ETV Bharat / bharat

Minor girl rape: অশ্লীল ভিডিঅ’ দেখুৱাই নাবালিকাক 8 বছৰ ধৰি ধৰ্ষণ, 97 বছৰৰ সশ্ৰম কাৰাদণ্ড

author img

By

Published : Aug 18, 2023, 8:49 PM IST

8 বছৰ ধৰি নাবালিকাক ধৰ্ষণ কৰাৰ অভিযুক্তৰ বিৰুদ্ধে কেৰেলাৰ কাচাৰাগোড অতিৰিক্ত জিলা সত্ৰ আদালতৰ ৰায়দান ৷ 97 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে 8.50 লাখ টকাৰ জৰিমনা ৷ দোষীয়ে জৰিমনা পৰিশোধ নকৰে তেনেহ’লে অতিৰিক্ত আঠ বছৰ অতিৰিক্ত কাৰাবাস খাটিব লাগিব ৷

97 years of rigorous imprisonment for the accused
অশ্লীল ভিডিঅ’ দেখুৱাই নাবালিকাক 8 বছৰ ধৰি ধৰ্ষণ

নেশ্যনেল ডেস্ক, 18 আগষ্ট: দেশত কিমান সুৰক্ষিত নাৰী? দেশত বেটী বচাও বেটী পঢ়াও শ্লোগান দিয়েহে দিয়ে কিন্তু প্ৰকৃততে আমাৰ সমাজত ইয়াৰ বিপৰীত ছবিহে প্ৰতিফলিত হৈ আহিছে ৷ বৰ্তমান সময়ত প্ৰতিগৰাকী নাৰীয়ে পদে পদে সন্মুখীন হৈ আহিছে নিৰাপত্তাহীনতাৰ ৷ দেশজুৰি প্ৰতিদিনে নাৰীজনিত অপৰাধৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে এক জঘন্য ঘটনাৰ ৷ কেৰেলাৰ কাচাৰগোড জিলাত সংঘটিত হৈছিল এই ঘটনা ৷

এগৰাকী নাবালিকাক 8 বছৰ ধৰি যৌন উৎপীড়নৰ চলাই অহাৰ লগতে ধৰ্ষণ কৰাৰ জঘন্য ঘটনা সংঘটিত হৈছে ৷ 2008 চনৰ পৰা 2017 চনলৈ নাবালিকাগৰাকীক যৌন উৎপীড়ন চলাই ধৰ্ষণ কৰিছিল অভিযুক্তই ৷ ইমানতে ক্ষান্ত নাথাকি অভিযুক্তই নাবালিকাগৰাকীক অশ্লীল ভিডিঅ’ দেখুৱাই যৌন কৰ্ম কৰিবলৈ জোৰ জবৰদস্তি কৰিছিল ৷

এই ঘটনাৰ প্ৰায় 4 বছৰৰ অন্তত শুকুৰবাৰে এই গোচৰৰ চূড়ান্ত ৰায়দান কৰে কাচাৰাগোড অতিৰিক্ত জিলা সত্ৰ আদালতে ৷ আদালতে এই ঘটনাক আগেয়ে সংঘটিত নোহোৱা পাশৱিক ঘটনা বুলি বিবেচনা কৰে ৷ ইয়াৰ পিচতে অভিযুক্তটোক পকচো আইনৰ অধীনত অভিযুক্তক দোষী সাব্যস্ত কৰি 97 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে 8.50 লাখ টকাৰ জৰিমনা বিহে ৷ যদি দোষীয়ে জৰিমনা পৰিশোধ নকৰে তেনেহ’লে অতিৰিক্ত আঠ বছৰ অতিৰিক্ত কাৰাবাস খাটিব লাগিব ৷

এই ঘটনাৰ গোচৰটো মঞ্জেশ্বৰম আৰক্ষীয়ে পঞ্জীয়ন কৰিছিল ৷ ইয়াৰ পিচতে এই ঘটনাৰ তদন্ত কৰিবলৈ প্ৰথমে পৰিদৰ্শক এ ভি দিনেশ আৰু পি ৰাজেশক নেতৃত্বত হৈছিল৷ তদন্ত সম্পূৰ্ণ হোৱাৰ পিচত, মঞ্জেশ্বৰমৰ আৰক্ষী পৰিদৰ্শক ই অনুপ কুমাৰে আদালতত অভিযোগনামা দাখিল কৰে ৷ বিশেষ অভিযোজক প্ৰকাশ আম্মাননায়া অভিযোগ উত্থাপনৰ বাবে আদালতত উপস্থিত আছিল ৷

লগতে পঢ়ক: Buxar crime news : চকলেটৰ প্ৰলোভনেৰে অসৎ কামনা চৰিতাৰ্থ; ভুক্তভোগী পৰিয়ালক ভীতি প্ৰদৰ্শন অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.