ETV Bharat / bharat

Assam wrestling team:পাটনা ৰে’ল ষ্টেচন হঠাৎ অসুস্থ অসমৰ 6 মহিলা খেলুৱৈ

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 11:04 PM IST

মধ্যাহ্ন ভোজনৰ পিচতে অসুস্থ হ’ল অসমৰ 6 মহিলা খেলুৱৈ ৷ ব্ৰহ্মপুত্ৰ মেইলেৰে জামালপুৰলৈ অহাৰ সময়ত ছয়গৰাকী মহিলা খেলুৱৈ হঠাৎ অসুস্থ হৈ পৰে ৷ পাটনা ষ্টেচনত হৈছে এই ঘটনা ৷

Assam wrestling team
পাটনা ৰে’ল ষ্টেচন হঠাৎ অসুস্থ অসমৰ 6 মহিলা খেলুৱৈ

পাটনা ৰে’ল ষ্টেচন হঠাৎ অসুস্থ অসমৰ 6 মহিলা খেলুৱৈ

নিউজ ডেস্ক,10 অক্টোবৰ: বহিঃৰাজ্যত অসমৰ 6 খেলুৱৈ অসুস্থব্ৰহ্মপুত্ৰ মেইলেৰে জামালপুৰলৈ অহাৰ সময়ত ছয়গৰাকী মহিলা খেলুৱৈ হঠাৎ অসুস্থ হৈ পৰে ৷ মহিলা খেলুৱৈসকল অজ্ঞান হোৱাৰ লগে লগে ৰে’ল নিৰাপত্তাৰক্ষী আৰু টিটিইয়ে জামালপুৰ জি আৰ পি আৰু আৰ পি এফ ক ঘটনাটোৰ বিষয়ে অৱগত কৰে । তাৰ পিচতে অসুস্থ খেলুৱৈসকলক জামালপুৰ ষ্টেচনত নমাই চিকিৎসাৰ বাবে ইষ্টাৰ্ণ ৰে’লৱে মেইন চিকিৎসালয়ত ভৰ্তি কৰাই ।

অসুস্থ মহিলা খেলুৱৈসকল হৈছে জ্যোতি (১৫) , গোলাঘাটৰ মৌচুমী(১৩) বছৰ, তেজপুৰৰ সংগীতা (১৪), নগাঁৱৰ প্ৰণীতা (১৫), প্ৰভকাৰ দাস(১৭) , সুনীতা (১৬) আৰু নগাঁৱৰ সহ-প্ৰশিক্ষক পাপু ।
আনহাতে ৰে'ল চিকিৎসালয়ৰ অধীক্ষক ড৹ জে. কে. প্ৰসাদে কয় যে, অসুস্থ মহিলা খেলুৱৈসকল এতিয়া বিপদমুক্ত । মূৰ্চ্ছা যোৱাৰ কাৰণ হৈছে বিষাক্ত খাদ্য আৰু তাপ বুলি সন্দেহ কৰিছে চিকিৎসক গৰাকীয়ে ।

আনহাতে প্ৰশিক্ষক পাপুৱে জানিবলৈ দিয়া অনুসৰি, মধ্যপ্ৰদেশত অনুষ্ঠিত কুস্তি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অসম কুস্তি দলৰ মুঠ 14 গৰাকী মহিলা আৰু পুৰুষ খেলুৱৈ গৈছিল । প্ৰতিযোগিতাখন 1-7 অক্টোবৰলৈ মধ্যপ্ৰদেশত অনুষ্ঠিত হৈছিল । খেল সমাপ্তৰ পাচতে ঘৰলৈ ওভতি আহি আছিলো ৷

যেতিয়া পাটনাত ৰে’লখন ৰখাই তাৰ পিচতে সকলো খেলুৱৈয়ে প্ৰথমে ষ্টেচনৰ ওচৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল । দুপৰীয়াৰ আহাৰৰ পিচত 2 বজাত পাটনা ষ্টেচনত ব্ৰহ্মপুত্ৰ মেইল এক্সপ্ৰেছৰ সাধাৰণ কম্পাৰ্টমেণ্টত উঠিছিল । জেনেৰেল বগীত যথেষ্ট গৰম আৰু ভিৰ আছিল । ইয়াৰ ফলত প্ৰায় 6 জন খেলুৱৈৰ স্বাস্থ্যৰ অৱনতি ঘটে ।

লগতে পঢ়ক:Suicide case in Kanpur : কানপুৰত ২৫ বছৰে শয্যাশায়ী মহিলাৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.