ETV Bharat / bharat

Gujrat Assembly Election : আজিৰে পৰা দুদিনীয়া গুজৰাট ভ্ৰমণ অৰবিন্দ কেজৰিৱাল-ভগৱন্ত মানৰ

author img

By

Published : Oct 16, 2022, 3:53 PM IST

AAP
AAP

আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ভগৱন্ত মানৰ সৈতে দুদিনৰ ভিতৰত ভাৱনগৰ, মেহছানা আৰু বানাছকান্থা জিলাত ৰাজহুৱা ৰেলী সম্বোধন কৰিব (Kejriwal and Mann 2 day Gujarat visit) । আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনোজ সোৰাথিয়াই কয় ।

নিউজ ডেস্ক, ১৬ অক্টোবৰ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Delhi Chief Minister Arvind Kejriwal) আৰু তেওঁৰ পঞ্জাবৰ সহযোগী ভগৱন্ত মানে (Punjab CM Bhagwant Mann) দেওবাৰৰ পৰা নিৰ্বাচনমুখী গুজৰাটলৈ দুদিনীয়া ভ্ৰমণসূচীৰে যাব । আম আদমী পাৰ্টীৰ (AAP) ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ভগৱন্ত মানৰ সৈতে উক্ত ভ্ৰমণসূচীৰ দুটা দিনত ভাৱনগৰ, মেহছানা আৰু বানাছকান্থা জিলাত ৰাজহুৱা ৰেলী সম্বোধন কৰিব ।

আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনোজ সোৰাথিয়াই এই কথা জনাইছে । "তেওঁলোকে দেওবাৰে বিয়লি ভাৱনগৰত উপস্থিত হ'ব আৰু তাত এখন ৰাজহুৱা সভা সম্বোধন কৰিব ।" সোৰাথিয়াই সাংবাদিকৰ আগত এই কথা কয় (Kejriwal and Mann 2 day Gujarat visit) ।

সোমবাৰে দুয়োগৰাকী নেতাই মেহছানা জিলাৰ উঞ্জা চহৰ আৰু বানাছকান্থা জিলাৰ ডিচা চহৰত ৰাজহুৱা সভা সম্বোধন কৰিব বুলি তেওঁ কয় । "দুদিনৰ ভিতৰত দুয়োগৰাকী নেতাই স্থানীয় নেতাসকলক সাক্ষাৎ কৰিব আৰু আগন্তুক নিৰ্বাচন সন্দৰ্ভত ৰাজ্যখনৰ আপ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব (Kejriwal meeting with AAP leaders in Gujrat) ।" সোৰাথিয়াই লগতে কয় ।

উল্লেখ্য, ভাৰতীয় জনতা পাৰ্টী (BJP) শাসিত গুজৰাটত চলিত বছৰৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ'ব (Gujrat Assembly Election 2022) । কেজৰিৱালে শেহতীয়াকৈ একাধিকবাৰ গুজৰাট ভ্ৰমণ কৰিছে আৰু তেওঁৰ দল ক্ষমতালৈ আহিলে ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

উল্লেখ্য, ডিচেম্বৰ মাহত গুজৰাট বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আশা কৰা হৈছে (Gujarat assembly election 2022)। শেহতীয়াকৈ ৫ খন ৰাজ্যত হৈ যোৱা নিৰ্বাচনৰ পাছত এইবাৰ প্ৰতিটো দলৰে লক্ষ্য গুজৰাটৰ নিৰ্বাচনা । বিশেষকৈ বিজেপি, কংগ্ৰেছ আৰু আম আদমি পাৰ্টীয়ে নিৰ্বাচনী ৰণনীতি এতিয়াৰে পৰা প্ৰস্তুত কৰিছে । কিন্তু গুজৰাটত কোনটো দলে কি ধৰণে ৰণনীতি প্ৰস্তুত কৰিছে ?

এইক্ষেত্ৰত বিজেপিৰ স্থিতি শক্তিশালী বুলি ধাৰণা কৰা হৈছে । কাৰণ বিগত ৫ খন ৰাজ্যৰ নিৰ্বাচনত ৪ খনতে বিজেপিয়ে শক্তিশালী জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে । বিজেপিয়ে দাবী কৰা মতে, গুজৰাটতো দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখিব । আহি থকা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিজেপিয়ে ৰাজ্যখনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে (BJP's strategy on Gujarat elections) ।

লগতে পঢ়ক :CBI summons Sisodia : দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক চিবিআইৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.