লক্ আপৰ ভিতৰতে ৰহস্যজনক আত্মহত্যা যুৱকৰ - suicide in police station

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 11:03 PM IST

thumbnail

বৰপেটা, ২৩ এপ্ৰিল: বৰপেটাৰ মন্দিয়া আৰক্ষী চকীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ লক্ আপৰ ভিতৰতে ৰহস্যজনক আত্মহত্যা এজন যুৱকৰ । বৰপেটাৰ মন্দিয়া আৰক্ষী চকীত আৰক্ষীৰ লক‌্ আপত অভিযুক্তৰ চিপ লৈ আত্মহত্যাৰ ঘটনা । এই ঘটনাক লৈ সমগ্ৰ মন্দিয়া অঞ্চলতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে । জানিব পৰা মতে মন্দিয়াৰ সত্ৰ কনৰা বজাৰৰ SBI ৰ CSP ত দিনৰ ১২ বজাত হোৱা চুৰিকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত লুটফুৰ ৰহমান (ৰিংকু) নামৰ যুৱকজনক মন্দিয়া আৰক্ষীয়ে আটক কৰিছিল । 

৪ নং বৰদলনি গাঁৱৰ লতিফ আহমেদৰ পুত্ৰ লুটফুৰ ৰহমান ওৰফে ৰিংকুক মন্দিয়া আৰক্ষীয়ে আটক কৰি লৈ আহিছিল আৰক্ষী চকীলৈ । লক‌্ আপৰ ভিতৰতে হাত কেৰেয়াৰ ৰছীৰে আত্মহত্যা কৰে লুটফৰ ৰহমানে । মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে আৰক্ষীয়ে । আত্মহত্যাৰ ঘটনাক লৈ মন্দিয়া অঞ্চলৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে আৰক্ষী চকীৰ সন্মুখত । আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে ৰাইজে ।

লগতে পঢ়ক: এ পি এছ চি কেলেংকাৰী গোচৰৰ এছ আই টি তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন উচ্চ ন্যায়ালয়ত দাখিল - APSC Cash For Job Scam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.