সৈতে জড়িত সকলো কাম পৰৱৰ্তী জাননী নহা পৰ্যন্ত তৎকালীনভাৱে বন্ধ কৰিবলৈ অনুৰোধ জনাইছে । বৰ্তমান কোম্পানীটোৱে মূল্যায়ন কৰি আছে যে কোনটো প্ৰকল্প অব্যাহত ৰাখিব লাগিব আৰু কাৰ সময়সীমা সংশোধন কৰিব লাগিব ।

আদানী গ্ৰুপৰ এগৰাকী মুখপাত্ৰই কয়, ‘‘আমাৰ স্বতন্ত্ৰ পৰ্টফলিঅ’ কোম্পানীসমূহৰ বেলেন্স শ্বীট অতি শক্তিশালী । আমাৰ উদ্যোগৰ অগ্ৰণী প্ৰকল্প বিকাশ আৰু নিষ্পাদনৰ ক্ষমতা আছে । আমাৰ কৰ্পৰেট শাসন শক্তিশালী, সম্পত্তি সুৰক্ষিত আৰু নগদ ধনৰ প্ৰবাহ শক্তিশালী’’ ।

হিণ্ডেনবাৰ্গৰ অভিযোগ : চলিত বৰ্ষৰ 24 জানুৱাৰীত আমেৰিকাৰ শ্বৰ্ট চেলাৰ হিণ্ডেনবাৰ্গে এক প্ৰতিবেদনত একাউণ্টিং জালিয়াতি, আদানী গ্ৰুপৰ ষ্টকত হেতালি খেলা আৰু কৰ্পৰেট শাসনত অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পিচত গৌতম আদানীয়ে এতিয়ালৈকে প্ৰায় 140 বিলিয়ন ডলাৰৰ বিপৰ্যয় লাভ কৰিছে । এই প্ৰতিবেদনৰ পিচৰে পৰা এই গোটে বিনিয়োগকাৰী আৰু বেংকৰ উদ্বেগ আঁতৰোৱাৰ কৌশলৰ কাম কৰি আছে ।

লগতে পঢ়ক : Amritpal Singh hunt updates: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী চাৰি খালিস্তান সমৰ্থক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.