Remembering Sridevi: শ্ৰীদেৱীৰ মৃত্যুবাৰ্ষিকীত জানো আহক তেখেতৰ বিষয়ে কেইটামান নজনা কথা . . .

author img

By

Published : Feb 24, 2023, 11:08 AM IST

Updated : Feb 24, 2023, 3:36 PM IST

remembering-sridevi-powerful-performances-by-the-superstar-on-her-death-anniversary

বলিউডৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ শ্ৰীদেৱীৰ আজি পঞ্চম সংখ্যক মৃত্যুবাৰ্ষিকী (Superstar Sridevi) ৷ চান্দনীৰ পৰা সাশীলৈ. . . নিজৰ অভিনয়ৰে কেনেকৈ দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছিল শ্ৰীদেৱীয়ে ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 24 ফেব্ৰুৱাৰী : ভাৰতীয় ছবি জগতৰ মোহময়ী অভিনেত্ৰী তথা বলিউডৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ আছিল তেখেত । পাঁচ দশকজোৰা অভিনয়কালত দৰ্শক তথা অনুৰাগীৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে ৷ অমিতাভ বচ্চন, জীতেন্দ্ৰ, ধৰ্মেন্দ্ৰ আদিৰ দৰে ছুপাৰষ্টাৰৰ আধিপত্য থকা বলিউডত তেতিয়াই তেখেতে নিজৰ মন্ত্ৰমুগ্ধ অভিনয়ৰে চলচ্চিত্ৰ জগতখনক যেন এক প্ৰকাৰে বশ কৰি পেলাইছিল ।

মোহময়ী অভিনেত্ৰীগৰাকীয়ে কেৱল যে হিন্দী ছবিতে অভিনয় কৰিছিল তেনে নহয়, তামিল, তেলেগু, মালয়ালম, কানাড়া আদি বিভিন্ন ভাষাৰ ছবিতো অভিনয় কৰিছিল । আপুনি হয়তো গমেই পাইছে, আমি কাৰ কথা ক’ব ওলাইছো ৷ হয়, আমি কবলৈ ওলাইছো কেৱল বলিউডেই নহয়, দেশৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ তথা হাৱা হাৱাই বুলি পৰিচিত অভিনেত্ৰী শ্ৰীদেৱীৰ কথা (Sridevi first female Superstar of India) ৷

আজি শ্ৰীদেৱীৰ পঞ্চম সংখ্যক মৃত্যুবাৰ্ষিকী (Actress Sridevi death anniversary) ৷ পাঁচ বছৰ পূৰ্বে সকলোকে কন্দুৱাই অজান পৃথিৱীলৈ গুচি গৈছিল এইগৰাকী ছুপাৰষ্টাৰ ৷ বৰ্তমান তেওঁ সকলোৰে মাজত নাথাকিলেও, দৰ্শক তথা তেখেতৰ অনুৰাগীৰ বাবে দি থৈ যোৱা তেখেতৰ অবিস্মৰণীয় অভিনয় এতিয়াও সকলোৰে অন্তৰত আছে ৷

অতি কম সময়তেই এই ধৰাৰ পৰা বিদায় লৈছিল ছুপাৰষ্টাৰগৰাকী (Remembering Sridevi) ৷ কিন্তু চলচ্চিত্ৰ জগতত অভিনয়ৰ জড়িয়তে দি যোৱা চৰিত্ৰবোৰৰ জৰিয়তে বিশ্ববাসীৰ মাজত চিৰদিন জীয়াই থাকিব শ্ৰীদেৱী । চান্দনীৰ পৰা সাশীলৈ... আহক পুনৰ উভতি যাওঁ তেখেতৰ সেই সোণোৱালী সময়চোৱালৈ ... (Bollywood actress Sridevi) ৷

শ্ৰীদেৱীৰ অভিনীত "সাদমা" - এখন তামিল চলচ্চিত্ৰৰ পুনৰ নিৰ্মাণ (Sridevi film Sadma) ৷ এই ছবিখনে শ্ৰীদেৱীক হিন্দী ছবিৰ কেৰিয়াৰৰ অতি প্ৰাৰম্ভিক পৰ্যায়তে অন্যতম শক্তিশালী অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল । পৰবৰ্তী সময়ত "চান্দনী" ছবিখনত তেখেতে অভিনয় কৰিছিল আৰু এই ছবিখনত তেওঁ পৰিধান কৰা বগা শাৰীৰ সাজযোৰে ৮০ৰ দশকত এক নতুন ফেশ্বন ট্ৰেণ্ডলৈ পৰিণত হৈছিল । যশ চোপ্ৰাৰ তত্বাবধানত নিৰ্মাণ কৰা এই ছবিখন সংগীতৰ বাবেও হৈ পৰিছিল বহুল পৰিচিত ।

"মিষ্টাৰ ইণ্ডিয়া" ছবিখনত শ্ৰীদেৱী কেৱল এগৰাকী শক্তিশালী অভিনেত্ৰীয়েই নাছিল, তেখেত আছিল হিন্দী ছবিজগতৰ অন্যতম সফল বাণিজ্যিক নায়িকাও । ‘হাৱা হাৱাই’ৰ পৰা ‘কাটে নেহি কট্টে’লৈকে শ্ৰীদেৱীয়ে এই ছবিখনত নিজৰ বহুমুখী প্ৰতিভাৰ পৰিসৰটো দাঙি ধৰিছিল ।

ইফালে "চালবাজ" ত শ্ৰীদেৱীয়ে যমজ চৰিত্ৰত অভিনয় কৰিছিল ৷ অমায়িক চৰিত্ৰৰ আছিল অঞ্জু আৰু তাৰ বিপৰীতে আছিল কাকো ভয় নকৰা মঞ্জু । দুয়োটা চৰিত্ৰতেই সুন্দৰভাবে ফুটি উঠিছিল শ্ৰীদেৱীৰ নিখুঁট অভিনয় ৷ আনফালে খুদা গৱাহত অমিতাভ বচ্চন আৰু শ্ৰীদেৱীক দেখা পোৱা গৈছিল একেলগে ৷ খুদা গৱাহ ছবিখনেও দৰ্শকৰ পৰা লাভ কৰিছিল অভূতপূৰ্ব সঁহাৰি ৷

'লামহে', 'চান্দনী' ৰ পৰিচালক যশ চোপ্ৰাৰ সৈতে আৰু এবাৰ টিম আপ কৰি শ্ৰী দেৱীয়ে খুদা গৱাহ ছবিখনত দুটা চৰিত্ৰত অভিনয় কৰিছিল । মাক আৰু কন্যাৰ দ্বৈত চৰিত্ৰত অভিনয় কৰাৰ বাবে শ্ৰীদেৱীয়ে ছবি সমালোচকৰো প্ৰশংসা লাভ কৰিছিল ।

ইংলিছ ভিংলিছ- ১৫ বছৰীয়া বিৰতিৰ অন্তত গৌৰী শিণ্ডেৰ পৰিচালনাৰ প্ৰথম ছবি ৷ ‘ইংলিছ ভিংলিছ’ৰ জৰিয়তে ৰূপালী পৰ্দাত পুনৰাগমন ঘটিছিল শ্ৰীদেৱীৰ । পৰৱৰ্তী সময়ত টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ষ্টেণ্ডিং অভেচন লাভ কৰিছিল ছবিখনে । বৰ্তমান প্ৰজন্মৰ মাজত শ্ৰীদেৱীৰ চান্দনীতকৈ অধিক পৰিচিত ইংলিছ ভিংলিছৰ সাশীৰ চৰিত্ৰটো ৷

নিঃসন্দেহে ৰূপালী পৰ্দাৰ অন্যতম কাৰিজমাটিক অভিনেত্ৰী শ্ৰীদেৱীৰ মৃত্যু আজিও থাকি গ’ল ৰহস্যৰ আৱৰ্তত ৷ উল্লেখ্যযোগ্য 2018 চনৰ 24 ফ্ৰেব্ৰুৱাৰীত ডুবাইৰ এখন হোটেলৰ বাথৰুমত উদ্ধাৰ হৈছিল অভিনেত্ৰীগৰাকীৰ মৃতদেহ ৷ ডুবাইত পৰিয়ালৰ এটা বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সপৰিয়ালে গৈছিল অভিনেত্ৰীগৰাকী ৷ কিন্তু সেই সময়তে বাথৰূমত কি হ’ল ? কেনেকৈ মৃত্যুমুখত পৰিল তেখেত - সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়ক: Boney Kapoor latest news: পত্নী শ্ৰীদেৱীৰ জীৱনীমূলক ছবি নিৰ্মাণ কৰিব বনী কাপুৰে

Last Updated :Feb 24, 2023, 3:36 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.