ব্ৰহ্মপুত্ৰৰ বুকুত সন্তান প্ৰসৱ, ১০৮ কৰ্মীৰ তৎপৰতা - Childbirth in Brahmaputra

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 5:40 PM IST

thumbnail

মাজুলী,১৩ এপ্ৰিল: ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলীৰ প্ৰসূতিৰ প্ৰসৱ । জেংৰাইমুখ কেঁচাইখোৱাৰ প্ৰণিতা দলে নামৰ প্ৰসূতিগৰাকীক পৰিয়ালৰ লোকে মাজুলীৰ গড়মূৰস্থিত জিলা চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ গৈছিল । চিকিৎসকে প্ৰসূতিগৰাকীক যোৰহাটলৈ প্ৰেৰণ কৰাত ১০৮ নৌকা এম্বুলেঞ্চত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় পৰিয়ালে ।  

ইয়াৰ পিচতে ব্ৰহ্মপুত্ৰৰ মাজভাগ পাওতেই প্ৰসৱ যন্ত্ৰণা বৃদ্ধি পাই প্ৰসূতিগৰাকীৰ । লগে লগে এম্বুলেঞ্চতে এটি কন্যা সন্তান জন্ম দিয়ে প্ৰসূতিগৰাকীয়ে । ১০৮ কৰ্মী ইশানন্দ নৰহ আৰু সহকৰ্মী দশৰথ চাহ, অজয় চাতোলাই সুকলমে প্ৰসৱ কৰাই মহিলাগৰাকীক । JMCH ত সদ্যজাত সন্তানসহ প্ৰসূতিগৰাকী উপস্থিত হোৱাৰ পিচতে চিকিৎসকে তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰে সন্তানটি আৰু প্ৰসূতিগৰাকীক । বৰ্তমান সন্তান আৰু মাতৃ দুয়োগৰাকীয়েই সুস্থ  জানিবলৈ দিয়ে চিকিৎসকে ।

লগতে পঢ়ক: প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.