একতাৰ চানেকিৰে আজানপীৰ দৰগাহত উৰুছ পালন

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 7:37 PM IST

thumbnail

শিৱসাগৰ, 4 ফেব্ৰুৱাৰী: শিৱসাগৰৰ দিখৌমুখৰ আজানপীৰ দৰগাহত ৩ আৰু ৪ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক সমূহীয়া দোৱা আৰু জিয়াৰৎ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠান উপলক্ষে দুয়োটা দিনতে আজানপীৰ দৰগাহ লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হয় ৷

মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী লেকসকলেও আজানপীৰ দৰগাহত ধূপ আৰু মমবাতি জ্বলাই দোৱা কৰা দৃশ্য দেখিবলৈ পোৱা যায় ৷ আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই জিয়াৰৎ উপলক্ষে প্ৰথম দিনা জিকিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ দ্বিতীয় দিনা অনুষ্ঠিত হোৱা মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপকড সত্যকাম বৰঠাকুৰ মুখ্য বক্তাৰূপে উপস্থিত থাকে ৷

জিয়াৰৎ উপলক্ষে এনামউদ্দিন আহমেদ আৰু খলিলুৰ ৰহমান হাজৰিকাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ স'ৰাগুৰিৰ আজান উন্মোচন কৰে গড়গাঁও কলেজৰ অধ্যক্ষ ড৹ সব্যসাচী মহন্তই ৷ মুকলি সভাত জিকিৰ গৱেষক চৈয়দ হকিকুৰ ৰহমান, জিকিৰ শিল্পী হাফিজা বেগম, বিশিষ্ট লেখক নবীন বৰগোহাঁইৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: ৰংঘৰৰ ৰং চৰাবলৈ ভূমিপূজন; মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিল অখিল গগৈও

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.