ETV Bharat / bharat

নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড: নিহত ৪

author img

By

Published : Apr 10, 2021, 11:53 AM IST

নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪
নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪

শুকুৰবাৰে নিশা নাগপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । ফলত নিহত হয় চাৰিজন লোক আৰু আহত হয় কেবাজনো লোক । চিকিৎসালয়খনৰ দ্বিতীয় মহলাৰ আইচিইউৰ পৰা জুইৰ সূত্ৰপাত হৈছিল ।

নেশ্যনেল ডেস্ক,১০ এপ্ৰিল: শুকুৰবাৰে নিশা মহাৰাষ্ট্ৰৰ নাগপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । ফলত নিহত হয় চাৰিজন লোক আৰু আহত হয় কেবাজনো লোক । ঘটনা অনুসৰি, নাগপুৰৰ ৱাদিস্থিত ব্যক্তিগত চিকিৎসালয়খনত নিশা ৮.১০ বজাত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডটো । অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ লগে লগে দুৰ্ঘটনাস্থলীত কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ততাতৈয়াকৈ উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ।

জানিব পৰা মতে, চিকিৎসালয়খনৰ দ্বিতীয় মহলাৰ আইচিইউৰ পৰা জুইৰ সূত্ৰপাত হৈছিল । সৌভাগ্যক্ৰমে অন্য স্থানলৈ জুই বিয়পি পৰা নাছিল । যাৰ ফলত চিকিৎসালয়খনৰ আন ৰোগীসকল সুৰক্ষিত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: পশ্চিম বংগৰ সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.