পেপচিকো প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ LIVE

🎬 Watch Now: Feature Video

thumbnail
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma FB)

By ETV Bharat Assamese Team

Published : September 10, 2026 at 1:06 PM IST

|

Updated : September 10, 2026 at 1:31 PM IST

1 Min Read
Choose ETV Bharat

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নলবাৰী জিলাৰ বানেকুছিত স্থাপন কৰা বহুৰাষ্ট্ৰীয় কৃষিভিত্তিক উদ্যোগ পেপচিকোৰ খাদ্য উৎপাদন কাৰখানাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০২৩ চনৰ ৬ ছেপ্টেম্বৰত এই প্ৰকল্পটোৰ ভূমিপূজন কৰিছিল আৰু ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ আনুষ্ঠানিকভাৱে মুকলিৰ বাবে সাজু হৈ উঠিছে ।

পেপচিকো কোম্পানীটো নিৰ্মাণৰ বাবে নলবাৰীৰ বানেকুছিৰ ৰাইজে ১৫০ বিঘা ভূমি প্ৰদান কৰিছে । এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পাছত নলবাৰী জিলাৰ ৫০০ নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভূমি পূজন অনুষ্ঠানত ঘোষণা কৰিছিল ।

তদুপৰি পেপচিকো প্ৰকল্পটোৰ সকলো খাদ্য-সামগ্ৰীৰ মূল উৎপাদক হ’ব আলু । এই কোম্পানীটোক এবছৰত প্ৰায় ৭০ হাজাৰ মেট্ৰিকটন আলুৰ প্ৰয়োজন হ’ব । পেপচিকো কোম্পানীয়ে নলবাৰীকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ পৰা যিমান আলু উৎপাদন হ’ব সকলো ক্ৰয় কৰিব । ইয়াৰ দ্বাৰা খেতিয়কসকলে আলু বিক্ৰীৰ এখন ডাঙৰ বজাৰো পাব বুলি আশা কৰা হৈছে ৷

Last Updated : September 10, 2026 at 1:31 PM IST