ETV Bharat / bharat

যাত্ৰীবাহী বাছ নদীত বাগৰি 2 জন নিহত, কেইবাজনো আহত

author img

By

Published : Sep 13, 2022, 10:56 PM IST

মধ্যপ্ৰদেশৰ খাণ্ডৱাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in MP)৷ ইন্দোৰ-ইচাপুৰ ঘাইপথৰ ধাংগাঁৱৰ ওচৰত এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই সপ্তছই নদীত বাগৰি পৰে (Bus falls into river)৷ এই ভয়ংকৰ পথ দুৰ্ঘটনাত 30 গৰাকী যাত্ৰী আহত হোৱাৰ বিপৰীতে দুজন যাত্ৰী থিতাতে নিহয় হয় ( 30 passengers injured in accident)৷

যাত্ৰীবাহী বাছ নদীত বাগৰি 2 জন নিহত
several injured as bus falls into river in Khandwa

নেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ: মধ্যপ্ৰদেশৰ খাণ্ডৱাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে (Road accident in MP)৷ মঙলবাৰে বিয়লি 5.30 বজাত ইন্দোৰ-ইচাপুৰ ঘাইপথৰ ধাংগাঁৱৰ ওচৰত এখন যাত্ৰীবাহী বাছে অভাৰটেক কৰাৰ সময়তেই নিয়ন্ত্ৰণ হেৰুৱাই সপ্তছই নদীত বাগৰি পৰে (Bus falls into river)৷

এই ভয়ংকৰ পথ দুৰ্ঘটনাত 30 গৰাকী যাত্ৰী আহত হোৱাৰ বিপৰীতে দুজন যাত্ৰী থিতাতে নিহয় হয় ( 30 passengers injured in accident)৷ লগে লগে দুৰ্ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহতসকলক উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি এই দুৰ্ঘটনাত বাছখনৰ অৰ্ধশতাংশ নদীত ডুব গৈছিল ৷

আৰক্ষী অধীক্ষক বিবেক সিঙে ঘটনাস্থলীত উপস্থিত হৈ এই দুৰ্ঘটনা সন্দৰ্ভত কয় যে বাছখন ছানাৱাদৰ পৰা খাণ্ডৱাল অভিমুখে আহি আছিল ৷ এই দুৰ্ঘটনাত চিকিৎসাৰ সময়ত এজন যাত্ৰীৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে ঘটনাস্থলীতেই এজন যাত্ৰীৰ মৃত্যু হয় (2 died in accident) ৷

ইতিমধ্যে আহতসকলক চিকিৎসাৰ বাবে ধাংগাঁও চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ গুৰুতৰভাৱে আহত হোৱা যাত্ৰীসকলক উন্নত চিকিৎসাৰ বাবে ইন্দোৰলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ বৰ্তমান আহত যাত্ৰীসকলৰ দুজনৰ অৱস্থা সংকটজনক জানিব পৰা গৈছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী সিন্দে আৰু শিৱ সেনাৰ ফৈদৰ মাজত সংঘাত অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.