ETV Bharat / bharat

75th Birth Anniversary of Jayalalithaa : অভিনয়ৰ পৰা ৰাজনীতিলৈ জয়াললিতাৰ গৌৰৱময় কেৰিয়াৰ

author img

By

Published : Feb 24, 2023, 4:10 PM IST

Jayalalithaa
Jayalalithaa

জয়ললিতাক এগৰাকী অভিনেত্ৰী হিচাপে তেওঁৰ বহুমুখী প্ৰতিভা আৰু তেওঁৰ নৃত্য ক্ষমতাৰ বাবে 'তামিল ছবিৰ ৰাণী' হিচাপে অভিহিত কৰা হৈছিল (Queen of Tamil Cinema Jayalalitha) । 1982 চনত অভিনেত্ৰীগৰাকীয়ে এডিএমকেৰ অগ্ৰগামী এমজি ৰামচন্দ্ৰনৰ নিৰ্দেশত ৰাজনীতিত প্ৰৱেশ কৰিছিল ।

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : তামিলনাডুৰ লৌহ নাৰী ৰূপে অভিহিত জয়ৰাম জয়াললিতাৰ ২৪ ফেব্ৰুৱাৰীত ৭৫ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হৈছে (75th birth anniversary of Jayaram Jayalalithaa) । তামিলনাডুৰ ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ বলিষ্ঠ ভূমিকাৰ বাবেই ৰাজ্যখনৰ লৌহ নাৰীৰ আখ্য দিয়া হৈছে । অভিনয় জগতৰ পৰা ৰাজনীতিবিদ হোৱা জয়াললিতা (actor turned politician Jayalalithaa) দক্ষিণৰ এগৰাকী সৰ্বদা জনপ্ৰিয় ব্যক্তি ।

তেওঁৰ সমৰ্থকসকলে তেওঁক 'আম্মা' বুলি সম্বোধন কৰিছিল । ১৯৬০-ৰ দশকৰ মাজভাগত তেওঁ এগৰাকী আগশাৰীৰ চলচ্চিত্ৰ অভিনেত্ৰী হিচাপে খ্যাতি লাভ কৰে । নিজৰ পৰিয়ালটোক সহায় কৰিবলৈ মাতৃৰ অনুৰোধত অনিচ্ছা সত্ত্বেও অভিনয় জগতত খোজ পেলোৱা জয়াললিতা এগৰাকী প্ৰচুৰ প্ৰতিভাশালী অভিনেত্ৰী আছিল (South Indian superstar Jayalalithaa) ।

১৯৬১ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত তেওঁ ১৪০ খন চলচ্চিত্ৰত অভিনয় কৰে । ইয়াৰে ভিতৰত বেছিভাগ ছবিয়েই তামিল, তেলেগু আৰু কানাড়া ভাষাৰ । জয়াললিতাক এগৰাকী অভিনেত্ৰী হিচাপে তেওঁৰ বহুমুখী প্ৰতিভা আৰু তেওঁৰ নৃত্যপটুতাৰ বাবে 'তামিল ছবিৰ ৰাণী' হিচাপে অভিহিত কৰা হৈছিল (Queen of Tamil Cinema Jayalalitha) । ১৯৮২ চনত অভিনেত্ৰীগৰাকীয়ে প্ৰত্য়ক্ষ ৰাজনীতিত প্ৰৱেশ কৰে । অভিনেত্ৰীগৰাকীয়ে এমজি ৰামচন্দ্ৰনক তেওঁৰ ৰাজনৈতিক গুৰু আৰু এআইডিএমকেৰ পথপ্ৰদৰ্শক হিচাপে গণ্য কৰিছিল (pioneer of AIDMK MG Ramachandran) ।

দ্ৰাবিড়িয়ান দল অল ইণ্ডিয়া আন্না দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমে (All India Anna Dravida Munnetra Kazhagam, AIADMK) তেওঁক তেওঁলোকৰ 'আম্মা' (মাতৃ) আৰু 'পুৰাচ্চি থালাইভি' (বিপ্লৱী নেত্ৰী) হিচাপে বিভূষিত কৰিছিল । ১৯৯১ চনৰ নিৰ্বাচনত এডিএমকে-ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ মিত্ৰজোঁট জয়ী হোৱাৰ পিচত জয়াললিতা তামিলনাডুৰ প্ৰথমগৰাকী মহিলা আৰু কনিষ্ঠতম মুখ্যমন্ত্ৰী হয় (youngest Chief Minister of TN Jayalalithaa) ।

তেওঁ ছযবাৰৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (first female CM of Tamilnadu Jayalalithaa) । 23 মে', 2016 তাৰিখলৈকে তেওঁ অন্তিমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত আছিল । তেওঁৰ বিৰুদ্ধে আৰোপ কৰা কেলেংকাৰী আৰু দুৰ্নীতিৰ কেইবাটাও অভিযোগৰ বাবে তেওঁ মাত্ৰ দুবাৰহে ক্ষমতা হেৰুৱাইছিল । দ্বিতীয়টো আঘাত পাইছিল 2014 চনত, যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হিচাপে প্ৰথম কাৰ্যকাল চলাই থকাৰ সময়ত ভাৰতীয় জনতা পাৰ্টীৰ (BJP) নেতা সুব্ৰমণিয়ম স্বামীয়ে 1996 চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰৰ বাবে তেওঁক মুখ্যমন্ত্ৰী হিচাপে অযোগ্য ঘোষণা কৰা হৈছিল ।

বিভিন্ন ৰোগত আক্ৰান্ত হৈ থাকি প্ৰায় 75 দিন চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিচত 5 ডিচেম্বৰ, 2016 তাৰিখে তেওঁৰ মৃত্যু হয় । লগতে কাৰ্যকালত মৃত্যু হোৱা তেওঁ ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে বিবেচিত হয় । উল্লেখ্য যে, জয়াললিতাই কেতিয়াও বিয়া পতা নাছিল । সেয়ে বৰ্তমান তেওঁৰ কোনো উত্তৰাধিকাৰী নাই ।

লগতে পঢ়ক :Remembering Sridevi: শ্ৰীদেৱীৰ মৃত্যুবাৰ্ষিকীত জানো আহক তেখেতৰ কেইটামান নজনা কথা . . .

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.