স্বয়ম্ভূ জীৱশ্ৰেষ্ঠই টেক্টৰেৰে খুন্দিয়াই খুন্দিয়াই হত্য়া কৰিলে এটা ষাঁড়

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 10:31 PM IST

thumbnail

বৰপেটাৰোড, 10 ফেব্ৰুৱাৰী : যিমানটো পৰ্যায়লৈকে মানুহৰ দানৱীয় ৰূপ কল্পনা কৰিব পাৰি, সেই সীমা পাৰ হৈ পশুৰ ৰূপত অৱতীৰ্ণ হ’ল সৰভোগৰ এচাম মানুহ নামধাৰী ৷  অমাত জীৱৰ ওচৰত আদিম যুগীয়া চৰিত্ৰৰ পুনৰাবৃতি কৰিলে স্বয়ম্ভু জীৱশ্ৰেষ্ঠই ৷ মানুহৰ নামত কলংক সৰভোগৰ এচাম দানৱে খেদি খেদি হত্যা কৰিলে এটা ষাঁড়গৰুক ৷ কেমেৰাত বন্দী হোৱা যি দৃশ্য চাবলৈ সাহস কৰিব নোৱাৰে অকণমানো মানুহৰ গুণ থকাসকলে ৷

সভ্যতাৰ পোহৰ খেদি দৌৰিছেহে দৌৰিছে মানুহ, পিচে তাৰ মাজতো এচাম স্বয়ম্ভু জীৱশ্ৰেষ্ঠ অসভ্য হৈয়েই থাকিল ৷ যি কথা প্ৰমাণ কৰিছে সৰভোগৰ একাংশ লোকে ৷ মানুহক খেদি যায় বাবেই এটা ষাড়গৰুক এখন টেক্টৰেৰে খুন্দিয়াই খুন্দিয়াই হত্যা কৰিলে দানৱৰ জাকটোৱে ৷

আসুৰিক তৃপ্তি লৈ আন এচাম নৰপিশাচে হাঁহি হাঁহি দৃশ্যটো উপভোগ কৰি থকা দেখা গৈছে ৷ সেইসকলে মোবাইল কেমেৰাৰে বন্দী কৰা দৃশ্যটোত দেখা গৈছে যে উচ্চ অশ্বশক্তিসম্পন্ন টেক্টৰৰ খুন্দাৰ পৰা নিজকে বচাবলৈ অপ্ৰাণ চেষ্টা চলাইছে নিৰ্বোধ জীৱটোৱে ৷ কিন্তু সৰ্বশক্তিমান স্বয়ম্ভু জীৱশ্ৰেষ্ঠৰ ওচৰত হাৰি গ’ল ষাড়গৰুটো ৷ অৱশেষত যন্ত্ৰৰ আঘাতত প্ৰাণ হেৰুৱালে ষাড়গৰুটোৱে ৷

সৰভোগৰ এচাম নৰপিশাচৰ এই কাণ্ডৰ দৃশ্য দেখাৰ পিচত গো সুৰক্ষাৰ দায়িত্বত থকাসকলে কি বিচাৰ কৰে, সেয়া জানিবলৈ প্ৰতিগৰাকী ‘মানুহ’ ইছ্যুক  ৷

লগতে পঢ়ক: দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ; অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.