দীপৰ বিলৰ চৌপাশে কি অভিযান চলাইছে শিক্ষাৰ্থীয়ে ?

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 4:39 PM IST

thumbnail

মিৰ্জা, 2 ফেব্ৰুৱাৰী : আজি বিশ্ব জলাশয় দিৱস, Wetland day 2024 । ৰাজ্যৰ ঠায়ে ঠায়ে বিশ্ব জলাশয় দিৱস পালন কৰা হৈছে ৷ মহানগৰীৰ গাতে লাগি থকা মনোৰম দীপৰ বিলৰ পাৰতো বিশ্ব জলাশয় দিৱসৰ লগত সংগতি ৰাখি চাফাই অভিযান চলোৱা হৈছে ৷ এই চাফাই অভিযান এক্সেল পাব্লিক স্কুলৰ উদ্যোগত চলোৱা হৈছে । এক্সেল পাব্লিক স্কুলৰ নিজাববীয়া ECO CLUB ৰ সদস্য হিচাপে থকা একাংশ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত হৈ দীপৰ বিলখনক চাফচিকুণ কৰিছে ৷ সকলোৰে মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যৰে এই চাফাই অভিযান চলোৱা হৈছে বুলি জানিবলৈ দিয়ে এক্সেল পাব্লিক স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীয়ে । ছাত্ৰ-ছাত্ৰীসকলে বিলখনৰ পাৰৰ জাৱৰ-জোঁথৰবোৰ বুটলি আনি অন্য ঠাইলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে ।

১৯৭১ চনৰ ২ ফেব্ৰুৱাৰীৰ দিনটোত ইৰাণত প্ৰথম জলাশয় দিৱস পালন কৰা হৈছিল (World wetlands day) ৷ তেতিয়াৰে পৰা ২ ফেব্ৰুৱাৰীৰ দিনটো সমগ্ৰ বিশ্বতে জলাশয় দিৱস হিচাপে পালন কৰি অহা হৈছে । বন আৰু প্ৰকৃতিৰ লগতে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ বাবে জলাশয়সমূহ সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজন ৷ কিন্তু, মানুহৰ অমনোযোগিতাৰ বাবেই সম্প্ৰতি জলাশয়সমূহ নাইকিয়া হবলৈ ধৰিছে ৷

লগতে পঢ়ক : মাজুলীত বিশ্ব জলাশয় দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.