দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ; অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 11:59 AM IST

thumbnail

বৰপেটাৰোড, 10 ফেব্ৰুৱাৰী: বৰপেটাৰোডৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেঁকী নৈৰ সমীপত শুকুৰবাৰৰ নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত দুজনকৈ যুৱকৰ থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে ৷ নিহত যুৱকদ্বয়ৰ নাম সুবিন্দ্ৰ চৌধুৰী আৰু শ্যাম চৌধুৰী ৷ 

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যুৱকদ্বয়ে শুকুৰবাৰৰ নিশা AS15 F 7249 বাজাজ ডিচক’ভাৰ বাইকেৰে বেঁকী নৈৰ সমীপৰ পৰা নিজ ঘৰলৈ উভতি অহাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ ফলত ঘটনাস্থলীতেই যুৱক দুজনৰ মৃত্যু ঘটে ৷ 

পথ দূৰ্ঘটনাত নিহত হোৱা সুবিন্দ্ৰ চৌধুৰীৰ ঘৰ বৰপেটাৰোডৰ জ্যোতিনগৰত আৰু শ্যাম চৌধুৰীৰ ঘৰ শিমলাগুৰীত বুলি জানিব পৰা গৈছে ৷ ইপিনে তীব্ৰবেগী বাহনখনে দুৰ্ঘটনা সংঘটিত কৰাৰ পাচত ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ 

বৰ্তমান পৰ্যন্ত দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । বৰপেটাৰোড আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে ৷ পথ দুৰ্ঘটনাত দুজনকৈ যুৱকৰ অকাল মৃত্যুত চহৰখনত গভীৰ শোকৰ ছাঁ পৰিছে ৷ 

লগতে পঢ়ক: ৰঙা-নীলা লাইট সম্বলিত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰা চালক আৰক্ষীৰ জিম্মাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.