ETV Bharat / bharat

Nagpur Girl Rape Case : চিকিৎসা প্ৰদানৰ অজুহাতত কিশোৰীক ধৰ্ষণ 63 বছৰীয়া বৃদ্ধৰ

author img

By

Published : Aug 18, 2023, 8:15 PM IST

63 Year Old Man Sexually Abused Minor Girl
কিশোৰীক ধৰ্ষণ 63 বছৰীয়া বৃদ্ধৰ

ৰামটেকত ৬৩ বছৰীয়া এগৰাকী বৃদ্ধই এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ এক ঘটনা পোহৰলৈ আহিছে ৷ চিকিৎসা কৰাৰ অজুহাতত কিশোৰী গৰাকীক ধৰ্ষণ কৰে অভিযুক্ত বৃদ্ধই ৷

নিউজ ডেস্ক, 18 আগষ্ট : নাগপুৰৰ ৰামটেকত ৬৩ বছৰীয়া এগৰাকী বৃদ্ধই এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৷ চিকিৎসা কৰাৰ অজুহাতত কিশোৰী গৰাকীক ধৰ্ষণ কৰে অভিযুক্ত বৃদ্ধজনে ৷

অভিযুক্তৰ উপৰ্যুপৰি যৌন নিৰ্যাতনৰ বাবে গৰ্ভৱতী হৈ পৰা কিশোৰীগৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়াৰ পিছতে এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহে ৷ ইতিমধ্যে ৰামটেক আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷ অভিযুক্তৰ নাম মনোহৰ সখাৰাম কাঠোকে (৬৩) বুলি জানিব পৰা গৈছে ।

নাগপুৰ জিলাৰ ৰামটেক থানাৰ সমীপত মাতৃ, পিতৃ, কনিষ্ঠ ভাতৃ, ভগ্নীৰ সৈতে থাকে ভুক্তভোগী কিশোৰীগৰাকী ৷ কাপোৰ শুকুৱাই থাকোঁতে বিদ্যুৎ পৰিবাহী খুঁটা ভাগি পৰি কিশোৰী গৰাকীৰ দুয়োখন হাত আৰু কান্ধ ভাঙি যায় ৷ প্ৰথম অৱস্থাত ৰামটেকৰ পাঠক মাল্টিস্পেচিয়েলিটি হস্পিতালত চিকিৎসা প্ৰদান কৰা হৈছিল তেওঁক ৷ ইয়াৰ মাজতে কিশোৰী গৰাকীৰ পিতৃ-মাতৃয়ে মহাদুলাৰ মনোহৰ সখাৰাম কাঠোকেৰ জৰিয়তে বনৌষধিৰে চিকিৎসা প্ৰদান কৰিছিল ভুক্তভোগীক ৷ মনোহৰ কাঠোকে ২০১৯ চনৰ ডিচেম্বৰৰ পৰা প্ৰতিদিনে পুৱা ১০ বজাত ভুক্তভোগীৰ ঘৰলৈ আহি তেওঁক চিকিৎসা প্ৰদান কৰিছিল ৷ এই চিকিৎসাৰ জৰিয়তে সকাহ পোৱাত ভুক্তভোগীৰ চিকিৎসা অব্যাহত থাকে।

২০২২ চনৰ জানুৱাৰী মাহত ভুক্তভোগীৰ পিতৃ-মাতৃয়ে আনদিনাৰ দৰেই পুৱা ন বজাত কামলৈ গৈছিল, ভাতৃ আৰু ভগ্নী স্কুললৈ গৈছিল ৷ তেনে সময়তে মনোহৰ কাঠোকে ভুক্তভোগীৰ ঘৰলৈ চিকিৎসাৰ বাবে আহিছিল ৷ দুয়োখন হাত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ভুক্তভোগীয়ে নিৰ্যাতন প্ৰতিহত কৰিব নোৱাৰিলে ৷ হত্যাৰ ভাবুকি দি অভিযুক্তই উপৰ্যুপৰি যৌন নিৰ্যাতন চলাইছিল ভুক্তভোগী কিশোৰীগৰাকীক ৷

অভিযুক্তই দিয়া ভাবুকিৰ বাবে আতংকিত হৈ পৰে কিশোৰীগৰাকী ৷ ইয়াৰ সুযোগ গ্ৰহণ কৰি মনোহৰ কাঠোকে প্ৰতিদিনে তেওঁক যৌন নিৰ্যাতন চলাইছিল ৷ যোৱা ৯ আগষ্টত ভুক্তভোগীৰ পেটত বিষ হোৱাত অভিযুক্ত মনোহৰ কাঠোকেক এই বিষয়ে কয় ৷ ইয়াৰ পিছতে অভিযুক্তই তেওঁক ৰিহান হাস্পতাল ৰামটেকলৈ চিকিৎসাৰ বাবে লৈ যায় আৰু চিকিৎসকে তেওঁক ৭ মাহৰ গৰ্ভৱতী বুলি কয় ৷ ইয়াৰ পাছতে এটি কন্যা শিশু জন্ম দিয়ে ভুক্তভোগীয়ে ।

ভুক্তভোগীৰ পিতৃ-মাতৃয়ে এই কথা জানিব পাৰি থানালৈ গৈ অভিযুক্ত মনোহৰ কাঠোকেৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত মনোহৰ কাঠোকেৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৩৭৬ (২) (এন) ৫০৬ ৰ অধীনত শিশু যৌন অপৰাধ সুৰক্ষা আইন ২০১২ (পকচো) ধাৰা ৪, ৫ (এল), ৫ (জে) (২), ৬, ৮, ১২ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে আৰু অভিযুক্ত মনোহৰ কাথোকেক গ্ৰেপ্তাৰ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক অনুসন্ধান চলাই আছে।

লগতে পঢ়ক : Buxar crime news : চকলেটৰ প্ৰলোভনেৰে অসৎ কামনা চৰিতাৰ্থ; ভুক্তভোগী পৰিয়ালক ভীতি প্ৰদৰ্শন অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.