ETV Bharat / state

বছৰৰ শেষত জানো আহক চৰকাৰৰ উচ্ছেদৰ কিছু তথ্য

বিদায় ল’বলৈ হ’ল আৰু এটা বর্ষই । ২০২৫ চনৰ শেষৰ ভাগলৈকে বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদত কিমান সফল হ’ল বিজেপি চৰকাৰ ?

Assam govt eviction policies
চৰকাৰী বেদখলকৃত ভূমি উচ্ছেদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 25, 2025 at 1:49 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও : চাওঁতে চাওঁতে বিদায় পৰত আৰু এটা বর্ষ । ২০২৫ চনক বিদায় দি এটা নতুন বছৰক আদৰিবলৈ এতিয়া সকলো হৈ পৰিছে ব্যস্ত । বহু ঘটনা পৰিঘটনাৰ সাক্ষী ২০২৫ বৰ্ষতো চৰকাৰী বেদখলকৃত ভূমি উচ্ছেদৰ বাবে ব্যাপক তৎপৰতা অৱলম্বন কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ।

বিজেপিৰ কাৰ্যকালত বিগত সময়ত ৰাজ্যৰ বৃহৎ চৰকাৰী ভূমি বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে । একাংশ বেদখলকাৰীয়ে বিগত সময়ত ৰাজ্যখনৰ চৰকাৰী মাটি, সংৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় অভয়াৰণ্য, ভি জি আৰ, পি জি আৰৰ মাটি বেদখল কৰি আহিছে । যাৰ বিৰুদ্ধে ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰে দয়া নাই, ক্ষমা নাই নীতিৰে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে ।

ৰাজহ বিভাগৰ তথ্য অনুসৰি ৰাজ্যত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পৰা এই পৰ্যন্ত মুঠ ১২,০০০ হেক্টৰ মাটি বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে । তথ্য অনুসৰি, বেদখলমুক্ত কৰা বনাঞ্চল, পি জি আৰ, ভি জি আৰৰ ভূমিৰ পৰিমাণ ১২,০০০ হেক্টৰ ।

Assam govt eviction policies
চলিত বছৰৰ উচ্ছেদ (ETV Bharat Assam)

এফালৰ পৰা যেনে- বনাঞ্চল, চৰকাৰী ভি জি আৰ, পি জি আৰৰ মাটি বেদখল কৰি একাংশ লোকে সামাজ্য বিস্তাৰ কৰিছিল ৷ সেই কথা বিজেপি চৰকাৰৰ উচ্ছেদ অভিযানেই পোহৰলৈ আনিছে ।

ৰাজহ বিভাগৰ হাতত থকা ষষ্ঠ অনুসূচীৰ জিলাক বাদ দি ২৭খন জিলাৰ তথ্য মতে, বিজেপি চৰকাৰৰ দুটা শাসনকালত উচ্ছেদিত পৰিয়ালৰ সংখ্যা ১৩,৮৩৫ টা আৰু উচ্ছেদিত পৰিয়ালৰ ব্যক্তিৰ সংখ্যা প্রায় ৩০ হাজাৰ ।

Assam govt eviction policies
চলিত বছৰৰ উচ্ছেদ (ETV Bharat Assam)

কঠোৰ পদক্ষেপ গ্ৰহণ কৰি উচ্ছেদ চলোৱা লোকসকলে যাতে কিছুদিনৰ পাছত পুনৰ মাটি বেদখল কৰিব নোৱাৰে তাৰ বাবেও সেই লোকসকলক নিজৰ নিজৰ জিলালৈ যোৱাৰ নিৰ্দেশ দিয়াৰ লগতে সেই লোকসকলক ভাৰাঘৰ নিদিবলৈ ৰাইজক মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আহ্বান জনাইছে ।

Assam govt eviction policies
চলিত বছৰৰ উচ্ছেদ (ETV Bharat Assam)

তথ্য অনুসৰি, ২০২৫ বৰ্ষত গোলাঘাটৰ উৰিয়ামঘাটত ১২০০ হেক্টৰ বনভূমি বেদখলমুক্ত কৰা হয় । সেই অনুসৰি, নগাঁৱত ৭৯৫ হেক্টৰ, ধুবুৰীত ৪৫০ হেক্টৰ, গোৱালপাৰাত ১৫৩ হেক্টৰ, বিশ্বনাথত ২৩ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হয় বিদায়ী বৰ্ষটোত ।

Assam govt eviction policies
চৰকাৰী বেদখলকৃত ভূমিত উচ্ছেদ (ETV Bharat Assam)

ৰাজ্যৰ চৰকাৰী আৰু বনাঞ্চলৰ ভূমি বেদখল কৰা প্ৰায় ৫০০০ টা পৰিয়াল উচ্ছেদ কৰে হৈছে চলিত বর্ষটোত । তথ্য অনুসৰি, গোলাঘাটত ২,০০০ টা পৰিয়াল, নগাঁৱত ১,৭০০ টা পৰিয়াল, গোৱালপাৰাত ১,০৮০ টা পৰিয়াল, বিশ্বনাথত ৩০৯ টা পৰিয়াল, লখিমপুৰত ১১৪ টা পৰিয়াল আৰু গুৱাহাটী ২৪ টা পৰিয়াল উচ্ছেদ কৰা হয় ।

Assam govt eviction policies
চৰকাৰী বেদখলকৃত ভূমিত উচ্ছেদ (ETV Bharat Assam)

উল্লেখযোগ্য যে, চলিত বছৰৰ সৰ্ববৃহৎ উচ্ছেদ হিচাপে পৰিগণিত হৈছে উৰিয়ামঘাট আৰু নগাঁৱৰ লুতুমাৰী বনাঞ্চলৰ উচ্ছেদ অভিযান ।

লগতে পঢ়ক : কান্দোন নহয়, এইবাৰ উচ্ছেদত হাঁহি বিৰিঙিছে এক বৃহৎ অঞ্চলবাসীৰ মুখত

লগতে পঢ়ক : ২৫০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য: নগাঁৱৰ জলাশয়ত অব্যাহত উচ্ছেদ অভিযান

লগতে পঢ়ক : এফালে উচ্ছেদ, আনফালে পেটৰ ভোক: পানীৰে বিস্কুট খাই ক্ষুধা নিবাৰণৰ চেষ্টা এটি কণমানিৰ

লগতে পঢ়ক : লুটুমাৰীত উচ্ছেদ, উচ্ছেদিতৰ হাহাকাৰ, ভঙা মছজিদৰ সন্মুখতে দুপৰীয়াৰ নামাজ আদায়