গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ - ইটিভি ভাৰত অসম
🎬 Watch Now: Feature Video

Published : March 15, 2026 at 11:24 AM IST
|Updated : March 15, 2026 at 12:34 PM IST
দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দেওবাৰে উপস্থিত হৈছে গুৱাহাটীৰ প্রাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু হাস্পতালত । ৰাজ্যবাসীৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে এই মেডিকেল কলেজ আৰু হাস্পতালখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব । একেটা অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্রীয়ে আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত গোলাঘাট কেন্সাৰ চেণ্টাৰ আৰু তিনিচুকীয়া কেন্সাৰ চেণ্টাৰ উদ্বোধন কৰিব । তদুপৰি ভাৰ্চুৱেলী ডিফু মেডিকেল কলেজ আৰু হাস্পতালত চুপাৰ স্পেচিয়েলিটি হাস্পতাল, যোৰহাট মেডিকেল কলেজ আৰু হাস্পতালত চুপাৰ স্পেচিয়েলিটি হাস্পতাল, বৰপেটা মেডিকেল কলেজ আৰু হাস্পতালত চুপাৰ স্পেচিয়েলিটি হাস্পতাল, অভয়াপুৰী জিলা হাস্পতাল আৰু গুৱাহাটীৰ ছয়মাইলৰ স্বাস্থ্য ভৱনৰ আধাৰশিলা স্থাপন কৰিব । এই অনুষ্ঠানৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্রীয়ে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈ 'যুৱ শক্তি সমাৰোহ'ত অংশ গ্ৰহণ কৰিব । প্রাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু হাস্পতালৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ....