ETV Bharat / bharat

ত্ৰিপুৰাত শ্ৰাদ্ধ অনুষ্ঠানত খাদ্য গ্ৰহণ কৰি ৫০ জন অসুস্থ

author img

By

Published : Jul 5, 2022, 7:57 PM IST

4 জুলাইত অতিথিসকলে পেটৰ বিষ, জ্বৰ, বমি আৰু ডায়েৰিয়া আদিত আক্ৰান্ত হ'বলৈ ধৰে । জানিব পৰা মতে, ইয়াৰে মাজৰ প্ৰায় ৫০ জন লোকক সংকটজনক অৱস্থাত ধুমাচেৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে (50 people admitted in Dhumacherra PHC) ।

a
a

নিউজ ডেস্ক, ৫ জুলাই : ত্ৰিপুৰাত খাদ্যত বিষক্ৰিয়া হৈ বহু লোক আক্ৰান্ত (Food poisoning in Tripura) । এক শ্ৰাদ্ধ অনুষ্ঠানৰ খাদ্য গ্ৰহণ কৰিছিল লোকসকলে । শ্ৰাদ্ধ অনুষ্ঠানৰ খাদ্য গ্ৰহণ কৰাৰ পিছতে প্ৰায় ৫০ জন লোক অসুস্থ হৈ পৰে (Around 50 people fell sick having food in Shradh ceremony) ।

উক্ত শ্ৰাদ্ধ অনুষ্ঠানলৈ বহু লোক আহিছিল আৰু তেওঁলোকে শ্ৰাদ্ধৰ খাদ্য গ্ৰহণ কৰিছিল । ইয়াৰ পিছতে 4 জুলাইত অতিথিসকলে পেটৰ বিষ, জ্বৰ, বমি আৰু ডায়েৰিয়া আদিত আক্ৰান্ত হ'বলৈ ধৰে । জানিব পৰা মতে, ইয়াৰে মাজৰ প্ৰায় ৫০ জন লোকক সংকটজনক অৱস্থাত ধুমাচেৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে (50 people admitted in Dhumacherra PHC) । আনহাতে, তাৰে মাজৰে মনু চাইলেংটা সমষ্টিৰ টিটিএএডিচিৰ সদস্য সঞ্জয় দাস আৰু তেওঁৰ পত্নীক উন্নত চিকিৎসাৰ বাবে মনু চিকিৎসালয়ৰ পৰা কুলাই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

ধলাই জিলাৰ মুখ্য চিকিৎসা বিষয়া ডাঃ এপোলো কলোইৱে ইটিভি ভাৰতৰ (ETV Bharat) সাংবাদিকক জনোৱা মতে, "প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে । আজি পুৱা আমি ইতিমধ্যে খাদ্য সুৰক্ষা বিষয়াসহ চিকিৎসা বিষয়াসকলৰ এটা দলক কেঁচা সামগ্ৰী আৰু ৰন্ধা খাদ্য সংগ্ৰহ কৰিবলৈ পঠিয়াইছোঁ । তাৰ পৰা গ্ৰহণ কৰা খাদ্য পৰীক্ষাৰ বাবে আগৰতলালৈ প্ৰেৰণ কৰা হৈছে (raw materials and cooked food sent to Agartala) । আমি আক্ৰান্ত ৰোগীসকলৰ শৌচ-বমিও সংগ্ৰহ কৰিম ।"

জানিব পৰা মতে, এতিয়ালৈকে 26 জন লোক হস্পিটেলত ভৰ্তি হৈছে আৰু প্ৰায় 20 জনৰ বমি, ডায়েৰিয়াৰ দৰে মৃদু লক্ষণ আছে । প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁলোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি তেওঁলোকক যাবলৈ দিয়া হৈছে । তেওঁ লগতে জানিবলৈ দিয়ে যে যিসকলে প্ৰথম, দ্বিতীয় আৰু তৃতীয় বাৰত খাদ্য খাইছিল তেওঁলোকৰ কোনো সমস্যা হোৱা নাছিল । অৱশ্যে শ্ৰাদ্ধ অনুষ্ঠানত চতুৰ্থ দলটোৰ পৰা খাদ্য খোৱা লোকসকল আনকি ঘৰৰ মালিকো অসুস্থ হৈ পৰে । গৃহস্থৰ বৰ্তমান অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক :Money Laundering: আজম খানৰ পত্নী-পুত্ৰক ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.