ETV Bharat / bharat

CBI summons Sisodia : দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক চিবিআইৰ চমন

author img

By

Published : Oct 16, 2022, 1:54 PM IST

Updated : Oct 16, 2022, 7:27 PM IST

Manish Sisodia
Manish Sisodia

চিবিআইয়ে সোমবাৰে আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক(Delhi Deputy Chief Minister Manish Sisodia) মাতি পঠিয়াইছে ৷

নিউজ ডেস্ক, ১৬ অক্টোবৰ : চিবিআইয়ে সোমবাৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক (Delhi Deputy Chief Minister Manish Sisodia) ৰাষ্ট্ৰীয় ৰাজধানীৰ বাবে আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে (CBI summoned Manish Sisodia) । চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ । ফেডাৰেল তদন্ত সংস্থাটোৱে আম আদমী পাৰ্টীৰ (AAP) নেতাজনক সোমবাৰে পুৱা ১১ বজাত ইয়াৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'বলৈ কোৱা বুলিও সূত্ৰটোত প্ৰকাশ ।

দেওবাৰে এক টুইটযোগে ছিছোদিয়াই কয়, "মোৰ ঘৰত ১৪ ঘণ্টা ধৰি চিবিআইৰ অভিযান চলোৱা হৈছিল, তাত একো ওলোৱা নাছিল । মোৰ বেংকৰ লকাৰতো বিচাৰিছিল, তাতো একো ওলোৱা নাছিল । তেওঁলোকে মোৰ গাঁৱতো একো পোৱা নাছিল । এতিয়া তেওঁলোকে মোক কাইলৈ পুৱা ১১ বজাত চিবিআইৰ মুখ্য কাৰ্যালয়লৈ মাতিছে (Manish Sisodia called to CBI Headquarters) ।

মই গৈ মোৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াম । সত্যমেৱ জয়তে’’ । উল্লেখ্য, উক্ত গোচৰটো সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে (চিবিআই) কেইবাজনো লোকক সোধা-পোছা কৰিছে । যাৰ ভিতৰত আছে ইণ্ডো স্পিৰিটছৰ গৰাকী সমীৰ মহেন্দ্ৰু, গুৰুগ্ৰামৰ বাডী ৰিটেইল প্ৰাইভেট লিমিটেডৰ সঞ্চালক অমিত অৰোৰা আৰু ইণ্ডিয়া এহেড নিউজৰ পৰিচালন সঞ্চালক মুথা গৌতম । চিবিআইৰ বিষয়াসকলে এই কথা জনাইছে ।

সংস্থাটোৱে আপ কৰ্মী তথা মনোৰঞ্জন আৰু অনুষ্ঠান ব্যৱস্থাপনা প্ৰতিষ্ঠান অ'নলি মাচ্চ লাউডাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিজয় নায়াৰ আৰু হায়দৰাবাদস্থিত ব্যৱসায়ী অভিষেক বইনপল্লীকো গ্ৰেপ্তাৰ কৰিছে । উল্লেখ্য, চিবিআইয়ে আগষ্ট মাহত ভাৰতীয় দণ্ডবিধিৰ (IPC) বিভিন্ন ধাৰাৰ অধীনত ছিছোদিয়া আৰু আন ১৪ জনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰে ।

যাৰ ভিতৰত আছে ১২০বি (অপৰাধমূলক ষড়যন্ত্ৰ) আৰু ৪৭৭এ (ৰেকৰ্ডৰ মিছাকৰণ) আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰা ৭ । এই গোচৰকেইটা হৈছে দুৰ্নীতিগ্ৰস্ত বা অবৈধ উপায়েৰে বা ব্যক্তিগত প্ৰভাৱ প্ৰয়োগ কৰি এজন ৰাজহুৱা কৰ্মচাৰীক প্ৰভাৱিত কৰাৰ অযথা সুবিধা লোৱাৰ বিষয়ে সম্পৰ্কিত ।

লগতে পঢ়ক :Former Minister Sundar Sham Arora arrested : উৎকোচ দিবলৈ আহি গ্ৰেপ্তাৰ সুন্দৰ শ্বাম আৰোৰ

Last Updated :Oct 16, 2022, 7:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.