ETV Bharat / state

মাজুলীত বিশ্ব জলাশয় দিৱস উদযাপন

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 3:45 PM IST

World Wetland Day 2024 : মাজুলীৰ কোটাই নাহৰনিত উদযাপন বিশ্ব জলাশয় দিৱস ৷ কাৰ্যসূচীত মাজুলীৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী, গাইড, শিক্ষক আৰু স্থানীয় লোক উপস্থিত থাকে ৷

World Wetland Day 2024
বিশ্ব জলাশয় দিৱস উদযাপন
সত্ৰ পীঠ মাজুলীত বিশ্ব জলাশয় দিৱস উদযাপন

মাজুলী, 2 ফেব্ৰুৱাৰী : সত্ৰপীঠ মাজুলীত বিশ্ব জলাশয় দিৱস উদযাপন ৷ মাজুলীৰ কোটাই নাহৰনিত উদযাপন কৰা হয় এই বিশ্ব জলাশয় দিৱস ৷ মাজুলী জিলা বন বিভাগৰ উদ্যোগত, অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ জিলা নডেল এজেঞ্চি, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ উজনি মাজুলী, আৰণ্যক, দঞি গ্ৰীণ ফাউণ্ডেচন, স্কুল ইক'ক্লাব আৰু স্থানীয় ৰাইজৰ সহযোগত উজনি মাজুলী ৰাজহ চক্ৰৰ কোটাই বিল (কোটাই নাহৰণি) ত বিশ্ব জলাশয় দিৱস উদযাপন উদযাপন কৰা হয় ৷

1971 চনৰ 2 ফেব্ৰুৱাৰী দিনতোত ইৰাণত প্ৰথম জলাশয় দিৱস উদযাপন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই 2 ফেব্ৰুৱাৰী দিনতো সমগ্ৰ বিশ্বতে জলাশয় দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷ পৃথিৱীৰ বৃক্ক স্বৰূপ এই জলাশয়সমূহ প্ৰদূষণ মুক্ত তথা ৰক্ষা কৰাৰ স্বাৰ্থত উদযাপন কৰা হয় এই বিশ্ব জলাশয় দিৱস ৷

মাজুলী জিলা বন প্ৰাধিকাৰী জয়ৰাম বৰুৱাই উদ্ধোধন কৰে এই কাৰ্যসূচী ৷ এই কাৰ্যসূচীত মাজুলীৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী, গাইড, শিক্ষক আৰু স্থানীয় লোক উপস্থিত থাকে ৷ বন আৰু প্ৰকৃতিৰ লগতে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ বাবে জলাশয়সমূহ সংৰক্ষণ অত্যন্ত প্ৰয়োজন ৷ কিন্তু মানুহৰ অমনোযোগিতাৰ বাবেই সম্প্ৰতি পৃথিৱীৰ বৃক্ক স্বৰূপ জলাশয়সমূহ ক্ৰমে নাইকিয়া হৈ পৰিছে ৷ এই জলাশয়সমূহ সংৰক্ষণ কৰিবৰ বাবেই বিশ্ব জলাশয় দিৱসৰ দিনা মাজুলীত মুকলিভাৱে ওলাই আহিল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ ৷

উল্লেখ্য যে, পৰিৱেশ তন্ত্ৰক সুস্থ ৰূপত বৰ্তাই ৰখাত জলাশয়ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । লগতে জলাশয় সমূহ হৈছে বহুতো জলজ প্ৰাণীৰ বাসস্থান । পৰিভ্ৰমী চৰাইৰ বাবেও জলাশয়ৰ গুৰুত্ব অপৰিসীম । জলাশয়ৰ বিলুপ্তি তথা ক্ষতিৰ ফলত পৰিৱেশ তন্ত্ৰৰ লগত জড়িত সকলোৰে অভূতপূৰ্ব ক্ষতি হ’ব পাৰে । সেইবাবেই ইয়াৰ সুৰক্ষা অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : চিলাপথাৰত ভাওনা সমাৰোহ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.