ETV Bharat / bharat

Independence Day celebrations: লালকিল্লাৰ অনুষ্ঠানলৈ দেশৰ ১৮০০ গৰাকী লোকক বিশেষ অতিথিৰূপে আমন্ত্ৰণ

author img

By

Published : Aug 14, 2023, 12:16 PM IST

লালকিল্লাৰ স্বাধীনতা দিৱসত ১,৮০০ গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে । ৬৬০ খনতকৈও অধিক গাঁৱৰ ৪০০ ৰো অধিক চাৰপঞ্চ বা গাঁওবুঢ়া অন্তৰ্ভুক্ত আছে । কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পৰ কৰ্মচাৰী, কৃষক, খাদী কৰ্মী, বিদ্যালয়ৰ শিক্ষক, নাৰ্ছ, মাছমৰীয়া আদিও এই অতিথিৰ ভিতৰত অন্তৰ্ভুক্ত আছে ।

Independence Day celebrations
লালকিল্লাৰ অনুষ্ঠানলৈ দেশৰ ১,৮০০ গৰাকী লোকক আমন্ত্ৰণ

নেশ্যনেল ডেস্ক, ১৪ আগষ্ট : স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশবাসী সাজু হৈছে । ৰাজধানী দিল্লীৰ লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে । এইবাৰ লালকিল্লাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ১,৮০০ গৰাকী লোকক আমন্ত্ৰণ জনোৱা হৈছে । সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ এই লোকসকলক অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ লালকিল্লাৰ পৰা ৭৭ সংখ্যক স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰিব ।

চৰকাৰৰ 'জন ভাগীদাৰী'ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ লোৱা হৈছে । প্ৰকাশিত তথ্য অনুসৰি, প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫ গৰাকী দম্পতীক তেওঁলোকৰ পৰম্পৰাগত পোছাক পৰিধান কৰি লালকিল্লাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে । লালকিল্লা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা এই বিশেষ অতিথিসকলৰ ভিতৰত আছে ৬৬০ খনতকৈও অধিক গাঁৱৰ ৪০০ ৰো অধিক গাঁওবুঢ়া; কৃষক সংগঠনৰ পৰা ২৫০ গৰাকী; প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ হিতাধিকাৰী ৫০ গৰাকীকৈ লোক ।

নতুন সংসদ ভৱনকে ধৰি কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পৰ প্ৰায় ৫০ গৰাকী নিৰ্মাণ কৰ্মী; খাদী শ্ৰমিক, সীমান্ত পথ নিৰ্মাণ, অমৃত সৰোবৰ আৰু হৰ ঘৰ জল যোজনা নিৰ্মাণৰ সৈতে জড়িত ৫০ গৰাকীকৈ লোককে ধৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, নাৰ্ছ আৰু মাছমৰীয়াকো আমন্ত্ৰণ জনোৱা হৈছে ।

ইয়াৰে একাংশ বিশেষ অতিথিয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰাৰ কথা আছে আৰু দিল্লীত থকাৰ সময়ছোৱাত মন্ত্ৰী অজয় ভট্টক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । এই বছৰৰ স্বাধীনতা দিৱসৰ লগে লগে 'আজাদী কা অমৃত মহোৎসৱ' উদযাপনৰ সমাপ্তি ঘটিব ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২১ চনৰ ১২ মাৰ্চত গুজৰাটৰ আহমেদাবাদৰ সাবৰমতী আশ্ৰমৰ পৰা আজাদী কা অমৃত মহোৎসৱৰ আৰম্ভ কৰিছিল । যাৰ উদ্দেশ্যে আছিল ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সপোন পূৰণ কৰিবলৈ নতুন উদ্যমেৰে দেশখনক 'অমৃত কাল'লৈ প্ৰৱেশ কৰা ।

৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে কেইবাটাও নতুন পদক্ষেপ লোৱা হৈছে । যোৱা বছৰৰ তুলনাত এইবাৰ বেছি সংখ্যক অতিথিক আমন্ত্ৰণ জনোৱা হৈছে । ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, ইণ্ডিয়া গেট, বিজয় চক, নতুন দিল্লী ৰেল ষ্টেচন, প্ৰগতি ময়দান, ৰাজ ঘাট, জামা মছজিদ মেট্ৰ' ষ্টেচন, ৰাজীৱ চক মেট্ৰ' ষ্টেচন, দিল্লী গেট মেট্ৰ' ষ্টেচন, আইটিঅ' মেট্ৰ' গেট, নৌবাট খানা আৰু শ্বীশ গঞ্জ গুৰুদ্বাৰাকে ধৰি ১২ টা স্থানত চৰকাৰৰ বিভিন্ন আঁচনি আৰু পদক্ষেপৰ বাবে ছেলফি পইণ্ট স্থাপন কৰা হৈছে ।

পদক্ষেপবোৰৰ ভিতৰত আছে গ্লোবেল হোপ, ভেকছিন আৰু যোগ, উজ্জ্বলা যোজনা, মহাকাশ শক্তি, ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া, ষ্টাৰ্ট-আপ ভাৰত, স্বচ্ছ ভাৰত, সাশক্ত ভাৰত, নয়া ভাৰত, ভাৰতক শক্তি প্ৰদান কৰা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু জল জীৱন মিছন । উদযাপনৰ অংশ হিচাপে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে ১৫-২০ আগষ্টলৈ মাইগভ পৰ্টেলত এক অনলাইন চেলফি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ লোকসকলক এই ১২ টা আঁচনিৰ এটা বা একাধিকত চেলফি ল'বলৈ আৰু সেইবোৰ মাইগভ প্লেটফৰ্মত আপলোড কৰিবলৈ কোৱা হৈছে ।

অনলাইন চেলফি প্ৰতিযোগিতাৰ আধাৰত প্ৰতিটো ইনষ্টলেশ্বনৰ পৰা ১২ গৰাকী বিজয়ী বাছনি কৰা হ'ব । বিজয়ীসকলক প্ৰত্যেককে ১০,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক :77th Independence Day: 77 সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্ব সন্ধিয়া দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.