লক্ আপৰ ভিতৰতে ৰহস্যজনক আত্মহত্যা যুৱকৰ - suicide in police station - SUICIDE IN POLICE STATION

🎬 Watch Now: Feature Video

thumbnail
SUICIDE AT MAINDIA OUT POST (undefined)

By ETV Bharat Assamese Team

Published : April 23, 2024 at 11:03 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা, ২৩ এপ্ৰিল: বৰপেটাৰ মন্দিয়া আৰক্ষী চকীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ লক্ আপৰ ভিতৰতে ৰহস্যজনক আত্মহত্যা এজন যুৱকৰ । বৰপেটাৰ মন্দিয়া আৰক্ষী চকীত আৰক্ষীৰ লক‌্ আপত অভিযুক্তৰ চিপ লৈ আত্মহত্যাৰ ঘটনা । এই ঘটনাক লৈ সমগ্ৰ মন্দিয়া অঞ্চলতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে । জানিব পৰা মতে মন্দিয়াৰ সত্ৰ কনৰা বজাৰৰ SBI ৰ CSP ত দিনৰ ১২ বজাত হোৱা চুৰিকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত লুটফুৰ ৰহমান (ৰিংকু) নামৰ যুৱকজনক মন্দিয়া আৰক্ষীয়ে আটক কৰিছিল । 

৪ নং বৰদলনি গাঁৱৰ লতিফ আহমেদৰ পুত্ৰ লুটফুৰ ৰহমান ওৰফে ৰিংকুক মন্দিয়া আৰক্ষীয়ে আটক কৰি লৈ আহিছিল আৰক্ষী চকীলৈ । লক‌্ আপৰ ভিতৰতে হাত কেৰেয়াৰ ৰছীৰে আত্মহত্যা কৰে লুটফৰ ৰহমানে । মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে আৰক্ষীয়ে । আত্মহত্যাৰ ঘটনাক লৈ মন্দিয়া অঞ্চলৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে আৰক্ষী চকীৰ সন্মুখত । আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে ৰাইজে ।

লগতে পঢ়ক: এ পি এছ চি কেলেংকাৰী গোচৰৰ এছ আই টি তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন উচ্চ ন্যায়ালয়ত দাখিল - APSC Cash For Job Scam

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details