ETV Bharat / bharat

ৰাজচাঞ্চীত আজাদী কা অমৃত মহোৎসৱ উদযাপন

author img

By

Published : Apr 14, 2021, 9:56 PM IST

75-yrs-of-independence-rajasansi-air-force-station-celebrates-azadi-ka-amrut-mahotsav
ৰাজচাঞ্চী বায়ু সেনা কেন্দ্ৰত উদযাপন "আজাদী কা অমৃত মহোৎসৱ"

স্বাধীনতাৰ 75 তম বাৰ্ষিকী উপলক্ষে ভাৰত চৰকাৰে আয়োজন কৰা এক শৃংখলাবদ্ধ অনুষ্ঠান 'আজাদী কা অমৃত মহোৎসৱ' ৷ এই অনুষ্ঠানৰ অংশ হিচাপে মঙলবাৰে ৰাজচাঞ্চী বায়ু সেনা কেন্দ্ৰৰ উদ্যোগত সংযুক্ত বায়ু সেনা দলৰ দ্বাৰা পেৰা জাম্পিং প্ৰদৰ্শন ৷ দলটোৰ প্ৰদৰ্শনত প্ৰতিফলিত হ'ল আইএএফৰ 'গৌৰৱৰ সৈতে আকাশ স্পৰ্শ কৰক' শীৰ্ষক মূলমন্ত্ৰ ৷

নেচনেল ডেস্ক, 14 এপ্ৰিল : স্বাধীনতাৰ 75 তম বাৰ্ষিকী উপলক্ষে ভাৰত চৰকাৰে আয়োজন কৰিছে এক শৃংখলাবদ্ধ অনুষ্ঠান 'আজাদী কা অমৃত মহোৎসৱ' ৷ এই অনুষ্ঠানৰ অংশ হিচাপে মঙলবাৰে ৰাজচাঞ্চী বায়ু সেনা কেন্দ্ৰৰ উদ্যোগত সংযুক্ত বায়ু সেনা দলৰ দ্বাৰা পেৰা জাম্পিং প্ৰদৰ্শন কৰা হয় । দলটোৰ প্ৰদৰ্শনত আইএএফৰ 'গৌৰৱৰ সৈতে আকাশ স্পৰ্শ কৰক' শীৰ্ষক মূলমন্ত্ৰ প্ৰতিফলিত হোৱা পৰিলক্ষিত হয় ৷ পেৰা জাম্পাৰসকলে যুটীয়া অভিযান প্ৰদৰ্শন কৰি খাচা বিমানক্ষেত্ৰত অৱতৰণ কৰিছিল ৷ মন কৰিব লগীয়া যে, 2022 চনৰ 15 আগষ্টত দেশে 75 তম স্বাধীনতা দিৱস উদযাপন কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2021 চনৰ 12 মাৰ্চত আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা 'পদযাত্ৰা' (স্বাধীনতা মাৰ্চ) ৰ শুভাৰম্ভ কৰি 'আজাদী কা অমৃত মহোৎসৱৰ' শুভাৰম্ভ কৰিছিল ৷ এই উপলক্ষে 15 আগষ্ট 2022 লৈকে সমগ্ৰ দেশতে বিভিন্ন স্মাৰক অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে ৷

উল্লেখ্য যে, ৰাজচাঞ্চী বায়ু সেনা কেন্দ্ৰৰ বেচ কমাণ্ডাৰ গ্ৰুপ কেপ্টেইন শিৰিষ ঢাকতে পেৰা-জাম্পাৰসকলক খাচাত অৱতৰণ কৰাৰ পাছত সম্বৰ্ধনা জ্ঞাপন কৰে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বেচ কামাণ্ডাৰে দলৰ নেতাজনক অমৃত মহোৎসৱৰ লগ’ সহ এটা স্মাৰক প্ৰদান কৰে ৷

লগতে পঢ়ক : নদীত গা ধুৱলৈ গৈ ভাতৃ-ভগ্নীৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.