ETV Bharat / bharat

Tanur boat accident: কেৰালা নাও দুৰ্ঘটনাৰ ন্যায়িক তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

author img

By

Published : May 8, 2023, 4:14 PM IST

কেৰালাৰ নাও দুৰ্ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে (Kerala boat accident)। মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনাৰ ন্যায়িক তদন্তৰ ঘোষণা কৰিছে । মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্যও ঘোষণা চৰকাৰৰ ।

Judicial inquiry in Tanur boat accident
মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা চৰকাৰৰ

নেশ্যনেল ডেস্ক,৮ মে': কেৰালাত মৃত্যুৰ কিৰিলি । ৰাজ্যখনৰ মালাপ্পুৰম জিলাৰ তনুৰ অঞ্চলৰ অট্টুমপুৰামৰ সমীপৰ কেটুংগাল বিলত (Kerala Tragic boat accident) সংঘটিত হয় শোকাবহ নাও দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত শিশুসহ ২২ গৰাকী লোকৰ মৃত্যু হয় ।

ইফালে তনুৰ নাও দুৰ্ঘটনাৰ ন্যায়িক তদন্তৰ ঘোষণা কৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে (CM announced judicial inquiry into Tanur accident)। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালক ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, চৰকাৰে চিকিৎসাধীন লোকসকলৰ চিকিৎসাৰ ব্যয় বহন কৰিব । সমান্তৰালকৈ এটা বিশেষ আৰক্ষী দলৰ জৰিয়তে দুৰ্ঘটনাটোৰ তদন্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

কাৰিকৰী বিশেষজ্ঞৰ নেতৃত্বত দুৰ্ঘটনাটোৰ তদন্ত কৰাৰ সিদ্ধান্তও লোৱা হৈছে । দুৰ্ঘটনা সংঘটিত মালাপ্পুৰম জিলাৰ তনুৰত অনুষ্ঠিত এক বিশেষ কেবিনেট বৈঠকত এই সিদ্ধান্তসমূহ লোৱা হৈছে । ইফালে সোমবাৰে পুৱাই থিৰুৰংগাদি চিকিৎসালয়ত দুৰ্ঘটনাত পতিত হোৱা লোকসকলক সাক্ষাৎ কৰাৰ পাচতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত এখন বিশেষ কেবিনেট বৈঠক অনুষ্ঠিত হয় (Kerala govt cabinet after boat accident)। য'ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটযোগে দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াল লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ কৈ আৰ্থিক সাহায্যৰ ঘোষণা কৰে (Financial help to Kerala boat accident victim)।

উল্লেখ্য যে, দেওবাৰে বিয়লি প্ৰায় ৭.৩০ বজাত এই নাও দুৰ্ঘটনাটো সংঘটিত হৈছিল (Boat accident at Tanur Malappuram in Kerala)। য'ত ২২ গৰাকী লোকৰ মৃত্যু হৈছে । দুৰ্ঘটনাগ্ৰস্ত নাওখনত ২৫ জনতকৈ অধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷ প্ৰাথমিক তথ্য অনুসৰি অত্যাধিক যাত্ৰী কঢ়িয়াই নিয়াৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় । লক্ষণীয়ভাৱে কেৰালাত প্ৰতিবছৰে এইধৰণৰ নাও দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায় । যাৰ ফলত এতিয়ালৈ বহু লোকে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক : Tanur boat accident update : কেৰালাৰ নাও দুৰ্ঘটনাত একেটা পৰিয়ালৰ ১৪ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.