কান্দোন নহয়, এইবাৰ উচ্ছেদত হাঁহি বিৰিঙিছে এক বৃহৎ অঞ্চলবাসীৰ মুখত
উচ্ছেদ অভিযানে সৃষ্টি কৰিছে ব্যতিক্ৰমী পৰিৱেশ । হাহাকাৰ-কান্দোনৰ পৰিৱেশ সৃষ্টিৰ বিপৰীতে উৎফুল্লিত কৰিছে এটা বৃহৎ অঞ্চলৰ বাসিন্দাক ।

Published : December 18, 2025 at 4:30 PM IST
নগাঁও : উচ্ছেদ বুলি ক'লেই সাধাৰণতে এক হাহাকাৰ পৰিৱেশ, কান্দোল ৰোল উঠে । কিন্তু এইবাৰ এটা উচ্ছেদ অভিযানে হাঁহি বিৰিঙাইছে এটা বৃহৎ অঞ্চলৰ বাসিন্দাৰ মাজত । হয়, কান্দোন-হাহাকাৰৰ এক বিপৰীত পৰিৱেশ সৃষ্টি কৰিছে প্ৰশাসনৰ উচ্ছেদ অভিযানে ।
বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতেই উচ্ছেদ অভিযান চলোৱাৰ সময়ত ক’ৰবাত হুলস্থূলীয় পৰিৱেশ, হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে । কিন্তু মধ্য অসমৰ নগাঁও জিলাত প্ৰশাসনে চলোৱা এটা উচ্ছেদ অভিযানে উৎফুল্লিত কৰিছে ১২ খনকৈ গাঁৱৰ ৰাইজক ।
অৱশ্যে এইবাৰৰ উচ্ছেদ অভিযান কোনো ঘৰ-বাৰী নহয়ত, বৃহৎ বৃহৎ পুখুৰীত চলাইছে জিলা প্ৰশাসনে । নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অধীনৰ টুকটুকী, ৰৌমাৰী, আহোমগাঁৱকে ধৰি বৃহৎ ভূমিত একাংশ লোকে বেদখল কৰি এখন সুঁতিক মৃত্যুমুখলৈ ঠেলি দি বিশাল সুঁতি বন্ধ কৰি একাংশ লোকে পুখুৰী নিৰ্মাণ কৰি মৎস্য পালন কৰি আহিছিল । স্থানীয় ধিং ৰাজহ চক্ৰৰ অধীনৰ প্ৰায় ২৫০ বিঘা ভূমিত সৰু-বৰ প্ৰায় ৫০০ পুখুৰী নিৰ্মাণ কৰি মৎস্য পালন কৰি আহিছিল একাংশ বেদখলকাৰীয়ে ।
একাংশ লোকে সুঁতি বন্ধ কৰি দিয়াৰ ফলত ১২ খন গাঁৱৰ ৰাইজ কৃত্ৰিম বানৰ কবলত পৰিবলগীয়া হৈছিল । আনকি বৃহত্তৰ অঞ্চলৰ কৃষকসকলেও পথাৰত খেতি কৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছিল । যাৰ বাবে চৰকাৰী ভূমিৰ জলপথ বন্ধ কৰি নিৰ্মাণ কৰা পুখুৰী উচ্ছেদৰ বাবে স্থানীয় লোকেই দাবী জনাইছিল জিলা প্ৰশাসনক । এই কথা ই টিভি ভাৰতৰ পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰিছিল নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।
অৱশেষত প্ৰায় ৫০০ পুখুৰীৰ বান্ধ কাটি বিশাল সুঁতিৰ জলপথ মুকলি কৰাৰ উদ্দেশ্যে ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান । মঙলবাৰৰ পৰা আৰম্ভ হোৱা উচ্ছেদ অভিযানৰ প্ৰথমদিনা প্ৰায় ৬৫ বিঘা আৰু দ্বিতীয়দিনা প্ৰায় ৩৫ বিঘাসহ মুঠ ১০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ পাছত বৃহস্পতিবাৰে তৃতীয়দিনাও অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান । তৃতীয়দিনাও প্ৰায় ৭০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য জিলা প্ৰশাসনৰ । এই তথ্য ই টিভি ভাৰতক জানিবলৈ দিছে ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ দাসে ।
উল্লেখ্য যে বিল, জলাশয়ৰ ২৫০ বিঘা বেদখলকৃত ভূমি বেদখলমুক্ত হ'লে বৃহত্তৰ এলেকাৰ ৰাইজে কৃত্ৰিম বানৰ পৰা মুক্তিলাভ কৰিব বুলিও আশা প্ৰকাশ কৰিছে স্থানীয় লোকে ।
এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, "আমি এই উচ্ছেদটো বিচাৰিছিলোঁ । আমি দেখিছোঁ বহুক্ষেত্ৰত উচ্ছেদ বুলি ক'লে মানুহে মানে ৰাইজে বিৰোধিতা কৰে, ভয় কৰে । কিন্তু ইয়াত দেখিব গোটেই ৰাইজ উচ্ছেদৰ সপক্ষে । গতিকে উচ্ছেদ ৰাইজে বিচাৰিছে । আৰু এই উচ্ছেদ নগাঁও প্ৰশাসনে গ্ৰহণ কৰাৰ পিছতে মানুহৰ মুখত হাঁহি আহিছে ।"

