ETV Bharat / bharat

Booster dose in India: ভাৰতত এদিনতে ৯ লাখ লোকক প্ৰদান বুষ্টাৰ পালি

author img

By

Published : Jan 11, 2022, 4:02 PM IST

ভাৰতত স্বাস্থ্যসেৱাৰ কৰ্মী, ক'ভিড যোদ্ধা, ৬০ বছৰৰ উৰ্ধৰ লোকক ক'ভিডৰ বুষ্টাৰ পালি প্ৰদান কৰা হৈছে (Precaution dose campaign start in India)। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কেৱল সোমবাৰৰ দিনটোতে ৯ লাখ লোকক প্ৰদান কৰা হৈছে বুষ্টাৰ পালি । বুষ্টাৰ পালি গ্ৰহণ কৰাসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ ।

Booster dose in India
ভাৰতত এদিনতে ৯ লাখ লোকক প্ৰদান বুষ্টাৰ পালি

নেশ্যনেল ডেস্ক, ১১ জানুৱাৰী : দেশত ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ সমান্তৰালকৈ টীকাকৰণ অভিযানো অব্যাহত আছে । ইতিমধ্যে ভাৰতত বুষ্টাৰ পালি প্ৰদানৰ অভিযান আৰম্ভ হৈছে (Precaution dose campaign starts in India)। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এদিনতে ৯ লাখ লোকক প্ৰতিষেধকৰ বুষ্টাৰ পালি প্ৰদান কৰা হৈছে । সোমবাৰলৈ দেশত ১৫২.৭৮ কোটিৰো অধিক প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

কেৱল সোমবাৰৰ দিনটোত সন্ধিয়াৰ ভাগলৈ ৮২ লাখতকৈও অধিক ভেকচিন প্ৰদান কৰা হৈছে । ইয়াৰ মাজত এটা দিনত ৯ লাখ লোকক বুষ্টাৰ পালি প্ৰদান কৰাকলৈ আনন্দিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক গ্ৰহণ কৰা সকলক প্ৰশংসা কৰাৰ লগতে বাকী বুষ্টাৰ পালিৰ যোগ্য ব্যক্তিসকলক প্ৰতিষেধক লোৱাৰ বাবে আহ্বান জনায় ।

  • India began administering Precaution Doses. Kudos to those who have got vaccinated today. I would request all those who are eligible to get vaccinated. As we all know, vaccination remains among the most effective means to fight COVID-19.

    — Narendra Modi (@narendramodi) January 10, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে কো-উইন প্লেটফৰ্মত (CoWIN) 'বুষ্টাৰ পালি'ৰ বাবে অনলাইন পঞ্জীয়ন ৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল । বৰ্তমান সকলো স্বাস্থ্যসেৱাৰ কৰ্মী, ক'ভিড যোদ্ধা আৰু ৬০ বছৰ উৰ্ধৰ ব্যক্তিয়ে বুষ্টাৰ পালি গ্ৰহণ কৰিব পাৰিব । অৱশ্যে ক'ভিডৰ দ্বিতীয় পালি গ্ৰহণৰ ৯ মাহৰ পাছতহে বুষ্টাৰ পালি গ্ৰহণ কৰিব পৰা যাব । স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে ৰোগাক্ৰান্ত লোকসকলে বুষ্টাৰ পালি গ্ৰহণৰ সময়ত চিকিৎসকৰ প্ৰমাণপত্ৰ বা প্ৰেছক্ৰিপশ্বন দেখুওৱাৰ কোনো প্ৰয়োজন নাই ।

লগতে পঢ়ক :PM's photo removed from Covid certificate : ভেকচিন চাৰ্টিফিকেটৰ পৰা আঁতৰিল প্ৰধানমন্ত্ৰীৰ ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.