ETV Bharat / bharat

Ludhiana Gas Leak Update : গেছ নিৰ্গত হৈ পঞ্জাৱত মৃত্যু 11 জন লোকৰ

author img

By

Published : Apr 30, 2023, 12:55 PM IST

Etv Bharat
Etv Bharat

পঞ্জাৱত গাখীৰ কাৰখানাত গেছ নিৰ্গত হৈ সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ 11 জন লোকৰ মৃত্যু হোৱাৰ লগতে 11 জন গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন অৱস্থাত আছে ৷ ঘটনাটোত ক্ষতিগ্ৰস্ত লোকসকললৈ সাহায্য প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ (Ludhiana Gas Leak Update) ৷

নেশ্যনেল ডেস্ক, 30 এপ্ৰিল : পঞ্জাৱৰ গিয়াছপুৰা অঞ্চলত দেওবাৰৰ পুৱাৰ ভাগত ভেৰকা বুথত গেছ নিৰ্গত হোৱাৰ ফলত 11 জন লোকৰ মৃত্যুৰ ঘটে ৷ এই খবৰ পোহৰলৈ অহাৰ পিচতে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত । সম্প্ৰতি উক্ত স্থানত চিকিৎসকৰ দল উপস্থিত হৈছে । উল্লেখ্য যে, আজি পুৱা লুধিয়ানাৰ গিয়াছপুৰা অঞ্চলৰ এটা কাৰখানাৰ পৰা গেছ নিৰ্গত হোৱাৰ বাবে বহু লোক আৱদ্ধ হৈ পৰে । গিয়াছপুৰাৰ ছুৱা ৰোডত অৱস্থিত এটা কাৰখানাত সংঘটিত হৈছে গেছ নিৰ্গত হোৱাৰ ঘটনাটো, যাৰ বাবে বহুলোক অসুস্থতাত ভোগা পৰিলক্ষিত হৈছে (gas leakage ludhiana) ।

ইয়াৰোপৰি, ঘটনা সংঘটিত হোৱা স্থানৰ সমীপত অৱস্থিত ঘৰবোৰৰ মানুহবোৰ ঘৰতে অজ্ঞান হৈ পৰিছে আৰু কোনেও বাহিৰলৈ ওলাই যাব পৰা নাই বুলি জানিবলৈ পৰা গৈছে । স্থানীয় সূত্ৰৰ পৰা জানিবলৈ পোৱা অনুসৰি, গেছ নিৰ্গত হোৱাৰ ফলত 300 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অৱস্থিত লোকসকলে উশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে । ঘটনাস্থলীত আৰক্ষী, চৰকাৰী বিষয়া আৰু এন ডি আৰ এফৰ দল উপস্থিত (gas leakage ludhiana update)।

মুখ্যমন্ত্ৰী ভগৱন্ত মানে দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে সমগ্ৰ ঘটনাটোত টুইটযোগে শোক প্ৰকাশ কৰে ৷ তেওঁ লগতে কয় যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে । দুৰ্ঘটনাটোত নিহতসকলক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰাৰ লগতে সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (bhagwant mann tweet on gas leakage )।

বিস্তৃত তথ্য অনুসৰি, সীতাৰা নামৰ চিনেমা হলৰ সমীপৰ গাখীৰৰ কাৰখানাত সংঘটিত হৈছে এই ঘটনাটো । সাধাৰণ নাগৰিকৰ লগতে উক্ত স্থানত উপস্থিত হোৱা আৰক্ষী বিষয়াও অজ্ঞান হৈ পৰিছে বুলি জানিবলৈ পৰা গৈছে । ইয়াৰ পিচতে ছীল কৰি দিয়া হৈছে অঞ্চলটো । ঘটনা সংঘটিত হোৱা গোৱাল মিল্ক প্লাণ্ট নামৰ কাৰখানাটোত বহু বৃহৎ কোম্পানীৰ দুগ্ধজাত সামগ্ৰী আহে আৰু বহু অঞ্চললৈ ইয়াক যোগান ধৰা হয় (Punjab CM)।

স্থানীয় জনপ্ৰতিনিধিসকলেও ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ চৰকাৰী সূত্ৰই জনোৱা মতে, উশাহ-নিশাহ লোৱাত কষ্ট পোৱাৰ অভিযোগ কৰা প্ৰায় ১১ জন লোকৰ অৱস্থা সংকটজনক । ক্ষতিগ্ৰস্ত লোকসকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বহু স্থানীয় লোকে নিজৰ জীৱন ৰক্ষাৰ বাবে ঘৰ এৰি থৈ যায় বুলিও জানিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : Same sex marriage : ন্যায়িক প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে হিমাচল প্ৰদেশত সম্পন্ন হ’ল সমলিংগীয় বিবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.