ETV Bharat / bharat

Tanur boat accident update : কেৰালাৰ নাও দুৰ্ঘটনাত একেটা পৰিয়ালৰ ১৪ জনৰ মৃত্যু

author img

By

Published : May 8, 2023, 11:10 AM IST

কেৰালাৰ নাও দুৰ্ঘটনাত পতিত হৈ ইতিমধ্যে ২২ জন লোকৰ মৃত্যু হোৱা বুলি প্ৰশাসনৰ লোকে নিশ্চিত কৰিছে (Boat accident at Tanur Malappuram in Kerala) ৷ এই দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ ১৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান (14 members of a family among the dead at Tanur)।

Tanur boat accident update
চৰ্চাত কেৰালাৰ নাও দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, ৮ মে’ : চৰ্চাত কেৰালাৰ নাও দুৰ্ঘটনা (Kerala boat accident) ৷ দেওবাৰে কেৰালাৰ মালাপ্পুৰম জিলাৰ তনুৰ অঞ্চলৰ অট্টুমপুৰামৰ সমীপৰ কেটুংগাল বিলত সংঘটিত এই দুৰ্ঘটনাত ইতিমধ্যে ২২ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে ৰাজ্যৰ প্ৰশাসন (Boat accident at Tanur Malappuram in Kerala) । তথ্য অনুসৰি, এই নাও দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ ১৪ জন সদস্য নিহত হৈছে (14 members of a family among the dead at Tanur)।

এই পৰিয়ালটো তনুৰ কুনুমল জাবিৰৰ পৰিয়াল বুলি জানিব পৰা গৈছে ৷ নিহত ১৪ জনৰ ভিতৰ এটি আঠ মহীয়া শিশুও আছে বুলি জানিব পৰা গৈছে । প্ৰাথমিক সিদ্ধান্ত অনুসৰি, এই দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ অধিকাংশ লোকেই মালাপ্পুৰম জিলাৰ তনুৰ, পৰপ্পানাংগাদী আৰু চেট্টিপাডী অঞ্চলৰ ।

ইফালে তনুৰ বাসিন্দা কুনুমল জাবিৰৰ মৃত ঘৰৰ সদস্য কেইটা হৈছে - কুন্নুমল জাবিৰৰ পত্নী জলচিয়া ওৰফে কুনহিম্মু (৪২), পুত্ৰ জাৰিৰ (১২), কন্যা জান্না (৮), জিনাত (৪৩), আছনা (১৮), ছামনা (১৬), ছাফলা (১৩), ফিদা দিলনা ( ৮) ) ভগ্নী নুছৰত (৩৫), আয়েছা মেহৰিন (২), ৰাজিনা (২৭), শ্বাহৰা (৮) ফাতিমা ঋষিদা (৭) আৰু নাইৰা ফাতিমা (৮ মাহ)।

ইফালে অঞ্চলটোৰ ৰাইজে বৰ্তমানো নাও দুৰ্ঘটনা সংঘটিত হোৱা স্থানত মৃতদেহ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত নাওখনত প্ৰায় ৪০ জন লোক আছিল । বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ অৱশ্যে এই দুৰ্ঘটনাত পতিত হোৱা নাওখন সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

বিৱৰণি অনুসৰি, পাৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ নিলগত হঠাৎ উক্ত নাওখন এফালে হেলনীয়া হৈ পৰে । তাৰ পাচতে যাত্ৰীৰ মাজত সৃষ্টি হয় এক হুৱা-দুৱা পৰিৱেশৰ ৷ লগে লগে যাত্ৰীসকলে ভয়ত বিতত নাওখনৰ আনটোফালে স্থানান্তৰ হয় । তেতিয়াই নিয়ন্ত্ৰণ হেৰুৱাই নাওখন ওলোটা হৈ পৰে ৷ দেওবাৰৰ পৰা সোমবাৰ পুৱা পৰ্যন্ত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এন ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে । এই অভিযানত নৌসেনাৰ সহায় বিচাৰিছে ৰাজ্য চৰকাৰে । প্ৰথম পৰ্যায়ত নৌসেনাৰ দলটোৱে হেলিকপ্টাৰেৰে ঘটনাস্থলীত অভিযান চলায় ৷

আনহাতে, দুৰ্ঘটনাগ্ৰস্ত নাওখনত নাৱৰ চালকসহ মুঠ ২২ জন লোকহে যাত্ৰা কৰিব পাৰে ৷ কিন্তু নাৱৰ চালকে বেমেজালি কৰি উক্ত নাওখনত ৪০ জনতকৈ অধিক লোকক উঠাই যাত্ৰ কৰিছিল ৷ আনকি এই যাত্ৰীসকলৰ বাবে লাইফ জেকেটৰো ব্যৱস্থা নাছিল ৷ যাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হ’ল বুলি অভিযোগ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ৷ ইফালে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতেই উক্ত স্থানৰ পৰা পলায়ন কৰে নাওৰ মালিক ৷

লগতে পঢ়ক : Kerala boat accident : কেৰালাৰ নাও দুৰ্ঘটনাত ২২ লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.