অসমৰ ৭ টাকৈ সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব VPI - VPI to contest Lok Sabha elections
🎬 Watch Now: Feature Video

Published : March 9, 2024 at 9:01 PM IST
বৰপেটাৰোড,৯ মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল । ব্যতিক্ৰম নহয় ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যনেলো । অসমৰ ৭টাকৈ লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যনেল। শনিবাৰে বৰপেটাৰোড সাহিত্য সভা ভৱনত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যনেলৰ এখন কৰ্মীসভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যেনেল চমুকৈ ভি পি আইৰ কেন্দ্ৰীয় সভাপতি বিশ্বাত্মা ভৰত গান্ধীয়ে জানিবলৈ দিয়ে এই কথা ।
অসমৰ কোকৰাঝাৰ আৰু দৰং-ওদালগুৰিত দলটোৱে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও কয় দলটোৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ৷ আনহাতে মধ্য অসমৰ নগাঁও সমষ্টিটো ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যেনেলে প্ৰতিদ্বন্দ্বিতা কৰাৰো সম্ভাৱনা ব্যক্ত কৰে দলটোৰ সভাপতিগৰাকীয়ে ৷ ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যেনেল দলে ৭ খন আসনৰ প্ৰাৰ্থীৰ নাম আগন্তুক ১৪ মাৰ্চত ঘোষণা কৰিব বুলিও উল্লেখ কৰে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ৷ ইপিনে AIUDF ৰ সভাপতি সাংসদ মৌলানা বদৰুদ্দিন আজমলক কঠোৰ সমালোচনা কৰে VPI ৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ।
লগতে পঢ়ক: হাতত তৰোৱাল লৈ কোন বীৰে ধুতি পিন্ধি যুদ্ধ কৰিবলৈ যাব: দেৱব্ৰত শইকীয়া