ETV Bharat / state

এ পি এছ চি কেলেংকাৰী গোচৰৰ এছ আই টি তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন উচ্চ ন্যায়ালয়ত দাখিল - APSC Cash For Job Scam

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 8:45 PM IST

APSC scamreport
অসম লোকসেৱা আয়োগ

APSC scam: অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সংঘটিত হৈছিল কেলেংকাৰী । ২০১৬ ত ডিব্ৰুগড় থানাত ৰুজু হোৱা মূল গোচৰৰ পিচতেই ৰাজ্য়জুৰি তোলপাৰ লগাইছিল এই কেলেংকাৰীয়ে । এতিয়া এ পি এছ চি কেলেংকাৰীৰ তদন্ত বন্ধ খামৰ ভিতৰত আৱদ্ধ । কি আছে বন্ধ খামত ?

গুৱাহাটী, ২৩ এপ্রিল : অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ গোচৰৰ অসম আৰক্ষীৰ বিশেষ তদন্ত গোটৰ (এছ আই টি) তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন এতিয়া বন্ধ খামত আৱদ্ধ । কিয়নো ৰাজ্য চৰকাৰে বন্ধ খামত গুৱাহাটী উচ্চ ন্যায়ালয়ত এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিছে । কিন্তু এই প্ৰতিবেদনত কি আছে সেয়া ৰহস্য হৈ আছে। যোৱা ৩ এপ্ৰিলত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এছ আই টিৰ তদন্তৰ অগ্ৰগতিৰ প্রতিবেদন আদালতত দাখিলৰ নির্দেশ দিছিল । ২২ এপ্ৰিলত এই প্ৰতিবেদন জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছিল । সেইমৰ্মে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন নিৰ্দ্ধাৰিত তাৰিখত বন্ধ খামত দাখিল কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে এ পি এছ চিৰ দুৰ্নীতিবিৰোধী এটা সংগঠনৰ দুজন প্রতিনিধিয়ে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ ভিত্তিত দিয়া এই নির্দেশ অনুসৰি জ্যেষ্ঠ চৰকাৰী অধিবক্তাই উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠত বন্ধ খামত এছ আই টিৰ তদন্তৰ প্রতিবেদন দাখিল কৰে । এছ আই টিয়ে আদালতক জনায় যে গোচৰৰ তদন্ত অব্যাহত আছে আৰু সম্পূৰ্ণ কৰি বিশেষ ন্যায়াধীশৰ আদালতত প্রতিবেদন দাখিল কৰা হ'ব ।

মন কৰিবলগীয়া যে এ পি এছ চিৰ তদানীন্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ কাৰ্যকালত ২০১৩ আৰু ২০১৪ৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সংঘটিত কেলেংকাৰী সন্দৰ্ভত ২০১৬ ত ডিব্ৰুগড় থানাত ৰুজু হোৱা মূল গোচৰটোৰ (৯৩৬/২০১৬) দ্বিতীয় পৰ্যায়ৰ তদন্তৰ দায়িত্ব এছ আই টিক দিয়া হৈছে । এ পি এছ চি পৰীক্ষা কেলেংকাৰীৰ বিৰুদ্ধে ন্যায়িক তদন্ত কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া আয়োগে দিয়া প্রতিবেদনৰ আধাৰত এছ আই টিয়ে বক্রপথেৰে চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত বিষয়াসকলৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ।

ন্যায়িক আয়োগে ইতিমধ্যে গ্রেপ্তাৰ হোৱা ২০১৩-১৪ ৰ ৭৪ গৰাকী বিষয়াৰ (বৰ্খাস্ত) উপৰি আৰু ৩৭ গৰাকী বিষয়াক বক্রপথেৰে পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা বুলি অভিযুক্ত কৰিছে । উল্লেখ্য যে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ক জনায় যে ন্যায়িক আয়োগে চিনাক্ত কৰা ৩০ গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰোৱা হৈছে । এজনে চাকৰিত যোগদান কৰা নাছিল । বাকীসকলৰ বিৰুদ্ধে মোকৰ্দমা চলোৱাৰ বাবে অনুমতিৰ অপেক্ষা কৰি থকা হৈছে । ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰে দোষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ।

আনহাতে, ন্যায়িক আয়োগৰ প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ বাবে জনোৱা আর্জিক লৈ উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্ৰহণ কৰিবলৈ মান্তি হয় আৰু আবেদনখন গ্ৰহণ কৰে । আবেদনকাৰী পক্ষৰ হৈ যুক্তি দশোৱা অধিবক্তা এ আৰ ভূঞাই উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়ৰ উদ্ধৃতি দি আদালতক জনায় যে অবৈধ উপায় অৱলম্বন কৰি বাচনিভুক্ত হোৱা প্ৰাৰ্থী (বৰ্তমানৰ বিষয়া )সকলক চাকৰিত থকাৰ কোনো আইনী অধিকাৰ নাই। তেওঁলোকক চৰকাৰে তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰিব পাৰে । ইপিনে, বিচাৰপীঠে আজি দিয়া আদেশত আগবঢ়োৱা পর্যবেক্ষণত স্পষ্ট কৰি দিয়ে যে এই আবেদনখন বিচাৰাধীন হৈ থকাৰ সময়ত অভিযুক্ত বিষয়াৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাত কোনো বাধা নাই ।

লগতে পঢ়ক:চি আই ডি কাৰ্যালয়ত হাজিৰ এ পি এছ চিৰ ৭ গৰাকী পৰীক্ষা নিৰীক্ষক - APSC Cash For Job Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.