দুদিন ধৰি নিখোজ মহিলা, পৰিয়ালত হাহাকাৰ

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 10:01 PM IST

thumbnail

জোনাই, 1 ফেব্ৰুৱাৰী : ধেমাজি জোনাইৰ 2 নং ৰাজাখানা গাঁৱৰ এগৰাকী মহিলা দুদিন ধৰি নিৰুদ্দেশ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰামতে বুধবাৰে দিনৰ 11 বজাত ঘৰত কোনো নথকা অৱস্থাত নিজ ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী । 

পৰৱৰ্তী ঘটনাৰ পিচতে মহিলাগৰাকীৰ পৰিয়াল তথা স্বামীয়ে ওচৰৰ পাজৰৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচলৰ প্ৰদেশৰ বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও আজি পৰ্যন্ত মহিলাগৰাকীৰ কোনোধৰণৰ অনুসন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইফালে মহিলাগৰাকীক কোনো দুষ্কৃতিকাৰীয়ে অপহৰণ কৰাৰ সন্দেহ কৰিছে স্বামীয়ে । গতিকে কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীৰ অনুসন্ধান লাভ কৰে তেন্তে সমীপৱৰ্তী আৰক্ষী থানা অথবা 9363569523 নাইবা 9678894939 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে মহিলাগৰাকীৰ স্বামী তথা পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: Student Missing: মায়ঙত বিদ্যালয়লৈ গৈ 4 দিন ধৰি নিখোঁজ এগৰাকী নাবালিকা ছাত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.