ত্ৰিপুৰাত ৰে’লৰ খুন্দাত নিহত বনৰীয়া দঁতাল হাতী

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 9:42 PM IST

thumbnail

কৰিমগঞ্জ, 10 ফেব্ৰুৱাৰী : ৰে’লৰ খুন্দাত নিহত বনৰীয়া দঁতাল হাতী ! হাতীটোৰ মৃত্যুৰ পিচতে হঠাতে নোহোৱা হৈ গ’ল এটা মূল্যৱান দাঁত ! এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ । জানিব পৰা মতে, ত্ৰিপুৰাৰ খোয়াই জিলাৰ তেলিয়ামুৰা মহকুমাৰ অন্তৰ্গত ডি এম পাৰা ৰে’লপথৰ গাতে লাগি থকা অঞ্চলটোত সংঘটিত হয় এই ঘটনা ।

উল্লেখ্য যে, তেলিয়ামুৰা মহকুমাৰ বিভিন্ন গঁড় প্ৰৱণ অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি বন্যহস্তীৰ সমস্যাক লৈ চিন্তিত হৈ আহিছে । আনকি এই সমস্যা সমাধান কৰাত তেলিয়ামুৰ বন বিভাগো ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷

ইফালে প্ৰায় তিনি-চাৰি দিন পূৰ্বে খোয়াই জিলাৰ জনসাধাৰণক বনৰীয়া হাতীৰ সমস্যাৰ পৰা মুক্ত কৰিবলৈ জিলা দণ্ডাধীশৰ নেতৃত্বত তেলিয়ামুৰা মহকুমাধিপতিৰ সভাগৃহত "হাতী খেদা অভিযান" শীৰ্ষক এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ কিন্তু এই সভাৰ পাচতে তেলিয়ামুৰা ডি এম পাৰা ৰে’লপথৰ লাগি থকা এটা অঞ্চলৰ পৰা উদ্ধাৰ হয় এটা বিশাল বনৰীয়া হাতীৰ মৃতদেহ । ঘটনাক কেন্দ্ৰ কৰি এতিয়া সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : বিহালীৰ বুৰৈঘাটত ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.