ETV Bharat / bharat

Rashmika Mandanna Deepfake Video: ৰশ্মিকা মন্দান্নাৰ ডিপফেক ভিডিঅ’ সন্দৰ্ভত দিল্লী আৰক্ষীৰ ব্যৱস্থা গ্ৰহণ, এফআইআৰ ৰুজু

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 10:02 AM IST

Actress Rashmika Mandanna: Deepfake video case
ৰশ্মিকা মন্দান্নাৰ ডিপফেক ভিডিঅ’ সন্দৰ্ভত দিল্লী আৰক্ষীৰ ব্যৱস্থা গ্ৰহণ, এফআইআৰ ৰুজু

অভিনেত্ৰী ৰশ্মিকা মন্দান্নাৰ ডিপফেক ভাইৰেল ভিডিঅ’ গোচৰত শুকুৰবাৰে অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে । দিল্লী মহিলা আয়োগে এই ভিডিঅ’টোক গুৰুত্বসহকাৰে লৈ দিল্লী আৰক্ষীলৈ জাননী প্ৰেৰণ কৰি ১৭ নৱেম্বৰৰ ভিতৰত এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ সবিশেষ তথ্য বিচাৰিছে ।

চিটাৰা ডেস্ক, 11 নৱেম্বৰ: শেহতীয়া ছ’চিয়েল মিডিয়াত AIৰ জড়িয়তে তৈয়াৰ কৰা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী তথা নেশ্যনেল ক্ৰাছ হিচাপে খ্যাত ৰশ্মিকা মন্দান্নাৰ এটি ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপক ৰূপে ভাইৰেল হৈ পৰিছিল ৷ ভিডিঅ’টি ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্যমত সকলোতে ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল ৷ অমিতাভ বচ্চনৰ পৰা বিজয় দেৱেৰাকোণ্ডালৈকে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷

ইফালে, বৰ্তমান অভিনেত্ৰী ৰশ্মিকা মন্দান্নাৰ ডিপফেক ভিডিঅ’ ঘটনাত দিল্লী আৰক্ষীয়ে ৰুজু কৰিছে এফআইআৰ ৷ সংবাদ মাধ্যমৰ তথ্য অনুসৰি শুকুৰবাৰে (১০ নৱেম্বৰ) দিল্লী আৰক্ষীয়ে কয় যে, "ৰশ্মিকা মন্দান্নাৰ এ আই জেনেৰেটেড ডিপফেক ভিডিঅ'ৰ সন্দৰ্ভত দিল্লী আৰক্ষীৰ বিশেষ শাখাত আই পি চি ১৮৬০ৰ ৪৬৫ আৰু ৪৬৯ ধাৰা আৰু আই টি আইন, ২০০০ৰ ৬৬চি আৰু ৬৬ ই ধাৰাত এফ আই আৰ পঞ্জীয়ন কৰা হৈছে, লগতে এই সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

  • In regard to the deepfake AI-generated video of Rashmika Mandana, an FIR u/s 465 & 469 of the IPC, 1860 and section 66C & 66E of the IT Act, 2000 has been registered at PS Special Cell, Delhi Police and an investigation has been taken up: Delhi Police

    — ANI (@ANI) November 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দিল্লী মহিলা আয়োগে ভিডিঅ’টোক গুৰুত্বসহকাৰে লৈ দিল্লী আৰক্ষীলৈ জাননী প্ৰেৰণ কৰি দায়ী এই ঘটনা সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে দিল্লী কমিছন ফৰ উইমেনে (DCW) তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ বাবে জাননী প্ৰেৰণ কৰাৰ কেইঘণ্টামানৰ পিছতে এফআইআৰ পঞ্জীয়ন কৰা হয় । ডিচিডব্লিউৱে এক বিবৃতিত অভিনেত্ৰীগৰাকীৰ ছবিখন কোনোবাই অবৈধভাৱে মৰ্ফ কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা বুলি উদ্বেগ প্ৰকাশ কৰিছে ।

দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে কয় যে, "ভিডিঅ’টোত মন্দান্নাৰ ছবিৰ লগত সাল-সলনি কৰা হৈছে ৷ আনহাতে, আয়োগে দিল্লী আৰক্ষীৰ পৰা ৰুজু হোৱা এই গোচৰ সন্দৰ্ভত এফআইআৰৰ প্ৰতিলিপি, অভিযুক্তৰ সবিশেষ তথ্য তথা ১৭ নৱেম্বৰৰ ভিতৰত এই সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিবেদন প্ৰদান কৰিবলৈ কয় ৷

এই মন্তব্য কৰিলে দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে

দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে তেওঁৰ বিষয়াৰ পৰা দিয়া এটা পোষ্টত এইদৰে কৈছিল যে এতিয়ালৈকে এই গোচৰত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ এই ভুৱা ভিডিঅ'টো বনোৱা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

ডিপফেক কি ?

‘ডিপফেক’ হৈছে এনে এক ডিজিটেল পদ্ধতি যাৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ (AI) ব্যৱহাৰ কৰি এজন ব্যৱহাৰকাৰীয়ে সহজেই কোনো ব্যক্তিৰ ছবি আন এজন ব্যক্তিৰ ছবিৰে সাল-সলনি কৰিব পাৰে ৷

লগতে পঢ়ক: Rashmika Mandanna: ৰশ্মিকাৰ ডিপফেক ভিডিঅ’ক লৈ কথিত প্ৰেমিক বিজয়ৰ প্ৰতিক্ৰিয়া, অভিনেত্ৰীগৰাকীয়ে বিজয়ৰ মন্তব্যত লিখিছে- একমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.