প্ৰচণ্ড শীতকো নেওচি জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত অনুৰাগীৰ ভিৰ

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 11:23 AM IST

thumbnail

মৰিগাঁও, 2 ফ্ৰেব্ৰুৱাৰী : নিজম পৰিল পাঁচোৰজা সমন্বয় ক্ষেত্ৰ । অসম সাহিত্য সভাৰ বাৰপূজীয়া বিশেষ বাৰ্ষিক অধিৱেশন শনিবাৰে সামৰণি পৰে ৷ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কন্ঠশিল্পী তৰালী শৰ্মা আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰে সামৰণি পৰে অসম সাহিত্য সভা একাদশ বাৰপূজীয়া বিশেষ অধিৱেশনৰ চাৰিদিনীয়া কাৰ্যসূচী ।

প্ৰচণ্ড শীতকো নেওচি জুবিন গাৰ্গৰ সংগীতৰ তালে তালে একাংশ অনুৰাগীয়ে বোকা পানীৰে লুতুৰি-পুতুৰি হৈ এই সংগীতানুষ্ঠান উপভোগ কৰে ।আৰক্ষী, চি আৰ পি এফ, স্বেচ্ছাসেৱকসকলে বাধা দিয়েহে দিয়ে ৷ কিন্তু কোনে মানে সেই বাধা ! মাঘমহীয়া জাৰকো নেওচি অৰ্ধনগ্ন হৈ কেৱল এটাৰ পিচত আনটো জনপ্ৰিয় গীতৰ তালে তালে নাচিছে, কিৰিলিয়াইছে অনুৰাগীয়ে ।

মুঠৰ ওপৰত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকা মূল মণ্ডপত বোকা পানীৰে জুবিন গাৰ্গৰ অনুৰাগীসকলক অনুষ্ঠান উপভোগ কৰাত ব্যাঘাত জন্মাইছে যদিও আন এচাম অনুৰাগীৰ বোকা পানী পাই জেউতি চৰিছে ।

লগতে পঢ়ক: সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী মহোৎসৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.