ৰংঘৰৰ ৰং চৰাবলৈ ভূমিপূজন; মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিল অখিল গগৈও
Rang Ghara Beautification: কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত 118 কোটি টকাৰে কৰা হ’ব ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকে ৷

Published : February 1, 2024 at 5:43 PM IST
শিৱসাগৰ, 1 জানুৱাৰী: নিজৰ ওপজা দিনটোত ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰে শিৱসাগৰত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ঐতিহাসিক ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা ১১৮ কোটি টকাৰ প্ৰকল্পৰ ‘বান ফি’ আৰু ভূমিপূজন অনুষ্ঠানত বৃহস্পতিবাৰে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ শৰ্মা ।
হেলিকপ্তাৰেৰে গুৱাহাটীৰ পৰা আহি ৰংঘৰ চৌহদত আয়োজিত জনবহুল ৰাজহুৱা সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰংপুৰৰ লগতে ৰংঘৰৰ পৰিক্ৰমা দাঙি ধৰি অসম, অসমীয়াৰ ইতিহাসত ৰংঘৰৰ গৌৰৱ সন্দৰ্ভত বক্তব্য ৰাখে ৷ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ইতিমধ্যে ৮৩ বিঘা মাটি অধিগ্ৰহণ কৰাৰ লগতে ১১৮ কোটি টকা আৱণ্টন কৰা হৈছে ।
উক্ত মাটি অধিগ্ৰহণত চৰকাৰে ইতিমধ্যে ব্যয় কৰিছে ৩১ কোটি টকা । ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া এই প্ৰকল্পত আৰ্টিজেন ভিলেজ নিৰ্মাণ কৰাৰ লগতে অতিথিশালা, ফুড ক’ৰ্ট, ক্লক টাৱাৰ, অডি'অ-ভিডিঅ ডিচপ্লে’ আদিকে কৰি বহু অত্যাধুনিক বিষয়বস্তু অন্তৰ্ভুক্ত হ'ব । ৰংঘৰৰ এই সৌন্দৰ্যবৰ্ধনে শিৱসাগৰক এক নতুন ৰূপ প্ৰদান কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
আজিৰ বান ফি তথা ভূমি পূজন অনুষ্ঠানত শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈ, বিধায়ক অখিল গগৈ, সুশান্ত বৰগোহাঁই, তৰংগ গগৈ, ধৰ্মেশ্বৰ কোঁৱৰ আদিকে কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।
উল্লেখযোগ্য যে অতি শীঘ্ৰেই শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত স্থাপন হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি জানিবলৈ দিয়ে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰৰ পৰিবহন, ৰাস্তা-ঘাট সন্দৰ্ভতো ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে ৷

