লুটুমাৰীত উচ্ছেদ, উচ্ছেদিতৰ হাহাকাৰ, ভঙা মছজিদৰ সন্মুখতে দুপৰীয়াৰ নামাজ আদায়
প্ৰথমদিনাৰ উচ্ছেদ অভিযানতে প্ৰায় ৮০ শতাংশ ভূমি বেদখলমুক্ত কৰিলে প্ৰশাসনে । ভাঙি পেলোৱা মছজিদৰ সন্মুখতে আদায় কৰিলে নামাজ ।

Published : November 29, 2025 at 8:50 PM IST
নগাঁও: মুকলি আকাশৰ তলেই যেন শেষ আশ্ৰয় হৈ পৰিছে লুটুমাৰীৰ উচ্ছেদিতৰ । উচ্ছেদৰ পাছতেই আশ্ৰয় অভাৱত হিয়াঢাকুৰি কান্দিছে উচ্ছেদিতই । হাতত কিতাপ লৈ শৈক্ষিক ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে কণ কণ ছাত্ৰ-ছাত্ৰী ।
হয়, এনে এক অৱস্থাই এতিয়া বিৰাজমান নগাঁও জিলাৰ কামপুৰৰ লুটুমাৰীত । শনিবাৰে পুৱাৰ পৰা লুটুমাৰীৰ বনাঞ্চলৰ ভূমি বেদখল কৰি আশ্ৰয় লৈ থকা ডেৰ হাজাৰ পৰিয়ালক উচ্ছেদৰ বাবে বুলড’জাৰ চলাই দিয়াৰ পাছতেই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় উচ্ছেদিতৰ মাজত ।
অন্য ঠাইত মাটি থকা একাংশ লোকৰ লগতে বিভিন্ন প্ৰান্তৰ ভূমিহীন লোকে প্ৰায় ৩০, ৪০ বছৰ ধৰি লুটুমাৰী বনাঞ্চল দখল কৰি বসবাস কৰি থকাৰ পাছত বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰিবলৈ চৰকাৰ, প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰি দিয়াত এতিয়া বিশেষকৈ ভূমিহীন লোকসকল একপ্ৰকাৰ বিপদৰ সন্মুখীন হৈছে ।
শনিবাৰৰ পৰা নগাঁও জিলা প্ৰশাসনে আৰম্ভ কৰা উচ্ছেদ অভিযানৰ পূৰ্বেই অঞ্চলটোৰ প্ৰায় ৭০ শতাংশ লোকেই স্বেচ্ছাই বনাঞ্চলৰ ভূমি এৰি আত্মীয় তথা অন্য স্থানলৈ ঢাপলি মেলিছে । কিন্তু ইয়াৰ বিপৰীতে আন একাংশই শনিবাৰে প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পাছত লুটুমাৰীৰ কান্দাপৰা, চাংখোলা, বেদাৰীপাৰ, মাজগাঁও, পদুমণি আদি এলেকাৰ উচ্ছেদিতই আশ্ৰয়ৰ অভাৱত একপ্ৰকাৰ হাহাকাৰ কৰিবলগীয়া হৈছে ।

এনে এক পৰিস্থিতিৰ মাজত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছত মুকলি আকাশৰ তলেই যেন আশ্ৰয়স্থলী হৈ পৰিছে একাংশ উচ্ছেদিতৰ বাবে । শনিবাৰে পুৱাৰ ভাগত উচ্ছেদ কৰা ঘৰৰ ভেঁটিতেই নিজৰ নিজৰ সন্তানক সাবটি মুকলি আকাশৰ তলত আশ্ৰয় লৈছে কেবাগৰাকী মহিলাই ।
লুটুমাৰীৰ বেদেৰীপাৰৰ উচ্ছেদিত এগৰাকী মহিলাই হিয়াঢাকুৰি কান্দি কয়, "মোৰ ঘৰ আছিল ভুৰগাঁৱত । আজিৰ পৰা ২০-২৫ বছৰ ধৰি এই স্থানতে আছো । কিন্তু এতিয়া আমাক এই স্থানৰ পৰাও উচ্ছেদ কৰিছে । আমি ইয়াত বহি থাকিলেও পুলিচে খেদে । আমাৰ আশ্ৰয় বুলিবলৈ একোৱেই নাই । এতিয়া আমি কলৈ যাম কি কৰিম । আমাক থাকিবলৈ সুবিধা নিদিলে গুলীয়াই মাৰি পেলাওক । আমাক মাৰি পেলোৱাই ভাল নহ'লে আমাৰ আন কোনো উপায় নাই ।”

একেদৰে ধুবুৰীৰ পৰা আজিৰ পৰা ২০-২৫ বছৰ পূৰ্বে আহি লুটুমাৰীৰ বেদেৰীপাৰ অঞ্চলত বাস কৰা এগৰাকী লোকে কয়, "আমাৰ ঘৰ-বাৰী খহনীয়াত জাহ গৈছিল । তাৰ পাছৰ পৰা এই স্থানত আশ্ৰয় লৈছিলো । এতিয়া প্ৰশাসনে জাননী দিয়াৰ পাছত আমি নিজেই আঁতৰি দিছো । আমাৰ ঘৰৰ কিছু অংশ আজি প্ৰশাসনে উচ্ছেদ কৰিছে । এতিয়া আমাৰ আশ্ৰয় নোহোৱা হৈছে ।"
সন্তানৰ শৈক্ষিক ভৱিষ্যতক লৈ চিন্তিত উচ্ছেদিত:
শনিবাৰে লুটুমাৰীৰ বনাঞ্চলৰ ভূমিত প্ৰশাসনে উচ্ছেদ কৰাৰ পাছত সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে উচ্ছেদিত অভিভাৱক । প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছত বেদেৰীপাৰৰ এজাক ছাত্ৰ-ছাত্ৰী ব্যস্ত হৈ পৰে নিজৰ নিজৰ কিতাপ-পত্ৰ সুৰক্ষিত কৰাত । নিজৰ কিতাপ-বহী বেগত ভৰাই আত্মীয়ৰ ঘৰলৈ যাবলৈ সাজু হৈছে শিশুসকল ।

নিজ সন্তানৰ শৈক্ষিক ভৱিষ্যতক লৈ চিন্তিত এগৰাকী মাতৃয়ে কয়, "মোৰ দুটা ল’ৰা-ছোৱালী, এটা তৃতীয় আৰু এটা চতুৰ্থ শ্ৰেণীত পঢ়ে । অহা সাত তাৰিখৰ পৰা ল’ৰা-ছোৱালীৰ পৰীক্ষা । কিন্তু এতিয়া আমি কি কৰিম, ক’ত থাকিম ? কিতাপ পথাৰত থৈছো । এতিয়া যাবলৈ ঠাই নাই । পঢ়া-শুনা ক’ত কৰিব ? আত্মীয়ৰ ঘৰত কেইদিন থাকিম ? চৰকাৰে ঘৰ বাৰী ভাঙি দিছে, এতিয়া মানুহ মাৰি পেলাওক ।"

হেঁপাহৰ ঘৰৰ চৌকাত শেষবাৰৰ বাবে খাদ্য প্ৰস্তুত এগৰাকী বৃদ্ধৰ :
শনিবাৰে লুটুমাৰী বনাঞ্চলত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছত এগৰাকী বৃদ্ধই শেষবাৰৰ বাবে হেঁপাহৰ ঘৰখনৰ চৌকাত খাদ্য প্ৰস্তুত কৰিলে এগৰাকী বৃদ্ধ লোকে । শেষবাৰৰ বাবে খাদ্য প্ৰস্তুত কৰা মজিবুৰ ৰহমানে কয়, "আমাৰ ঘৰৰ কিছু নিজেও ভাঙিছো, প্ৰশাসনেও ভাঙিছে । মোৰ ল’ৰা পাঁচটা আৰু ছোৱালী চাৰিজনী । ইহঁতক এতিয়া আত্মীয়ৰ ঘৰত থৈ আহিছো । ল’ৰাই বেলগতো কাম কৰে ইয়াতো কাম কৰে । ক’ৰবাত মাটিও ল’ব নোৱাৰো ।”
কিদৰে হৈছিল লুটুমাৰী বনাঞ্চলৰ ভূমি বেদখল:
প্ৰশাসনে উচ্ছেদ চলোৱা লুটুমাৰী বনাঞ্চলৰ ভূমিত কিদৰে বেদখল হৈছিল এই সন্দৰ্ভত এগৰাকী উচ্ছেদিতই ই টিভি ভাৰতৰ সন্মুখত কয়, "আমি ইয়াত প্ৰায় ৪০ বছৰ ধৰি বসবাস কৰি আছো । তেতিয়া চৰকাৰৰ মানুহে আমাক সুবিধা দিছিল । ৰেঞ্জাৰে আমাক সুবিধা দিছিল । ৰেঞ্জাৰৰ নামটো এতিয়া আমি নাজানো । ইয়াত বহুত ডাঙৰ ডাঙৰ গছ-গছনি আছিল, জংঘল আছিল । কিন্তু এতিয়া উচ্ছেদ কৰিলে, আমি এতিয়া ক’ত যাম ক’ত থাকিম ?”

ভঙা মছজিদৰ সন্মুখতে শেষবাৰৰ বাবে আদায় কৰিলে নামাজ:
বনাঞ্চলৰ ভূমিত নিৰ্মাণ হোৱা চামগাঁৱৰ মছজিদতো চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । মছজিদটো আজিৰ পৰা প্ৰায় ৩৫ বছৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল বনাঞ্চলৰ ভূমিত । নগাঁৱৰ কামপুৰৰ লুটুমাৰী বনাঞ্চলৰ এটা বৃহৎ এলেকাত একাংশ লোকে ঘৰ-বাৰী সাজি বসবাস কৰিবলৈ আৰম্ভ কৰাৰ সমান্তৰালকৈ এলেকাটোত নিৰ্মাণ হৈছিল কেবাটাও মছজিদ । তাৰে এটা মছজিদ হৈছে লুটুমাৰীৰ চামগাঁৱত ।
চামগাঁৱৰ এই জামে মছজিদত অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে দৈনিক নামাজৰ লগতে আদায় কৰিছিল শুক্ৰবাৰৰ জুম্মাৰ নামাজ । মছজিদটোত নামাজ আদায় কৰা ইছলামধৰ্মাৱলম্বী লোকসকলৰ সন্মুখতেই বুল্ড’জাৰ লগাই উচ্ছেদ কৰা হয় মছজিদটো । চকুৰ সন্মুখতে মছজিদটো ভাঙি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰি উচুপি উঠে মছজিদৰ ইমামৰ লগতে ইছলামধৰ্মাৱলম্বী লোকসকল ।
আনকি মছজিদটো ভাগি দিয়াৰ পাছতো মুকলি আকাশৰ তলতেই মছজিদৰ ভেঁটিত অন্তিমবাৰৰ বাবে দুপৰীয়াৰ নামাজ আদায় কৰি হুকহুকাই কান্দি উঠে ইছলাম ধৰ্মাৱলম্বী লোকসকল । মছজিদত নামাজ আদায় কৰি শেষবাৰৰ বাবে দোৱা কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ।

চকুৰ সন্মুখতে মছজিদটো বুলড’জাৰৰ সহায়ত উচ্ছেদ কৰা প্ৰত্যক্ষ কৰি আৱেগিক হৈ পৰা মছজিদৰ ইমাম মৌলানা আব্দুৰ নুৰে কয়,"মই জন্ম হোৱাৰ পূৰ্বৰ পৰাই এই মছজিদ নিৰ্মাণ কৰা হৈছিল। মই আঠ বছৰ ধৰি ইয়াত ইমামতি কৰি আছো । হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোতে এই স্থানত চৰকাৰী স্কুল স্থাপন হৈছিল । এই স্কুলৰ কাষত মছজিদ নিৰ্মাণ কৰা হৈছিল । স্কুলখনৰ নাম লুটুমাৰী এন চি প্ৰাথমিক বিদ্যালয় ।"
তেওঁ পুনৰ কয়, "বিদ্যালয় নিৰ্মাণ কৰাৰ পাছত মছজিদটো ৰাইজৰ দান-বৰঙণিৰে পকীগৃহ নিৰ্মাণ কৰা হৈছিল । কিন্তু এতিয়া চকুৰ সন্মুখত মছজিদটো ভাগি থকা দেখি দুখ লাগিছে । ইয়াত থকা অন্য ধৰ্মৰ লোকক কোনো জাননী জাৰি কৰা নাই । আজি ৰাতিপুৱাও এই মছজিদত নামাজ আদায় কৰিছোঁ । কিন্তু মছজিদ ভাঙি থকা দেখি এনেকুৱা লাগিছে যে পাহাৰ ভাঙি টুকুৰা-টুকুৰ হৈ গৈছে ।”

উল্লেখ্য যে, শনিবাৰে পুৱাৰ পৰা লুটুমাৰী বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্ৰশাসনে আৰম্ভ কৰা উচ্ছেদ অভিযানত আজিৰ দিনটোত প্ৰায় ৮০ শতাংশ বেদখলমুক্ত কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে নগাঁও জিলা আয়ুক্ত দেৱশীষ শৰ্মাই । লগতে কাইলৈ অৰ্থাৎ দেওবাৰে লুটুমাৰী বনাঞ্চলৰ সম্পূৰ্ণ ভূমি বেদখলমুক্ত হ’ব বুলিও জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।

