শিৱসাগৰত ছাগলী ভক্ষণ কৰি বিষক্ৰিয়াত বিলুপ্তপ্ৰায় ৩০টা শগুণৰ মৃত্যু - Death Of Extinct Vultures

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 8:31 PM IST

thumbnail

শিৱসাগৰ, ৭ এপ্ৰিল: শিৱসাগৰ জিলাৰ বলিয়াঘাট বাঘৰ চুকত আজি জীৱশ্ৰেষ্ঠ মানৱে সংঘটিত কৰা এক নিকৃষ্ট ঘটনাই চুই গৈছে প্ৰকৃতিপ্ৰেমীৰ হৃদয় । জিলাখনৰ বাঘৰচুক পথাৰত বিয়লি উদ্ধাৰ হয় ৩০ টা মৃত শগুণ । ইয়াৰ উপৰি অসুস্থ ২ টা শগুণ আৰু এটা বৰটোকোলা চিকিৎসাৰ বাবে শিৱসাগৰ পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

প্ৰথমে স্থানীয় গাওঁপ্ৰধানে অসুস্থ আৰু মৃত শগুণকেইটা প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে । ইয়াৰ পিচতেই বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুটা মৃত শগুণ মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰে । বন বিভাগৰ লোকো বাকীকেইটা শগুণ পুতি থোৱাৰ ব্যৱস্থা কৰে । কোনো দুষ্কৃতিকাৰীয়ে বিহ দি নিধন কৰা ছাগলী পথাৰত পেলাই দিয়াৰ পিছত প্ৰকৃতিৰ জামাদাৰকেইটাই ভক্ষণ কৰাত শগুণকেইটা মৃত্যু মুখত পৰে । মৃত ৩০ টা শগুনৰ ভিতৰত এটা শগুন হিমালয়ান প্ৰজাতিৰ । 

লগতে পঢ়ক:গৰু ভক্ষণ কৰি বিষক্ৰিয়াত বিলুপ্তপ্ৰায় শগুণৰ মৃত্যু - Death Of Extinct Vultures 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.