ETV Bharat / bharat

75 Years of Independence : এগৰাকী ব্যতিক্ৰমী, প্ৰকৃত দেশপ্ৰেমিক চন্দ্ৰশেখৰ আজাদ

author img

By

Published : Dec 25, 2021, 6:26 AM IST

75 Years of Independence
স্বাধীনতা সংগ্ৰামী চন্দ্ৰ শেখৰ আজাদ

আমাৰ দেশক বৃটিছৰ দাসত্বৰ পৰা মুক্ত কৰিবলৈ প্ৰাণ আহুতি দিয়া বিপ্লৱীসকলৰ ভিতৰত অন্যতম হৈছে চন্দ্ৰশেখৰ আজাদ । প্ৰকৃত দেশপ্ৰেমী চন্দ্ৰশেখৰ আজাদ, যাৰ নাম শুনিলেই হাতেৰে গোঁফ ঘূৰাই থকা এজন পুৰুষৰ প্ৰতিচ্ছবি মনলৈ আহে (Chandra Shekhar Azad, a true patriot) । আজাদৰ উদাত্ত ভাষণে দেশৰ যুৱকৰ মনত জাগ্ৰত কৰিছিল মাতৃভূমিক স্বাধীন কৰাৰ দুৰ্বাৰ হেঁপাহ ।

নেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ : "আমি শত্ৰুৰ গুলী বুকু পাতি ল'বলৈ সাজু, আমি মুক্ত আৰু মুক্ত হৈয়ে থাকিম" । এই সংকল্পটো চন্দ্ৰশেখৰ তিৱাৰী অৰ্থাৎ চন্দ্ৰশেখৰ আজাদৰ দেশপ্ৰেম আৰু সাহসৰ নিদৰ্শন আছিল । কেৱল তেওঁৰ জীৱনেই নহয়, তেওঁৰ মৃত্যুয়েও ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত বিপ্লৱৰ সূচনা কৰিছিল (Azad's contribution to India's freedom struggle) ।

১৯০৬ চনৰ জুলাই মাহত মধ্য প্ৰদেশৰ আলিৰাজপুৰ জিলাত জন্মগ্ৰহণ কৰা আজাদে মাত্ৰ ১৫ বছৰ বয়সতে জড়িত হৈ পৰিছিল মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ সৈতে (Non-cooperation movement) ।

অসহযোগ আন্দোলন অব্যাহত থকাৰ সময়ত বাৰাণসীত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু পিছত দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল । তেতিয়া দণ্ডাধীশৰ প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, তেওঁৰ নাম "আজাদ" আৰু "কাৰাগাৰ" তেওঁৰ ঠিকনা (Chandra Shekhar Azad, a true patriot) ।

চন্দ্ৰশেখৰ আজাদ, এগৰাকী ব্যতিক্ৰমী নেতা আৰু প্ৰকৃত দেশপ্ৰেমী

কম বয়সীয়া হোৱা বাবে আজাদক কাৰাদণ্ড বিহা হোৱা নাছিল, কিন্তু তেওঁক চাবুকেৰে কোবাবলৈ আৰক্ষীক নিৰ্দেশ দিছিল দণ্ডাধীশে । ইয়াৰ পাচতে ভাৰতীয় জাতীয় কংগ্ৰেছে তেওঁলৈ সমৰ্থন আগবঢ়ায় আৰু কম সময়ৰ ভিতৰতে তেওঁ জনপ্ৰিয় হৈ পৰে ।

ইয়াৰ পিছতে চন্দ্ৰশেখৰ তিৱাৰী জনাজাত হৈ পৰিছিল চন্দ্ৰশেখৰ আজাদ নামেৰে । ১৯২২ চনৰ ফেব্ৰুৱাৰী মাহত চৌৰিচৌৰাত বিপ্লৱী জনতাৰ আক্ৰোশৰ বলি হৈছিল কেইবাজনো আৰক্ষী ।

এই ঘটনাৰ পিছতে মহাত্মা গান্ধীয়ে স্থগিত কৰে অসহযোগ আন্দোলন । মহাত্মা গান্ধীৰ অসহযোগ আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্তক লৈ বাৰুকৈয়ে অসন্তুষ্ট হৈছিল আজাদ । ১৯২৫ চনৰ ৯ আগষ্টত বৃটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ চলাবলৈ পুঁজি সংগ্ৰহ কৰাৰ বাবে ৰে'লত ডকাইতি কাণ্ড সংঘটিত হৈছিল হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েছনে । সংস্থাটোৰ আন ১০ জন সদস্যৰ লগতে এই কাণ্ডৰে জড়িত আছিল চন্দ্ৰশেখৰ আজাদ ।

ৰে'ল ষ্টেচনৰ পৰা সংগ্ৰহ কৰা ধন কঢ়িয়াই অনা লক্ষ্ণৌ অভিমুখী এখন ৰে'লত লুটপাত চলাইছিল হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েছনৰ এই সদস্যকেইজনে । এই ঘটনাই স্তম্ভিত কৰিছিল ব্ৰিটিছ প্ৰশাসনক । লগে লগে এই ডকাইতি কাণ্ডৰ ষড়যন্ত্ৰকাৰীক বিচাৰি অভিযান আৰম্ভ কৰিছিল ব্ৰিটিছ প্ৰশাসনে ।

১৯৩১ চনৰ ২৭ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজৰ আলফ্ৰেড পাৰ্কত বহি আন্দোলন কাৰ্যসূচীৰ পৰিকল্পনা কৰি আছিল আজাদ আৰু তেওঁৰ সহযোগীসকলে । সেই সময়তে তেওঁক চাৰিওফালৰ পৰা আগুৰি ধৰে ব্ৰিটিছৰ আৰক্ষী বাহিনীয়ে । আজাদে তেওঁৰ পিষ্টলটো উলিয়াই আৰক্ষীলৈ টোঁৱাই তেওঁৰ সহযোগীসকলক এৰি দিবলৈ কয় । কেইবা ঘণ্টা ধৰি সংঘৰ্ষ অব্যাহত আছিল আৰক্ষী আৰু আজাদৰ মাজত । কিন্তু শেষত আজাদৰ পিষ্টলত মাত্ৰ এটা গুলী বাকী আছিল ।

সেই স্থানৰ পৰা পলায়ন কৰাৰো কোনো উপায় যে নাই সেয়া তেওঁ বুজিব পাৰিছিল । কিন্তু তেওঁ বৃটিছৰ বন্দী হ'বও বিচৰা নাছিল । অৱশেষত অন্তিমটো গুলীৰে নিজৰ জীৱন শেষ কৰাৰ সিদ্ধান্ত লয় আজাদে । চন্দ্ৰশেখৰ আজাদৰ ওচৰত এটা পিষ্টল আছিল আৰু মৰমতে তেওঁ এই পিষ্টলটোৰ নাম থৈছিল "বামতুল বুখাৰা" ।

পিষ্টলটো আছিল কল্ট মডেল 1903 পকেট হেমাৰলেছ ছেমি-অটো .32 ব'ৰ । এই পিষ্টলটোৰেই জীৱনটো শেষ কৰাৰ সিদ্ধান্ত লৈছিল আজাদে । চন্দ্ৰশেখৰ আজাদৰ সৈতে সংঘৰ্ষ হোৱাৰ পাচত উক্ত পিষ্টলটো ইংলেণ্ডলৈ লৈ গৈছিল বৃটিছ বিষয়াসকলে ।

কিন্তু ভাৰতে স্বাধীনতা লাভ কৰাৰ পাচত, ১৯৭৬ চনৰ ৩ জুলাইত এই পিষ্টলটো ভাৰতলৈ ঘূৰাই অনা হয় আৰু আলফ্ৰেড পাৰ্কত নিৰ্মিত এলাহাবাদ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হয় এই পিষ্টলটো । চন্দ্ৰশেখৰ আজাদৰ বীৰত্বৰ এনে বহুতো কাহিনী আছে, যিবোৰ কাহিনীয়ে আজিও যুৱ প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ মনোভাৱ জগাই তোলে । সাহসিকতাৰ বাবে আজাদ ভৰতবাসীৰ হৃদয়ত আৰু ইতিহাসৰ পৃষ্ঠাত অমৰ হৈ থাকিব । এইগৰাকী স্বাধীনতা সংগ্ৰামীক লৈ দেশবাসী সদায় গৌৰৱান্বিত হৈ থাকিব ।

লগতে পঢ়ক: Perovskite Solar Cell : গুৱাহাটী আই আই টিৰ গৱেষকৰ নতুন উদ্ভাৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.