খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ LIVE

🎬 Watch Now: Feature Video

thumbnail
খানাপাৰাত স্বাধীনতা দিৱস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 15, 2026 at 8:54 AM IST

|

Updated : August 15, 2026 at 9:06 AM IST

1 Min Read
Choose ETV Bharat

সমগ্ৰ দেশৰ লগতে শনিবাৰে অসমেও ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে । গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে আৰু আৰক্ষীৰ অভিবাদন গ্রহণ কৰে । মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰা সময়ত ভাৰতীয় বায়ু সেনাৰ ৩ খন হেলিকপ্টাৰেৰে আকাশমাৰ্গৰ পৰা পুষ্পবৃষ্টি কৰা হয় । এইবাৰ স্বাধীনতা দিৱসৰ পেৰেডত প্ৰথমবাৰৰ বাবে বিহু নৃত্য সংযোজন কৰা হয় আৰু এন চি চিৰ প্ৰথম বেটেলিয়নৰ বেণ্ডৰ দলে বিহু নৃত্য পৰিৱেশন কৰে । পেৰেডত প্ৰায় ২৫ টা প্লাটুনে অংশ লয় ৷ খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Last Updated : August 15, 2026 at 9:06 AM IST