ETV Bharat / state

চিলাপথাৰত ভাওনা সমাৰোহ আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 12:38 PM IST

Bhaona Somarooh: হৰিনামৰ ধ্বনিত মুখৰ চিলাপথাৰ বালিজান অঞ্চল । বৃহস্পতিবাৰৰে পৰা ৮ দিনীয়া কাৰ্যসূচীৰে তৃতীয় ত্ৰি-বাৰ্ষিক অসম ভিত্তিত ভাওনা সমাৰোহ আৰম্ভ । আজি দ্বিতীয় দিনাও লোকাৰণ্য ভাওনা সমাৰোহস্থলী ।

Bhaona Somarooh begin at Silapathar
চিলাপথাৰত ভাওনা সমাৰোহ আৰম্ভ

চিলাপথাৰত ভাওনা সমাৰোহ আৰম্ভ

জোনাই, ২ ফ্ৰেব্ৰুৱাৰী : মণিকাঞ্চন শিল্পী সমাজ, বৃহত্তৰ চিলাপথাৰবাসী ৰাইজৰ সহযোগত আৰু বালিজান মহাপুৰুষীয়া সত্ৰ সমাজৰ আতিথ্যত বৃহস্পতিবাৰৰে পৰা ৮ ফেব্ৰুৱাৰীলৈ আঠদিনীয়াকৈ বালিজান বৰনামঘৰৰ বাকৰিত আৰম্ভ হৈছে তৃতীয় ত্ৰি-বাৰ্ষিক অসম ভিত্তিত ভাওনা সমাৰোহ । বৃহস্পতিবাৰে পুৱা ৪:৩০ বজাত বালিজান বৰ নামঘৰৰ নামাচাৰ্য বিমান বড়াই প্ৰাতঃপ্ৰসংগ আগবঢ়াৱাৰ লগতে পুৱা ৬ বজাত চৌহদ চাফাই কৰে নামঘৰৰ সেৱক সকলে ।

পুৱা ৭ বজাত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সাংস্কৃতিক বিভাগৰ সভাপতি অনিল শৰ্মাই । পুৱা ৮ বজাত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ সম্পাদক লোকনাথ বৰদলৈয়ে । সুসজ্জিত বাহনত উলিওৱা ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰাত অগণন ভক্ত, আই-মাতৃ, সাংস্কৃতিক দলসমূহৰ লগতে দিহা নামৰ সম্ৰাজ্ঞী অমিয়া নেওগ কলিতাই অংশগ্ৰহণ কৰে ।

পুৱা ৯ বজাত বালিজান মহাপুৰুষীয়া সত্ৰ সমাজৰ বৰদেউৰী প্ৰণৱ দত্তই শৰাই অৰ্পন কৰে । নাম-প্ৰসংগ আগবঢ়াই নামাচাৰ্য ৩ নং বেতনিপামৰ সুৰেণ গগৈয়ে । দিনৰ ১১ বজাত ভাগৱত পাঠ কৰা হয় । ১ বজাত দিহানাম কণ্ঠ কস্তুৰী-দিহানাম ৰত্নগৰ্ভা অমিয়া নেওগে তেওঁৰ সহযোগীসকলৰ সৈতে পৰিৱেশন কৰা গুৰুজনাৰ সৃষ্টি ৰাজি দিহানাম পৰিৱেশনে দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হয় চৌদিশ । দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ অন্ততঃ সন্ধিয়া ৭ বজাত উদযাপন সমিতিয়ে সম্পাদনা কৰা 'আধ্যাত্মিক চেতনাই শ্ৰেষ্ঠ সাধনা' উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গকুল শইকীয়াই ।

সন্ধিয়া ৮ বজাত আটাছুৰ উপ-সভাপতি মনোজ গগৈয়ে উদ্বোধন কৰা ভাওনা উদ্বোধনী অনুষ্ঠানত মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ সহকাৰী সম্পাদক লীলা বড়া, অৱসৰপ্ৰাপ্ত শিক্ষক বিমান শইকীয়া, অৱসৰপ্ৰাপ্ত কৃতি প্ৰধান শিক্ষক গোপাল চন্দ্ৰ দেব, অৱসৰপ্ৰাপ্ত সহ-শিক্ষক দেৱ কুমাৰ দত্তকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

নিশা ৯ বজাত বিচাৰকৰ আসন গ্ৰহণৰ পাছত নিশা ৯:১৫ বজাত টীয়কৰ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘই পৰিৱেশন কৰে 'মুচুকুণ্ডৰ জনাৰ্দ্দশ দৰ্শন, জৰাসন্ধ বধ' ভাওনা । প্ৰায় চল্লিশ টাৰো অধিক দিহানামৰ দলেৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৫ টাকৈ ভাওনা দলে অংশগ্ৰহণ কৰা সমাৰোহত প্ৰতি নিশা দুটাকৈ দলৰ মাজত অনুষ্ঠিত হ'ব ভাওনা প্ৰতিযোগিতা ।

লগতে পঢ়ক: শীঘ্ৰেই ৰামোজী ফিল্ম চিটিত দৃশ্যগ্ৰহণ হ’ব অসমীয়া ছবি ৰুদ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.